শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অসমে ‘কা’ মনা নাছিল, এই সিদ্ধান্তও নামানে: নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিক লৈ সৰৱ আছু

নাগৰিকত্ব সংশোধনী আইন(কা)ৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ লগে লগে জাঙুৰ খাই উঠিছে অসমৰ দল- সংগঠনসমূহ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকনে। তেওঁ কয়, :"অসমে কা মনা নাছিল এই সিদ্ধান্তও নামানে। এই অধিসূচনাই অসম আৰু অসমীয়াৰ আবেগক নসাৎ কৰিছে।"

অসমে ‘কা’ মনা নাছিল, এই সিদ্ধান্তও নামানে: নাগৰিকত্ব প্ৰদানৰ সময়সীমা বৃদ্ধিক লৈ সৰৱ আছু
সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকন
trishna-kalita
Trishna Kalita | Published: 04 Sep 2025 07:18 AM

নাগৰিকত্ব সংশোধনী আইনৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে  ডাঙৰ সিদ্ধান্ত। ১০ বছৰলৈ ম্যাদ বৃদ্ধি কৰা হৈছে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদনৰ সময়সীমাৰ। এই আইন গৃহীত কৰাৰ সময়ত আবেদনৰ বাবে সময়সীমা আছিল ২০১৪ চনৰ ৩১ ডিচেম্বৰ। কিন্তু এতিয়া এই সময়সীমা ১০ বছৰ বৃদ্ধি কৰি ২০২৪ চনৰ ৩১ ডিচেম্বৰ কৰা হৈছে।

কেৱল অ-মুছলিম অনুপ্ৰৱেশকাৰীয়েহে লাভ কৰিব এই সুবিধা। অৰ্থাৎ ২০২৪ চনৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীয়ে আবেদন কৰিব পাৰিব ভাৰতীয় নাগৰিকত্বৰ বাবে। এই আইন প্ৰণয়নৰ লক্ষ্য হৈছে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত ধৰ্মীয় হিংসাৰ বলি হৈ ভাৰতলৈ অহা অ-মুছলমান অনুপ্ৰৱেশকাৰীক নাগৰিকত্ব প্ৰদান কৰা।

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসমূহক ডিটেনচন কেম্প স্থাপনৰ বাবে নিৰ্দেশ দিছে। অবৈধভাৱে বাস কৰা লোকসকলক ডিটেনচন কেম্পলৈ প্ৰেৰণ কৰা হ’ব। কিন্তু এই নিয়মৰ পৰা কোনসকল লোকে সকাহ পাব সেয়াও জনালে কেন্দ্ৰই।

নাগৰিকত্ব সংশোধনী আইন(কা)ৰ অধীনত আবেদনৰ সময়সীমা বৃদ্ধিৰ লগে লগে জাঙুৰ খাই উঠিছে অসমৰ দল- সংগঠনসমূহ। এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰন ফুকনে। তেওঁ কয়, “অসমে কা মনা নাছিল এই সিদ্ধান্তও নামানে। এই অধিসূচনাই অসম আৰু অসমীয়াৰ আবেগক নসাৎ কৰিছে।”

তেওঁ কয়, “অসমৰ পৰিবেশ সুকীয়া,ইতিমধ্যে ২০ বছৰৰ বোজা অসমে লৈছে।” কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে অসম চৰকাৰক এই সিদ্ধান্ত শীঘে বাতিল কৰাৰ দাবী জনাই সমীৰন ফুকন। AASUৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, এই নিৰ্দেশনা কাৰ্যকৰী হ’লে অসমৰ জনগাঁথনিত ব্যাপক প্ৰভাৱ পৰিব। অসমৰ ভাষা, কৃষ্টি-সংস্কৃতিৰ প্ৰতি ভাবুকি আহিব।”

ইতিমধ্যে আছুৱে সমগ্ৰ অসমতে সত্যগ্ৰহৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰি ৰাখিছে বুলি জনাই তেওঁ কয়, আজি পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী ৰূপায়ন কৰা হ’ব। কাৰ আওতাৰ পৰা অসমক আঁতৰাই নাৰাখিলে শীঘে সদৌ অসম ছাত্ৰ সন্থাই প্ৰবল প্ৰতিৰোধ গঢ়ি তুলিব বুলি হুংকাৰ প্ৰদান কৰে।