বিদ্ৰোহৰ মাজতে দিছপুৰত বৈঠকত বহিল অগপ নেতৃত্বঃ বিজেপিৰ সৈতে মিত্ৰতা প্ৰসঙ্গত অতুল বৰাই ক’লে..
শেহতীয়াকৈ অগপৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে তৃণমূল কৰ্মীৰ সংঘাতৰ পোহৰলৈ অহা ছবিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল। একেদৰে মিত্ৰদল বিজেপিৰ প্ৰতি তৃণমূল কৰ্মীৰ ক্ষোভেও গুৰুত্বপূৰ্ণ ইঙ্গিত বহন কৰিছে। তাৰ মাজতে দলৰ সভাপতি অতুল বৰাই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। পিছে বিজেপিৰ সৈতে মিত্ৰতা সন্দৰ্ভত কি ক’লে অতুল বৰাই!

২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বতাহে ইতিমধ্যেই স্পৰ্শ কৰিছে ৰাজ্যক। নিৰ্বাচনী ৰণনীতি প্ৰস্তুতত নামি পৰিছে সকলো শাসক-বিৰোধী দল। তাৰ মাজতে গা কৰি উঠিছে টিকট কেন্দ্ৰিক চৰ্চা তথা সংঘাতে। একেদৰে প্ৰকাশিত হৈছে দলসমূহৰ আভ্যন্তৰীণ কিছু ছবি। শেহতীয়াকৈ পোহৰলৈ আহিছিল ৰাজ্যৰ শাসকীয় মিত্ৰজোঁটৰ অংশীদাৰী দল অগপৰ আভ্যন্তৰীণ বিদ্ৰোহৰ ছবি। দলটোৰ কেন্দ্ৰীয় নেতৃত্বৰ সৈতে তৃণমূল কৰ্মীৰ সংঘাতৰ পোহৰলৈ অহা ছবিয়ে ব্যাপক চৰ্চা লাভ কৰিছিল। একেদৰে মিত্ৰদল বিজেপিৰ প্ৰতি তৃণমূল কৰ্মীৰ ক্ষোভেও গুৰুত্বপূৰ্ণ ইঙ্গিত বহন কৰিছে।
দলীয় বিদ্ৰোহৰ এনে পৰিস্থিতিৰ মাজতে আজি দিছপুৰত অনুষ্ঠিত হয় অগপৰ এখন গুৰুত্বপূৰ্ণ দলীয় বৈঠকত। এই বৈঠকত দলৰ কেন্দ্ৰীয় সভাপতি অতুল বৰাৰ লগতে কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ফণীভূষণ চৌধুৰী, বীৰেন্দ্ৰপ্ৰসাদ বৈশ্যসহ দলীয় নেতৃত্ব উপস্থিত থাকে। প্ৰধানতঃ আভ্যন্তৰীণ বিদ্ৰোহ দমনৰ বাবেই দলটোৰ এই বৈঠকৰ আয়োজন কৰা কৰা বুলিব পাৰি। পোহৰলৈ অহা তথ্য অনুসৰি অগপৰ এই বৈঠকলৈ দলটোৰ সকলো বিদ্ৰোহী নেতাক মাতি অনা হয়।
শেহতীয়াকৈ দক্ষিণ কামৰূপৰ ছয়গাঁৱত অনুষ্ঠিত অগপৰ এক সভাত দলীয় বিদ্ৰোহ স্পষ্ট হৈ পৰিছিল। কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি তৃণমূল কৰ্মীৰ ক্ষোভ প্ৰকাশৰ পিছতে বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছিল সভাকক্ষত। আজি দিছপুৰত অনুষ্ঠিত হোৱা বৈঠকত ছয়গাঁৱৰ এই ঘটনা সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰা হয়। দলটোৰ সভাপতি অতুল বৰাই বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়া মতে ছয়গাঁৱত সংঘটিত এই ঘটনাৰ বাবে এখন ৪ জনীয়া কমিটি গঠন কৰা হৈছে।
এসপ্তাহৰ ভিতৰত এই কমিটিয়ে প্ৰতিবেদন দাখিল কৰিব আৰু প্ৰতিবেদনৰ ভিত্তিত উপযুক্ত ব্যৱস্থা লোৱা হ’ব বুলি অতুল বৰাই উল্লেখ কৰে। ইফালে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ দলটোৰ প্ৰস্তুতি সন্দৰ্ভতো তেওঁ গুৰুত্বপূৰ্ণ ইঙ্গিত দিয়ে। অতুল বৰাই সদৰী কৰা মতে, নিৰ্বাচনৰ ৰোড মেপ প্রস্তুত কৰিবলৈ এখন কমিটি গঠন কৰা হৈছিল। উক্ত কমিটিখনৰ প্ৰতিবেদন সন্দৰ্ভতো আজিৰ এই বৈঠকত আলোচনা কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।
নিৰ্বাচনৰ পূৰ্বে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈও বৈঠকত সিদ্ধান্ত লোৱা হয় বুলি অতুল বৰাই সদৰী কৰে আৰু সেই উদ্দেশে ৰাজ্যৰ ভিন্ন ১০ টা স্থানত দলীয় সভা অনুষ্ঠিত কৰা হ’ব বুলি উল্লেখ কৰে। অৱশ্যে দলৰ ভিতৰচৰাত কোনো বিদ্ৰোহ তথা বিসম্বাদ নাই বুলিও মন্তব্য কৰে অতুল বৰাই। তেওঁৰ ভাষ্য মতে, দলত মতানৈক্য থাকিবই। কিন্তু দলত বিসম্বাদ আৰু বিদ্ৰোহৰ কোনো স্থান নাই।
ইফালে আগন্তুক নিৰ্বাচনত বিজেপিৰ সৈতে পুনৰ মিত্ৰতাৰ প্ৰসঙ্গতো তেওঁ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মিত্ৰতাত থাকিলে এৰা-ধৰা নীতিৰে চলিব লাগিব বুলি উল্লেখ কৰি তেওঁ লগতে আসনৰ সংখ্যা কিদৰে বৃদ্ধি কৰিব পাৰি, সেই সন্দৰ্ভত চিন্তা-চৰ্চা চলোৱা হ’ব বুলি মন্তব্য কৰে। মিত্ৰতাৰ প্ৰসঙ্গত শেহতীয়া বিতৰ্কক লৈ বিজেপিৰ সৈতে আলোচনা কৰা হ’ব বুলিও অগপৰ সভাপতিগৰাকীয়ে লগতে কয়।