বিশিষ্ট চিন্তাবিদ অৱনী বৰঠাকুৰৰ মৃত্যুক শোক প্ৰকাশ লুৰিণজ্যোতি গগৈৰ লগতে বিভিন্নজনৰ
সেই সময়ত তেওঁ কটন কলেজত অধ্যয়ন কৰি আছিল। তেওঁ ড০ দেৱ প্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদি সহপাঠীৰ সৈতে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিছিল।
বিশিষ্ট শিক্ষাবিদ, সমাজ বিজ্ঞানী, স্বাধীনতা সংগ্ৰামী অৱনী বৰঠাকুৰৰ মৃত্যুত শোক প্ৰকাশ অসম জাতীয় পৰিষদৰ। গণতান্ত্ৰিক অধিকাৰৰ হকে আজীৱন সংগ্ৰাম চলাই যোৱা শিক্ষাবিদ তথা চিন্তাবিদ, বিশিষ্ঠ বাওঁপন্থী সমাজকৰ্মী অৱনী বৰঠাকুৰৰ শোক প্ৰকাশ কৰে অসম জাতীয় পৰিষদে৷
এক শোক বাৰ্তাত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই প্ৰয়াত বৰঠাকুৰৰ বিয়োগত দল মৰ্মাহত হোৱা বুলি উল্লেখ কৰে। লগতে কয়, “সমাজবাদী আদৰ্শ প্ৰতিষ্ঠাৰ কাৰণে সৰ্বোচ্চ ত্যাগ কৰা আপোচবিহীন অসমীয়াগৰাকীৰ বিয়োগ অসমৰ সমাজ জীৱনৰ বাবে অপূৰণীয় ক্ষতি হৈ ৰ’ব৷ তেখেতৰ আপোচবিহীন স্থিতি আৰু সংগ্ৰামী চেতনা নতুন প্ৰজন্মৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব৷ অধিবক্তা পুত্র শান্তনু বৰঠাকুৰসহ শোকাকুল পৰিয়াললৈ সমবেদনা জনোৱাৰ লগতে প্ৰয়াত অৱনী বৰঠাকুৰ ডাঙৰীয়াৰ প্ৰতি গভীৰ শ্রদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ৷”
উল্লেখ্য যে, বিশিষ্ট চিন্তাবিদগৰাকীয়ে ২৩ জুলাই, ২০২৪ ত শেষ নিশ্বাস ত্যাগ কৰে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা বৰঠাকুৰ গুৱাহাটীৰ গীতানগৰৰ কে জি এম টি হাস্পতালত চিকিৎসাধীন হৈ আছিল। চিকিৎসাধীন অৱস্থাতে মৃত্যুক সাৱতে তেওঁ। মৃত্যুৰ সময়ত বৰঠাকুৰৰ বয়স আছিল ৯৫ বছৰ। বাওঁপন্থী লেখক অৱনী বৰঠাকুৰ বাৰ্ধক্যজনিক কাৰণৰ বাবে কেইবাটাও বেমাৰত আক্ৰান্ত হৈ আছিল।
জানিব পৰা মতে আজি তেওঁৰ নশ্বৰ দেহ নাজিৰাৰ বাসগৃহলৈ লৈ যোৱা হব আৰু তাতেই শেষকৃত্য সম্পন্ন হব। বৰঠাকুৰৰ মৃত্যুত তেওঁৰ গুণমুদ্ধসকলৰ মাজত শোকৰ ছা পৰিছে। সৰ্বহাৰাৰ মুক্তিৰ বাবে অহৰহ মাত মাতি অহা, সমাজৰ শোষক শ্ৰেণীৰ সৈতে অৱস্থান কৰা অৱনী বৰঠাকুৰে ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ অসম শাখাৰ সম্পাদকৰো দায়িত্ব পালন কৰিছিল। নাজিৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ দায়িত্বতো আছিল বৰঠাকুৰ। ১৯২৯ চনত জন্ম গ্ৰহণ কৰা বৰঠাকুৰ স্বাধীনতা আন্দোলনতো জঁপিয়াই পৰিছিল।
সেই সময়ত তেওঁ কটন কলেজত অধ্যয়ন কৰি আছিল। তেওঁ ড০ দেৱ প্ৰসাদ বৰুৱা, দুলাল খাউণ্ড, জয়ন্ত মাধৱ আদি সহপাঠীৰ সৈতে ভাৰতীয় কমিউনিষ্ট পাৰ্টীৰ সদস্য পদ গ্ৰহণ কৰিছিল। ১৯৫০ চনৰ পৰা চিপিআইপ সৰ্বক্ষণৰ কৰ্মী হোৱা বৰঠাকুৰ ১৯৪৫ চনত শিৱসাগৰ জিলা ছাত্ৰ ফেডাৰছনৰ সম্পাদক হৈছিল।১৯৭০ চনৰ পৰা তেওঁ চিপিআইৰ ৰাজ্যিক কমিটীৰ সহকাৰী সম্পাদক আৰু দলৰ সম্পাদক মণ্ডলীৰ সদস্যৰূপে ১৯৮১ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। এনে দৰে তেওঁ কমিউনিষ্ট পাৰ্টীলৈ অৱদান অতুলনীয়। বৰঠাকুৰে কেইবাখন কিতাপো লিখিছিল। তেওঁৰ মৃত্যু বৌদ্ধিক জগতৰ এক ডাঙৰ ক্ষতি।