অবৈধ বিদেশীৰ বিৰুদ্ধে সৰব আছু, ছেপ্টেম্বৰত সত্যাগ্ৰহ, জোঁৰ সমদল, বিক্ষোভেৰে কৰিব প্ৰতিবাদ
অবৈধ বিদেশী সমস্যা আৰু নাগৰিকত্ব সংশোধনী আইনক লৈ সৰব সদৌ অসম ছাত্ৰসন্থা। অহা ছেপ্টেম্বৰ মাহত আছুৱে গ্ৰহণ কৰিব ব্যাপক প্ৰতিবাদী কাৰ্যসূচী। সংবাদমেল পাতি ঘোষণা আছু নেতৃত্বৰ।

ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা সদৌ অসম ছাত্ৰ সন্থাৰ। অহা ৪ ছেপ্টেম্বৰ পৰা ৰাজ্যজুৰি সত্যাগ্ৰহ কাৰ্যসূচী ৰূপায়ন কৰিব আছুৱে। অসমৰ প্ৰতিখন জিলা সদৰত পুৱা ৬ বজাৰপৰা বিয়লি ৫ বজালৈ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী গ্ৰহণৰ সিদ্ধান্ত ছাত্ৰ সংগঠনটোৰ। ১৬ ছেপ্টেম্বৰত প্ৰতিখন জিলা সদৰত ৰূপায়ন কৰা হ’ব বিক্ষোভ কাৰ্যসূচী।
তাৰোপৰি ২০ ছেপ্টেম্বৰত অসমৰ প্ৰতিটো আঞ্চলিক ছাত্ৰ সন্থাই নিজ নিজ এলেকাত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰিব। ২৩ ছেপ্টেম্বৰত অসমৰ প্ৰতিখন জিলা সদৰত অনুষ্ঠিত হ’ব জোঁৰ সমদল। আজি এক সংবাদমেলযোগে এই কথা প্ৰকাশ কৰে সদৌ অসম ছাত্ৰসন্থাৰ বিষয়ববীয়াই।
আছুৰ সভাপতি উৎপল শৰ্মাই কয়, “অবৈধ বাংলাদেশীৰ অবাধ প্ৰব্ৰজনে অসমৰ পৰিস্থিতি জটিল কৰি পেলাইছে। অসম আন্দোলনৰ সময়তকৈও বৰ্তমানৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে। জনজাতীয় বেল্ট ব্লকত অবৈধ বাংলাদেশী সোমাল, খেতিৰ মাটি ল’লে, সত্ৰৰ মাটি দখল কৰিলে, বনাঞ্চলত অবৈধ বাংলাদেশীয়ে বেদখল কৰিলে, অসমৰ খিলঞ্জীয়া মানুহে ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে। অসমৰ ভাষা, সংস্কৃতি, অর্থনৈতিক ক্ষেত্রত প্রভাৱ পেলাইছে, অসমৰ জনবিন্যাসৰ পৰিৱৰ্তন হৈছে। অসমত অবৈধ বাংলাদেশীৰ লগতে মৌলবাদীৰ প্ৰৱেশ ঘটিছে। ই অসমৰ লগতে দেশৰ প্ৰতি ভাবুকি। এনে পৰিস্থিতিত অসমৰপৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত কৰিবই লাগিব।”
“অবৈধ প্ৰবজনৰ বাবে অসমত জনবিন্যাস সলনি হৈছে। প্ৰধানমন্ত্ৰীৰ উপলব্ধি পলম হৈছে, আমাক সিদ্ধান্ত লাগে। তৎকালে পদক্ষেপ গ্ৰহণ কৰিব লাগে। অসমে প্ৰাণ দিলে, পদক্ষেপ ল’লে, আমি প্ৰধানমন্ত্ৰীৰ উপলব্ধিত আশ্বস্ত নহওঁ। ২৬৮ কিলোমিটাৰ সীমা ছীল কৰিব নোৱাৰাটো ভাৰত আৰু অসম চৰকাৰৰ বিফলতা।” আছুৰ সভাপতি উৎপল শৰ্মাই কয়।
ইফালে সংবিধানৰ সংশোধন কৰি হ’লেও অসমীয়াক সংবিধানিক ৰক্ষা কবচ দিব লাগিব বুলি দাবী কৰে আছুৰ মুখ্য় উপদেষ্ট সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। ছৈয়দা হামিদৰ বিতৰ্কিত মন্তব্য সন্দৰ্ভত তেওঁ কয়, “নাগৰিক সমাজে ক্ষমা খোজা উচিত। ছৈয়দা হামিদ যিটো অনুষ্ঠানলৈ আহিছিল সেই অনুষ্ঠান আয়োজন কৰিছিল কোনে? বিজতৰীয়া মানসিকতাৰ মানুহ পৰৱৰ্তী সময়ত কোনেও যাতে ইয়ালৈ নামাতে। ছৈয়দা হামিদাৰ মন্তব্য কেৱল অসম বিৰোধী নহয় ভাৰত বিৰোধীও।” তেওঁৰ বিৰুদ্ধে অসম আৰক্ষী আৰু মুখ্যমন্ত্ৰীয়ে কিয় গোচৰ ৰুজু কৰা নাই বুলি প্ৰশ্ন তুলি ভট্টাচাৰ্যই কয় যে অতিথি আৰু উদ্যোক্তা দুয়োটাই অসম বিৰোধী ভূমিকা গ্ৰহণ কৰিছে।
