5
শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটো

অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো চৰকাৰে লওক পদক্ষেপঃ দাবী তুলিলে আপে

বৃ্হস্পতিবাৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ পিছতে আজি আপৰ অসম শাখাই ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰিছে এক বিশেষ দাবী। আপে অসম চৰকাৰক ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে। লগতে অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায় আপে।

অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো চৰকাৰে লওক পদক্ষেপঃ দাবী তুলিলে আপে
আপৰ সংবাদমেল
monjit-dutta
Monjit Dutta | Published: 04 Oct 2024 21:53 PM

অসম তথা অসমীয়াৰ বাবে এক ঐতিহাসিক দিন ৰূপে পৰিগণিত হয় কালিৰ দিনটো। কেন্দ্ৰীয় কেবিনেটৰ অনুমোদনৰ পিছতে বৃ্হস্পতিবাৰে অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰে। এই ঐতিহাসিক স্বীকৃতিয়ে প্ৰতিগৰাকী অসমীয়াক কৰি তুলিছে গৌৰৱান্বিত। অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰাৰ পিছতে আজি আম আদমী পাৰ্টিৰ অসম শাখাই ৰাজ্য চৰকাৰৰ ওচৰত উত্থাপন কৰিছে এক বিশেষ দাবী। আপ অসমে অসম চৰকাৰক ৰাজ্যৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়সমূহত অসমীয়া ভাষা বাধ্যতামূলক কৰিবলৈ দাবী জনাইছে।

আজি গণেশগুৰিস্থিত ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল সম্বোধন কৰে আপে। এই সংবাদমেলত আম আদমী পাৰ্টিৰ নেত্ৰী অনুৰূপা ডেকাৰজাই অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা ইতিবাচক ভূমিকাৰ বাবে সংশ্লিষ্ট সকলোকে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে ভাষাটোৰ ধ্ৰুপদী স্বীকৃতি লাভতে সীমাৱদ্ধ নাথাকি অসমীয়া লিপিৰ স্বীকৃতিৰ ক্ষেত্ৰতো চৰকাৰক পদক্ষেপ ল’বলৈ দাবী জনায়।

সংবাদমেলত অনুৰূপা ডেকাৰজাই কয়, “আমাৰ ভাষাটোৱে এক ঐতিহাসিক স্বীকৃতি লাভ কৰিলে। এতিয়াৰ পৰা দেশ-বিদেশত অসমীয়া ভাষাৰ চৰ্চা হ’ব। ভাষাবিদ, গৱেষক সকলে অসমীয়া ভাষাৰ ওপৰত গৱেষণা কৰিবলৈ আগবাঢ়ি আহিব। এয়া নিশ্চিত ভাবে আশাৰ বতৰা। কিন্তু মাথোঁ এই স্বীকৃতি লাভৰ বাবে সন্তুষ্টি লাভ কৰিলেই নহ’ব।”

অসমীয়া ভাষাটোক চিৰযুগমীয়া কৰিবৰ বাবে অসমৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী বিদ্যালয় তথা বিশ্ববিদ্যালয় সমূহতো শীঘ্ৰেই অসমীয়া ভাষাৰ পাঠদান বাধ্যতামূলক কৰিব লাগে বুলি দাবী জনায় আপ নেত্ৰীগৰাকীয়ে। ৰাজ্য চৰকাৰে ইতিমধ্যে বন্ধ ঘোষণা কৰা অসমীয়া মাধ্যমৰ বিদ্যালয়সমূহৰ বিষয়তো সৰৱ হয় আপৰ জ্যেষ্ঠ মুখপাত্ৰ গৰাকী।

তেওঁ কয়, “দীৰ্ঘদিনীয়া প্ৰক্ৰিয়াৰ অন্তত অসমীয়া ভাষাই এই স্বীকৃতি লাভ কৰিছে। কিন্তু এই সময়তে আমাৰ চৰকাৰে ৰাজ্যখনত অসমীয়া ভাষা মাধ্যমৰ ১,৬৭০ খন বিদ্যালয় বন্ধ কৰিছে। কিছুদিন পূৰ্বেও চৰকাৰে বিভিন্ন অজুহাতত অসমীয়া মাধ্যমৰ ২,২০০ বিদ্যালয় একত্ৰীকৰণৰ নামত বন্ধ কৰিছে। তদুপৰি অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ত প্ৰাথমিক স্তৰতো অংক আৰু বিজ্ঞানৰ পাঠ্যপুথি ইংৰাজী ভাষাত যোগান ধৰাৰ আত্মঘাতী সিদ্ধান্ত গ্ৰহণ কৰিছে।”

অসমীয়া ভাষাৰ সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে এনে সিদ্ধান্ত বৰ্জন কৰিব লাগিব বুলি দাবী কৰে অনুৰূপা ডেকাৰজাই। সংবাদমেলত আপৰ আন এগৰাকী নেতা নীলমণি শইকীয়াই মাজুলী-যোৰহাট সংযোগী দলঙৰ কামৰ পুনৰ নিবিদা আহ্বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰোধিতা কৰে। তেওঁ কয় যে ২০১৬ চনত আধাৰশিলা স্থাপন কৰা দলংখনৰ কাম আৰম্ভ কৰা হৈছিল ২০২১ চনত।

কিন্তু কাম আৰম্ভ কৰাৰ মাজতে কিছুদিন পূৰ্বে নিৰ্মাণ প্ৰতিষ্ঠানটোৱে হঠাতে কাম বন্ধ কৰে আৰু নিৰ্মাণৰ সামগ্ৰীও প্ৰকল্পস্থলীৰ পৰা স্থানান্তৰ কৰা হয় বুলি আঙুলিয়াই দিয়ে আপ নেতাজনে। বিগত এমাহৰ বেছি দিন ধৰি এই দলং নিৰ্মাণৰ কাম বন্ধ হৈ থকাৰ বিষয়টোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক স্থিতি স্পষ্ট কৰিবলৈ দাবী জনায় আপৰ নেতা নীলমণি শইকীয়াই।

আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঠিকাৰ বাবে পুনৰ নিবিদা আহ্বানৰ সম্ভাৱনা ব্যক্ত কৰাৰ বিষয়তো আপ নেতাগৰাকীয়ে প্ৰশ্ন তুলিছে। নীলমণি শইকীয়াৰ প্ৰশ্ন, “এটা ঠিকাদাৰী গোটে নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ পাছত পুনৰ একেটা কামৰ বাবে নিবিদা বিচৰা সম্ভৱ নে?” মাজুলী- যোৰহাট সংযোগী দলংখনক লৈ মাজুলী বাসীয়ে ৰাজনীতি হোৱাটো নিবিচাৰে বুলিও তেওঁ মন্তব্য কৰে।

Latest News