ADRE পৰীক্ষা সুচাৰুভাৱে অনুষ্ঠিত কৰিবলৈ সাজু ৰাজ্য চৰকাৰ! কি কি নিয়ম মানিব লাগিব প্ৰাৰ্থীসকলে?
পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰী পৰীক্ষা। দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব চালকৰ পৰীক্ষা। সুচাৰুভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ৰাজ্য চৰকাৰ। তৃতীয় বৰ্গৰ মুঠ ৪৪৭৩টা পদৰ বাবে হ’ব লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ পদৰ সংখ্যা ৪,০৫৫টা। তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালক পদৰ সংখ্যা ৪১৮টা।

কাইলৈ ৰাজ্য চৰকাৰৰ তৃতীয় বৰ্গৰ দ্বিতীয় পৰ্যায়ৰ নিযুক্তি পৰীক্ষা। পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰী পৰীক্ষা। দুপৰীয়া ১.৩০ বজাৰ পৰা অনুষ্ঠিত হ’ব চালকৰ পৰীক্ষা। সুচাৰুভাৱে পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সাজু ৰাজ্য চৰকাৰ। তৃতীয় বৰ্গৰ মুঠ ৪৪৭৩টা পদৰ বাবে হ’ব লিখিত পৰীক্ষা। তৃতীয় বৰ্গৰ স্নাতক উত্তীৰ্ণ প্ৰাৰ্থীৰ পদৰ সংখ্যা ৪,০৫৫টা। তৃতীয় বৰ্গৰ মেট্ৰিক উত্তীৰ্ণ চালক পদৰ সংখ্যা ৪১৮টা। নিযুক্তি পৰীক্ষা সন্দৰ্ভত নতুনকৈ SOP প্ৰকাশ নিযুক্তি আয়োগৰ।
১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাত তালাচীক লৈ একাংশ পৰীক্ষাৰ্থীয়ে গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰাৰ পিছত পৰৱৰ্তী পৰীক্ষাৰ বাবে কেতবোৰ নীতি-নিৰ্দেশনা বান্ধি দিয়ে চৰকাৰে।উল্লেখযোগ্য যে ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হোৱা পৰীক্ষাৰ পূৰ্বে তালাচীৰ নামত একাংশ পৰীক্ষাৰ্থীক হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। ছ’চিয়েল মিডিয়াতো একাংশই মুকলিকৈ এই কাণ্ডক লৈ ক্ষোভ প্ৰকাশ কৰিছিল। ইয়াৰ পাছতে অহা দেওবাৰে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ বাবে চৰকাৰে জাৰি কৰিলে নীতি-নিৰ্দেশনা।
তালাচীৰ ক্ষেত্ৰত কি কি নিৰ্দেশনা?
- পুৰুষ আৰু মহিলা পৰীক্ষাৰ্থীৰ বাবে পৃথক হ’ব তালাচীৰ স্থান।
- মহিলা পৰীক্ষাৰ্থীৰ সন্মান আৰু গোপনীয়তা ৰক্ষাৰ বাবে আঁৰ কৰি ৰাখিব লাগিব তালাচীৰ স্থান।
- প্ৰৱেশ পথতে পৰীক্ষা কেন্দ্ৰলৈ কি কি নিব পাৰিব বা নোৱাৰিব তাৰ স্পষ্ট নিৰ্দেশনা থাকিব লাগিব।
- তালাচীৰ সময়ত আৰক্ষীয়ে পৰীক্ষাৰ্থীক সুন্দৰভাৱে বুজাব লাগিব যে অসৎ উপায় ৰোধ কৰাৰ বাবে তালাচী নিৰাপত্তাৰ এক অংশ।
- পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ পকেট খালী কৰি সকলো সামগ্ৰী নিৰ্ধাৰিত স্থানত পৰিদৰ্শনৰ বাবে দিব লাগিব।
- মহিলা প্ৰাৰ্থীৰ তালাচী অংগনৱাড়ী কৰ্মী বা অংগনৱাড়ী সহায়িকা বা আশা কৰ্মীৰ উপস্থিতিত মহিলা কনিষ্টবলে কৰিব।
- প্ৰতিজন পৰীক্ষাৰ্থীক মেটেল ডিটেক্টৰৰ সহায়ত পৰীক্ষা কৰা হ’ব।
- তালাচীৰ সময়ত তেওঁলোকক হাত ডাঙিবলৈ কোৱা হ’ব।
- প্ৰটকল অনুসৰি, কঁকাল, গোৰোহা, পকেট আদিৰ তালাচীৰ বাবে হাউলিব লাগিব পৰীক্ষাৰ্থীয়ে।
- কাপোৰ, জোতা আদিত যাতে নিষিদ্ধ কোনো সামগ্ৰী নিব নোৱাৰে সেয়া নিশ্চিত কৰা হ’ব।
- পৰীক্ষাৰ্থীক কেৱল SEBA, টেষ্টিং এজেন্সী আৰু SLRCয়ে অনুমতি দিয়া সামগ্ৰীহে নিবলৈ অনুমতি দিয়া হ’ব।
- তালাচীৰ সময়ত সন্দেহ ওপজিলে পৰীক্ষাৰ্থীক টুপি, জোতা-চেণ্ডেল, গহণা আদি খুলিবলৈ নিৰ্দেশ দিব পাৰে।
- অনুমতি নথকা সামগ্ৰী পালে সেয়া শীঘ্ৰে জব্দ কৰা হ’ব।
- কোনো ইলেকট্ৰনিক ডিভাইচ বা অসৎ উপায় অৱলম্বন কৰা সামগ্ৰী লাভ কৰিলে পৰীক্ষাৰ প্ৰট’কল অনুসৰি ব্যৱস্থা গ্ৰহণ কৰা হ’ব।
লগত কি নিব পাৰিব?
- পৰীক্ষাৰ শেষত পৰীক্ষাৰ্থীক প্রশ্নকাকত লৈ যাবলৈ দিয়া হ’ব।
- পৰীক্ষাৰ সময় শেষ হোৱাৰ পিছত অতিৰিক্ত ৫ মিনিট ৰ’ব লাগিব।
- ছেবাৰ ৱেবছাইটৰ পৰা ডাউনলোড কৰা এডমিট লৈ যাব লাগিব।
- আধাৰ/PAN/ভোটাৰ কার্ড/ ড্রাইভিং লাইচেল বা সঠিক পৰিচয় পত্র নিব লাগিব।
- বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে PwBD প্রমাণপত্র নিব পাৰিব।
- লেবেল নথকা পানীৰ বটল লৈ যাব পাৰিব।
- দ্রুত তালাচী সম্পন্ন হোৱাৰ বাবে জোতাৰ সলনি চেণ্ডেল পৰিধানৰ আহ্বান।
- পৰীক্ষাৰ পূৰ্বে OMR শ্বীটত নাম, ৰোল নম্বৰ পৰীক্ষা কৰিবলৈ আহ্বান।
- পৰীক্ষাৰ কমেও ডেৰ ঘণ্টা পূৰ্বে পৰীক্ষা কেন্দ্ৰত উপস্থিত হোৱাৰ আহ্বান।
- গেট ক্লজিঙৰ সময়ৰ পিছত পৰীক্ষাৰ্থীয়ে প্ৰৱেশ কৰিবলৈ অনুমতি নাপাব।