ইফালে আছুৱে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী আয়োজন কৰিবলৈ আগবঢ়া সন্দৰ্ভত সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘‘ভূপেন হাজৰিকা থাকোতে কেক কাটি, নাথাকোতে চাকি জ্বলাই জন্ম বাৰ্ষিকী পালন কৰি আহিছে আছুৱে। গোটেই বছৰ ধৰি বিভিন্ন কাৰ্যসূচীৰে জন্ম শতবাৰ্ষিকী পালন কৰিব আছুৱে। মানুহে মানুহৰ বাবে এই দৃষ্টিভংগীৰে জন্ম শতবাৰ্ষিকী আৰম্ভ হ’ব।
তেওঁ লগতে কয় যে ৰাজ্যিক কাৰ্যনিৰ্বাহকত অবৈধ বাংলাদেশী বিতাড়নৰ সন্দৰ্ভত আলোচনা হৈছে। সত্যাগ্ৰহৰ বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। অসম চুক্তি ৰূপায়ণ নকৰা বাবে অসমলৈ সংকট আহিছে। ভাৰতবৰ্ষৰ কোন ৰাজ্যত নিজৰ ভাষা-সংস্কৃতি ৰক্ষাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে? অসম এনে এখন ৰাজ্য যি ৪৬ বছৰে এই সংগ্ৰাম কৰিব লগা হৈছে। অসমত খিলঞ্জীয়াৰ প্ৰভুত্ব থাকিব লাগিব।
ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী পুনৰীক্ষণ কৰিব লাগিব আৰু অসমক নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতাৰ পৰা আঁতৰাব লাগিব বুলিও দাবী জনাই আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। অসমৰ ৮ খন জিলাৰ কাৰণে কা’ বেয়া কিন্তু ২৭ খন জিলাৰ কাৰণে কা’ কেনেকৈ ভাল হ’ল বুলিও তেওঁ প্ৰশ্ন তোলে।
কেন্দ্ৰীয় চৰকাৰে গঠন কৰা কমিতিৰ প্ৰতিবেদন ৰূপায়ণ আৰু কাৰ্যকৰী কৰিবলৈ চৰকাৰক দাবী জনায় আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে। তেওঁ আৰু কয়, “অবৈধ বাংলাদেশী বহিষ্কাৰ নামত সীমান্তৱতী অঞ্চলত এৰি থৈ আহে। অসম চৰকাৰে অবৈধ বাংলাদেশী বহিষ্কাৰ ঢিলা কৰিছে। ভাৰত-বাংলাদেশৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ সময়ত আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ল অসম। স্পেচিয়েল অপাৰেচন চলাব লাগে। অসমৰ মাটিৰ পৰা মৌলবাদী আৰু অবৈধ বাংলাদেশীক আঁতৰাই পঠিয়াব লাগে।”
বাংলাদেশী অনুপ্ৰৱেশকাৰী উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি নহয়, সমগ্ৰ দেশৰ প্ৰতি ভাবুকিস্বৰূপ বুলি কয় আছুৰ নেতৃত্বই। “অবৈধ বাংলাদেশীৰ বাবে জনবিন্যাস, ৰাজনৈতিক অধিকাৰ হেৰুওৱাৰ উপক্ৰম হৈছে। কোনো এখন চৰকাৰে অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে কাম কৰা নাই। কোনোবাই মুছলমান অবৈধ বাংলাদেশী সুৰক্ষাৰ বাবে কাম কৰিছে, কোনোবাই হিন্দু বাংলাদেশী সুৰক্ষাৰ বাবে কাম কৰিছে। সাংবিধানিক অধিকাৰৰ বাবে প্ৰয়োজনত সংবিধান সংশোধন কৰিব লাগিব।” সমুজ্জ্বল ভট্টাচাৰ্যই স্পষ্ট কৰি দিয়ে।
আছুৰ সাধাৰণ সম্পাদক সমীৰণ ফুকনে কয় যে ৰাজনৈতিক মেৰুকৰণত জাতিটোক সংকটলৈ যাবলৈ দিয়া নহ’ব। সীমান্ত ছীল কৰা, অবৈধ বিদেশী, মৌলবাদী উৎখাতৰ ক্ষেত্ৰত চৰকাৰৰ প্ৰতিটো কামত তীক্ষ্ণ দৃষ্টি থাকিব বুলি সকীয়াই দিয়ে আছুৰ সাধাৰণ সম্পাদকগৰাকীয়ে।