প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক হেণ্ডকাফ লগোৱাক লৈ উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদৰ পিছত প্ৰশাসনে বন্ধ কৰিলে বি এন সিং পেট্ৰ’ল ডিপো
আজি বি এন সিং পেট্ৰ’ল পাম্প বাতিলৰ দাবীত বীৰ লাচিত সেনাই কৰে প্ৰতিবাদ। শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদৰো দিয়ে হুংকাৰ। তীব্ৰ প্ৰতিবাদৰ পিছতেই ডিব্ৰুগড় জিলাৰ উপ-আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে তেল ডিপোটো।

তৈল নগৰী দুলীয়াজানৰ এটা তেল ডিপোৰ দখল সংক্ৰান্তীয় এক সংঘাতৰ পিছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক। সোমবাৰে পুৱা ডিব্ৰুগড় আৰক্ষীয়ে দুৰ্ধৰ্ষ অপৰাধীৰ দৰে হাতত হেণ্ডকাফ্ লগাই লৈ গৈছিল শংকৰক। ইয়াৰ পিছতে দুলীয়াজানত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।
আজি বি এন সিং পেট্ৰ’ল পাম্প বাতিলৰ দাবীত বীৰ লাচিত সেনাই কৰে প্ৰতিবাদ। শংকৰজ্যোতি বৰুৱাক মুক্তি নিদিলে ৰাজ্যজুৰি প্ৰতিবাদৰো দিয়ে হুংকাৰ। লাচিত সেনাৰ তীব্ৰ প্ৰতিবাদৰ পিছতেই ডিব্ৰুগড় জিলাৰ উপ আৰক্ষী অধীক্ষক নিৰ্মল ঘোষৰ উপস্থিতিত অনিৰ্দিষ্ট কাললৈ বন্ধ কৰি দিয়ে তেল ডিপোটো। ডিপোটো লিজত লোৱা কিৰণ শ্বাহী আৰু মিণ্টু শইকীয়া নামৰ ব্যক্তি কেইগৰাকী স্থানীয় বিধায়ক তেৰছ গোৱালাৰ ঘনিষ্ঠ হোৱাৰ বাবেই শংকৰজ্যোতি বৰুৱা আৰক্ষীৰ ৰোষত পৰাৰ অভিযোগ লাচিত সেনাৰ। ঘটনাস্থলীত বৃহৎ সংখ্যক আৰক্ষী আৰু নিৰাপত্তাৰক্ষী মোতায়ন কৰে।
ইয়াৰোপৰি বীৰ লাচিত সেনাই কয় যে, এনেকুৱা বনি গোষ্ঠীৰ দাদাগিৰি ইয়াত নচলিব। আমি বাৰে বাৰে এই কথা সকিয়াই আছোঁ। বহিৰাগতক সুৰক্ষা দিবলৈ খিলঞ্জীয়া যুৱকক গ্ৰেপ্তাৰ কাৰ্যক গৰিহণা দিছোঁ।
বিতৰ্ক আৰু প্ৰতিবাদৰ অন্তত অৱশেষত প্ৰশাসনে বন্ধ কৰি দিলে দুলীয়াজানৰ বি এন সিং পেট্ৰ’ল ডিপো। ঘটনা সন্দৰ্ভত ন্যায়িক তদন্ত ঘোষণা প্ৰশাসনৰ। তদন্ত সম্পূৰ্ণ নোহোৱালৈ বন্ধ ৰাখিব লাগিব তেল ডিপোটো। এই ডিপোটোত হোৱা অপ্ৰিতীকৰ ঘটনাৰ ফলত অপৰাধীৰ দৰে হেণ্ডকাপ লগাইছিল আছুৰ প্ৰাক্তন নেতা শংকৰজ্যোতি বৰুৱাক।
উল্লেখ্য যে, আজি অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখতটো সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ । অসম জাতীয়তাবাদী যুৱ-পৰিষদৰ ডিব্ৰুগড়-তিনিচুকীয়া আৰু চৰাইদেউ জিলা সমিতিয়ে সাব্যস্ত কৰিছে প্ৰতিবাদ।অইল ইণ্ডিয়া লিমিটেডে প্ৰদান কৰি ৰখা বি. এন সিং মালিকানাধীন পেট্ৰল ডিপোটোৰ লীজ বাতিলৰ দাবীত অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ সন্মুখত এই প্ৰতিবাদ যুৱ ছাত্ৰ পৰিষদৰ । এই প্ৰতিবাদী কাৰ্যসূচীৰ ফলত অচল হৈ পৰিছে অইলৰ মুখ্য প্ৰশাসনিক কাৰ্যালয়ৰ কাম-কাজ । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৃহৎ সংখ্যক আৰক্ষী আৰু অইলৰ নিৰাপত্তাৰক্ষী উপস্থিত হয় ।