কাইলৈ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাঃ সমগ্ৰ অসমত কৰ্তন হ’ব ইণ্টাৰনেট সেৱা
কাইলৈ অনুষ্ঠিত হ’বলগীয়া হ’ব অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ ৰাজ্যত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। অসম চৰকাৰৰ গৃ্হ আৰু ৰাজনৈতিক বিভাগে এক জাননী যোগে এই বিষয়ে সদৰী কৰিছে।
 
                                কাইলৈ অনুষ্ঠিত হ’ব অসম চৰকাৰৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা। এই নিযুক্তি পৰ্যায়ৰ বাবে প্ৰশাসনে ইতিমধ্যে কেইবাটাও নিয়ম বান্ধি দিছে। পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত ইণ্টাৰনেট কৰ্তন কৰা হ’ব পাৰে বুলি চৰ্চা চলিছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে এই সন্দৰ্ভত মুখ্য সচিবে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছিল। মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ পিছতে গৃ্হ আৰু ৰাজনৈতিক বিভাগৰ দ্বাৰা এক জাননী জাৰি কৰি কাইলৈ ইণ্টাৰনেট কৰ্তন কৰা হ’ব বুলি সদৰী কৰিছে।
এই জাননী মতে, কাইলৈ দিনৰ ১০ বজাৰ পৰা ১.৩০ বজালৈ সমগ্ৰ ৰাজ্যতে ইণ্টাৰনেট সেৱা কৰ্তন কৰা হ’ব। অৱশ্যে এই সময়ছোৱাত ভইচ কল আৰু ফিক্সড টেলিফোন লাইনৰ ওপৰত ভিত্তি কৰি ব্ৰডবেণ্ড সংযোগ কাৰ্যক্ষম হৈ থাকিব পাৰে বুলি উল্লেখ কৰা হৈছে জাননীখনত। এই ঘোষণা উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতা, ২০২৩ৰ ধাৰা ২২৩ৰ অধীনত আৰু লগতে ভাৰতীয় টেলিগ্ৰাফ আইন, ১৯৮৫ৰ প্ৰাসংগিক বিধানৰ অধীনত শাস্তি প্ৰদান কৰা হ’ব বুলিও উল্লেখ কৰা হৈছে।
উল্লেখ্য যে কাইলৈ পুৱা ১০.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা অনুষ্ঠিত হ’ব। এই পৰীক্ষাত অৱতীৰ্ণ হ’ব মুঠ ১১,২৩,২০৪ গৰাকী পৰীক্ষাৰ্থী। ৰাজ্যৰ ২৮ খন জিলাত মুঠ ২৩০৫ টা পৰীক্ষা কেন্দ্ৰত এই পৰীক্ষা অনুষ্ঠিত হ’ব। লক্ষণীয়ভাৱে ইয়াৰে ৪৩৯ টা পৰীক্ষা কেন্দ্ৰক স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। পৰীক্ষা পৰিচালনাৰ বাবে প্ৰায় ৭০ হাজাৰ নিৰীক্ষকক নিয়োগ কৰা হৈছে।
এই নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বন কৰিলে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি প্ৰশাসনে জানিবলৈ দিছে। অসৎ উপায় অৱলম্বন কৰা পৰীক্ষাৰ্থীসকলে ৩ বছৰৰ পৰা ১০ বছৰৰ কাৰাদণ্ড লগতে ১ লাখৰ পৰা ১০ কোটি টকালৈকে জৰিমনা ভৰিবলগীয়া হ’ব পাৰে। এনে অসৎ পন্থা গ্ৰহণ কৰা কোনো পৰীক্ষাৰ্থী ধৰা পৰিলে দুবছৰলৈ কোনো পৰীক্ষাত অৱতীৰ্ণ হ’ব নোৱাৰিব বুলিও উল্লেখ কৰা হৈছে।
সমান্তৰালকৈ পৰীক্ষা কেন্দ্ৰৰ বাহিৰত ১০০ মিটাৰলৈ ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩ ধাৰা জাৰি কৰা হ’ব। পৰীক্ষা যাতে নিকাকৈ অনুষ্ঠিত হয়, তাৰ প্ৰতি লক্ষ্য ৰাখি পৰীক্ষা কেন্দ্ৰসমূহত CCTV স্থাপন কৰা হৈছে। আনহাতে যিসমূহ কেন্দ্ৰত CCTVৰ ব্যৱস্থা নাই, সেইসমূহ কেন্দ্ৰত Videography কৰা হ’ব বুলি জানিবলৈ দিয়া হৈছে। পৰীক্ষাত অৱতীৰ্ণ হ’বলগীয়া প্ৰাৰ্থীসকলে ২ ঘণ্টাৰ পূৰ্বেই পৰীক্ষা কেন্দ্ৰত উপস্থিত হ’ব লাগিব।
 
                         
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
                    
                       
                      					  
					  
                 
 
		 
 
		 
 
		 
 
		 
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
 
                                     
	  
		
         
                       
                       
                      