স্মাৰ্ট মিটাৰৰ বিপক্ষে আপৰ বিক্ষোভঃ আদানিৰ স্বাৰ্থত লুণ্ঠন চলাইছে চৰকাৰে, অভিযোগ ভবেন চৌধুৰীৰ
স্মাৰ্ট মিটাৰৰ এনে লুণ্ঠনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি থকা প্ৰতিবাদৰ মাজতে আজি মঙলদৈত আম আদমী পাৰ্টিয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। এই প্ৰতিবাদী কাৰ্যসূচীত দৰং জিলাৰ বিভিন্ন অঞ্চলৰ আপৰ কেইবাশ প্ৰতিবাদী সদস্যই যোগদান কৰি স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবী জনায়। দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

স্মাৰ্ট মিটাৰে জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক। গ্ৰাহকসকলক বিদ্যুৎ সংযোগৰ নামত এপিডিচিএল- এ প্ৰিপেইড স্মাৰ্ট মিটাৰ স্থাপন কৰাৰ পিছত বিদ্যুতৰ মাচুল পূৰ্বৰ তুলনাত বৃদ্ধি পোৱাৰ অভিযোগত বিগত কিছুদিন ধৰি ৰাজ্যৰ চৌদিশে ব্যাপক প্ৰতিবাদৰ সৃষ্টি হৈছে। বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ, আম আদমী পাৰ্টি, ৰাইজৰ দল, চিপিআইএমৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি, এছ এফ আই, ডি ৱাই এফ আই আদিকে ধৰি বহু সংগঠনে ৰাজ্যৰ ভিন্ন প্ৰান্তত সাব্যস্ত কৰিছে প্ৰতিবাদ। ৰাজপথলৈ ওলাই আহিছে সাধাৰণ ৰাইজো। তদুপৰি বহু স্থানত এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিও প্ৰতিবাদ গঢ়ি তুলিছে দল-সংগঠন তথা সাধাৰণ ৰাইজে।
বিধানসভাতো স্মাৰ্ট মিটাৰক লৈ সৃষ্টি হৈছিল তীব্ৰ বাক-বিতণ্ডাৰ। তাৰ মাজতে শেহতীয়াকৈ বিজেপিৰে এগৰাকী জ্যেষ্ঠ নেতা, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই স্মাৰ্ট মিটাৰৰ বিৰোধিতাৰে মন্তব্য প্ৰকাশ কৰিছিল। স্মাৰ্ট মিটাৰৰ এনে লুণ্ঠনক কেন্দ্ৰ কৰি ৰাজ্যজুৰি চলি থকা প্ৰতিবাদৰ মাজতে আজি মঙলদৈত আম আদমী পাৰ্টিয়ে ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।
এই প্ৰতিবাদী কাৰ্যসূচীত দৰং জিলাৰ বিভিন্ন অঞ্চলৰ আপৰ কেইবাশ প্ৰতিবাদী সদস্যই যোগদান কৰে আৰু স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰৰ দাবীত বিক্ষোভ প্ৰদৰ্শন কৰে। দলৰ দৰং জিলাৰ আহ্বায়ক আখতাৰুল ইছলাম হাজৰিকাৰ নেতৃত্বত অনুষ্ঠিত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে দলৰ ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰীয়ে। আপৰ নেতাগৰাকীয়ে চৰকাৰক শীঘ্ৰেই প্ৰিপেইড স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ কৰি পূৰ্বৰ পদ্ধতি বাহাল ৰাখিবলৈ দাবী জনায়।
আপৰ ৰাজ্যিক সভাপতিগৰাকীয়ে অসমৰ বিজেপি দলৰ চৰকাৰে প্ৰধানমন্ত্ৰী মোদীৰ ঘনিষ্ঠ ব্যৱসায়ী গৌতম আদানীৰ স্বাৰ্থত স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে বুলি অভিযোগ কৰে। ভৱেন চৌধুৰীৰ অভিযোগ, ৰাইজৰ সমস্যা সমাধানত ব্যৰ্থ চৰকাৰে ৰাইজৰ ওপৰত নতুনকৈ বোজা জাপি দিছে। আমি আম আদমী পাৰ্টিৰ নেতৃত্বত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুলি তেওঁ লগতে কয়।
মঙলদৈ গান্ধী ময়দানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰা আপৰ কৰ্মকৰ্তা সকলে স্মাৰ্ট মিটাৰ প্ৰত্যাহাৰ, ২৪ ঘন্টাই বিদ্যুৎ যোগান, অস্বাভাৱিক মাচুল বৃদ্ধিৰ তদন্তৰ দাবী জনায়। তদুপৰি দৰং জিলাৰ ই ৰিক্সা চালক সকলৰ সমস্যা সমাধানৰ দাবীতো আপৰ নেতা-কৰ্মী সকল সৰৱ হয়। বিক্ষোভ কাৰী সকলে দৰং জিলাৰ অতিৰিক্ত আয়ুক্ত মানস শইকীয়াৰ জৰিয়তে এখন ৫ দফীয়া স্মাৰকপত্ৰও প্ৰদান কৰে।
এই কাৰ্যসূচীত আম আদমী পাৰ্টিৰ উপৰি সদৌ মঙলদৈ মিলিজুলি ই ৰিক্সা সন্থা, দৰং জিলা ই ৰিক্সা সন্থা, কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বহু সংখ্যক কৰ্মীয়ে অংশগ্ৰহণ কৰে। আপৰ নেত্ৰী পুনম গগৈয়েও অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত।