শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

আলফা (স্বা)ৰ বিবৃতিৰ পাছতে তৎপৰ আৰক্ষী! শিৱসাগৰ, লখিমপুৰত উদ্ধাৰ কৰা হৈছে বোমা

শিৱসাগৰৰ লখিমীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত বোমা উদ্ধাৰ । আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে । সেইদৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমুখতো লাভ কৰিছে বোমা । আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ হৈছে বোমা।

আলফা (স্বা)ৰ বিবৃতিৰ পাছতে তৎপৰ আৰক্ষী! শিৱসাগৰ, লখিমপুৰত উদ্ধাৰ কৰা হৈছে বোমা
শিৱসাগৰ, লখিমপুৰত বোমা উদ্ধাৰ
trishna-kalita
Trishna Kalita | Updated On: 15 Aug 2024 15:53 PM

৭৮ সংখ্যক স্বাধীনতা দিৱস উদযাপনৰ মাজতে আলফা (স্বা)ৰ বিবৃতিক লৈ অসমৰ বিভিন্ন প্ৰান্তত হাহাকাৰ । আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বোমা সংস্থাপনৰ বিবৃতিৰ পাছতে তৎপৰ হৈ পৰিছে অসম আৰক্ষীৰ ।বিবৃতি অনুসৰি অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ২৫টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা (স্বা)ৰ। কাৰিকৰী বিজুতিৰ বাবে বোমা নুফুটাৰ কথা সদৰী বিবৃতিত । ৰাইজৰ সুৰক্ষাৰ বাবে বোমা নিষ্ক্ৰিয়কৰণৰ আহ্বান আলফা স্বাধীনৰ ।

ইয়াৰ পাছতে ৰাজ্যজুৰি বিবৃতিত উল্লেখ থকা ঠাইসমূহত অভিযান চলাইছে আৰক্ষীয়ে। গুৱাহাটীৰ ৮টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা (স্বাঃ)ৰ । শৰণীয়াৰ গান্ধী মণ্ডপলৈ যোৱা ট্ৰেন্সফৰ্মাৰৰ বাকচত বোমা স্থাপনৰ দাবী। গান্ধী মণ্ডপৰ সেই স্থানত তৎপৰ আৰক্ষীৰ দল। গুৱাহাটী মহানগীৰৰ সাতগাওঁ অঞ্চলত বোমা বিচাৰি সাতগাওঁ আৰক্ষীৰ যুদ্ধকালীন তৎপৰতা। এনে পৰিস্থিতিত নাৰেংগী-সাতগাঁও সংযোগী পথটোও প্ৰশাসনে বন্ধ কৰি দিছে । মহানগৰীৰ ‘হাই চিকিউৰিটী জ’ন’ দিছপুৰ লাষ্টগেটত বোমাতংক! আলফা (স্বাঃ)ৰ বিবৃতিত উল্লেখ থকা নিৰ্দিষ্ট স্থানত আৰক্ষীৰ অভিযান অব্যাহত। ইয়াৰ মাজতে পাণবজাৰত উদ্ধাৰ বোমা সৃদশ সামগ্ৰী। ঘোঁৰামৰাতো আৰক্ষীৰ অভিযান অব্যাহত। গান্ধী মণ্ডপতো উদ্ধাৰ হৈছে বোমা সদৃশ সামগ্ৰী।

ইফালে শিৱসাগৰৰ বাইপাছস্থিত পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমীপত আৰু অ’এনজিচি ক’লনীৰ সমীপৰ লখিমীনগৰত বোমা সংস্থাপন কৰাৰ দাবী আলফা (স্বা)ৰ । ইতিমধ্যে শিৱসাগৰৰ লখিমীনগৰৰ সমীপৰ এখন পৰিত্যক্ত ১০৮ এম্বুলেন্সত বোমা উদ্ধাৰ । আৰক্ষীৰ মেটেল ডিটেক্টৰৰ দ্বাৰা বোমা থকাৰ কথা নিশ্চিত কৰা হৈছে । সেইদৰে পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ সমুখতো লাভ কৰিছে বোমা ।আৰক্ষীয়ে নিষ্ক্ৰিয়কৰণৰ বাবে গ্ৰহণ কৰিছে ব্যৱস্থা ৷ লখিমপুৰৰ দুটা স্থানত উদ্ধাৰ হৈছে বোমা। লালুকত উদ্ধাৰ হোৱা সন্দেহজনক সামগ্ৰী বোমা বুলি নিশ্চিত আৰক্ষী। হাতীলুং বান্তৌৰ এখন পৰিত্যক্ত গাড়ীতো উদ্ধাৰ বোমা।

নগাঁও মেডিকেল কলেজলৈ যোৱা পথৰ আদিত্য হাস্পতালৰ সমীপত এটা বোমা সংস্থাপন কৰাৰ লগতে বৰঘাট বাইপাছৰ সমীপত আন এটা বোমা সংস্থাপন কৰা বুলি আলফা স্বাধীনৰ বিবৃতিত উল্লেখ ৷ ইতিমধ্যেই দুয়োটা স্থানতেই বোমা বিচাৰি অভিযান আৰম্ভ কৰিছে নগাঁও আৰক্ষীয়ে ৷ নগাঁৱৰ আদিত্য হাস্পতালৰ সমীপত অভিযান অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই বোমা ৷ বৰঘাট বাইপাছৰ সমীপত পলিথিনেৰে মেৰিয়াই থোৱা এটা টোপোলা উদ্ধাৰ কৰিছে আৰক্ষীয়ে, অৱশ্যে টোপোলাটোত বোমা নে আন কিবা আছে সেয়া এই পৰ্যন্ত নিশ্চিত হোৱা নাই ৷ আলফা (স্বাঃ)ৰ বিবৃতিত উল্লেখ থকা ডিব্ৰুগড়ত নিৰ্দিষ্ট স্থানত আৰক্ষীৰ তৎপৰতা বৃদ্ধি। বন্ধ কৰা হৈছে দোকান-পোহাৰ, স্থানীয় লোকক সতৰ্কতা জাৰি। বোমা সংস্থাপক লৈ নলবাৰীতো অনুৰূপ পৰিৱেশ। নলবাৰীৰ বোমা সংস্থাপন কৰা বুলি দাবী কৰা স্থানত উপস্থিত হৈছে  আৰক্ষী-বোমা বিশেষজ্ঞৰ দল।