ADRE paper leak: কোনে, কেনেকৈ ভাইৰেল কৰিছিল প্ৰশ্নকাকত? আঁৰৰ কাহিনী পোহৰলৈ, গ্ৰেপ্তাৰ ৩ জন…
ADRE paper leak:দেওবাৰে অনুষ্ঠিত হোৱা তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পাছতেই সমগ্ৰ ৰাজ্যত চাঞ্চল্য অব্যাহত আছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ৩ জনলোকক গ্ৰেপ্তাৰ কৰিছে। ইয়াৰ ভিতৰত এগৰাকী পৰীক্ষাৰ্থীও আছে।
ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাক লৈ সমগ্ৰ ৰাজ্যত চাঞ্চল্য অব্যাহত আছে। এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ফটোগ্ৰাফাৰ মংগল সিং বসুমতাৰী, কেন্দ্ৰৰ নিৰীক্ষক মনোহৰ নাৰ্জাৰী আৰু পৰীক্ষাৰ্থী দ্বিজেন বড়োক। জানিব পৰা মতে দ্বিজেন বড়ো মংগল সিঙৰ আত্মীয়। মংগল সিঙে প্ৰশ্নকাকতৰ ফটো তুলি প্ৰেৰণ কৰিছিল দ্বিজেন বড়োলৈ আৰু পৰৱৰ্তী সময়ত দ্বিজেন বড়োই এই ফটো ভাইৰেল কৰিছিল। ধেমাজিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰৰ পৰা এই প্ৰশ্নকাকত ভাইৰেল হৈছিল।
দেওবাৰে অনুষ্ঠিত হোৱা পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেলৰ ঘটনাৰ সৈতে জড়িতৰ সন্দেহত আৰক্ষীয়ে ধেমাজিৰ পৰা সোমবাৰে নিশা ৩ জনলোকক আটক কৰিছিল। সমগ্ৰ ৰাজ্যত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতেই কালি নিশা ৯ বজা পৰ্যন্ত জিলা আয়ুক্ত অংকুৰ ভৰালী,আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়ে ২ নং মোহনপুৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক মংগল সিং বসুমতাৰীৰ লগতে পৰীক্ষা কেন্দ্ৰৰ ভিডিঅ’ গ্ৰাফীৰ দায়িত্বত থকা দুজনক আটক কৰিছিল। এই ৩ জনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ লগতে বাকী কেইজনক সোধা-পোছাৰ অন্তত ঘৰলৈ যাব দিয়ে। অভিযোগ অনুসৰি পৰীক্ষা শেষ হোৱাৰ পাছত তেওঁলোকে প্ৰশ্নকাকত ভাইৰেল কৰিছিল।
প্ৰশ্নকাকত ভাইৰেল হোৱা সন্দৰ্ভত সোমবাৰে স্পষ্টীকৰণ দি অসম আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে কৈছিল যে ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰশ্নকাকতখন ১৫ ছেপ্টেম্বৰৰ দুপৰীয়া ২.১৭ বজাত স্কেন কৰা হৈছিল আৰু পৰৱৰ্তী সময়ত অভিযুক্তই তেওঁৰ আত্মীয়ক প্ৰেৰণ কৰিছিল। আৰক্ষীয়ে এই কাৰ্যৰ ষড়যন্ত্ৰৰ আঁৰত থকা লোকক চিনাক্ত কৰাৰ চেষ্টা কৰি আছে বুলি জিপি সিঙে জানিবলৈ দিয়ে।
আন এটা পোষ্টত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে জনাইছিল যে, মংগল সিং বসুমতাৰী নামৰ এজনক ছেবাই নিয়োগ কৰিছিল। পৰীক্ষা কেন্দ্ৰত ১.৩০ বজাত পৰীক্ষা শেষ হোৱাৰ পাছত তেওঁ ফটো তুলিছিল। ইতিমধ্যে তেওঁ ফটো লোৱা কথা স্বীকাৰ কৰিছে। অধিক তদন্তৰ বাবে তদন্ত অব্যাহত আছে। এই গৰাকী মংগল সিঙকে আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈছিল ADRE ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। এই পৰীক্ষাৰ প্ৰশ্নকাকত পৰীক্ষাৰ্থীক ঘৰলৈ আনিব দিয়া হোৱা নাছিল যদিও পৰীক্ষাৰ পাছত ভাইৰেল হৈ পৰিছিল প্ৰশ্নকাকত। তদন্তত পোহৰলৈ আহে যে ধেমাজিৰ উপেন্দ্ৰ নেশ্যনেল একাডেমী কেন্দ্ৰৰ পৰা এই প্ৰশ্নকাকত ভাইৰেল হৈছিল। ছেবাই নিয়োগ কৰা মংগল সিং বসুমতাৰীয়ে এই কাণ্ড সংঘটিত কৰিছিল।
মন কৰিবলগীয়া যে, এইবাৰ কঠোৰ নিৰাবত্তা বেষ্টনীৰ মাজত অনুষ্ঠিত হৈছিল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। পৰীক্ষাৰ দিনা পুৱা ১০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ ৰাজ্যত ইন্টাৰনেট সেৱা কৰ্তন কৰি ৰখা হৈছিল। কিন্তু তাৰ পাছতো পৰীক্ষাৰ প্ৰশ্নকাকত ভাইৰেল হোৱাক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। বৰ্তমান এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত চলাই আছে। পৰৱৰ্তী সময়ত আৰু অধিকলোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱণা আছে।