এখিলা পাত খাই ৰোগ নিৰাময়, পিছে অলৌকিক গছজোপাৰ নাম নকয় এইগৰাকী বাবাই!
শ্ৰীভূমি জিলাত বাবাৰ আবিৰ্ভাৱ ঘটিছে। বাবাই দিয়া বিশেষ ধৰণৰ পাত খাই ৰোগ নিৰাময় হৈছে বুলি কয় একাংশই । প্ৰতিদিনে হাজাৰ হাজাৰ লোকে ভিৰ কৰিছে বাবাৰ ঘৰত।

শ্ৰী ভূমি জিলাৰ ৰামকৃষ্ণনগৰ সম জিলাৰ প্ৰত্যন্ত অঞ্চলত থকা গড়েৰবন্দ নামৰ গাঁৱত হঠাৎ আৱিৰ্ভাৱ ঘটিছে এজন বাবাৰ। স্থানীয় ৰাইজৰ দাবী, বাবাই দিয়া এখিলা বিশেষ জংঘলযৰ পাত খালে যিকোনো ৰোগৰ পৰা পৰিত্ৰাণ লাভ কৰিব পাৰে। এই আশ্চৰ্যকৰ পাত বৰ্তমানে চৰ্চাৰ বিষয় হৈ পৰিছে। ৰোগী সকলৰ মতে বাবাৰ এই পাত যেন মৃত সঞ্জিৱনী, অৰ্থাৎ তিনিদিন তিনিটা পাত খালেই যিকোনো ৰোগ নিৰাময় হৈ যায় । অবশ্যে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ এই যুগত পাত বাবা কিমান যুক্তিসংগত সেয়া ডাঙৰ প্ৰশ্ন।
প্ৰায় ডেৰ মাহ পূৰ্বে আৰম্ভ হয় এই চিকিৎসা পদ্ধতি । গাঁৱৰ অৱসৰপ্ৰাপ্ত সেনা কৰ্মী সত্য বাবু সিনহা স্বপোনত লাভ কৰা এই বিশেষ পাত প্ৰথমতে নিজৰ বৌ’ক প্ৰদান কৰিছিল। পিছে আত্মীয়ৰ পৰা আৰম্ভ কৰি চুবুৰীয়া সকলেও সেই বিশেষ পাত খাবলৈ আৰম্ভ কৰে। আশ্চৰ্যকজনক ভাবে সেই পাত খোৱা সকলে বেমাৰৰ পৰা পৰিত্ৰাণ লাভ কৰে । এখিলা পাত খাই আৰোগ্য লাভ কৰাৰ এই খবৰ বন জুইৰ বিয়পি পৰে । আজিৰ তাৰিখত কেৱল শ্ৰীভূমি জিলা নহয়, বহিঃ ৰাজ্যৰ পাৰাও শ শ জটিল ৰোগত আক্ৰান্ত ৰোগীয়ে ভিৰ কৰিছে গড়েৰবন্দ গাঁৱত। কাৰোবাৰ জ্বৰ, কোনোবাৰ উশাহ জনীত সমস্যা, কাৰোবাৰ দীৰ্ঘদিনৰ জটিল ৰোগৰ হেনো আৰোগ্য লাভ হৈছে বাবাই দিয়া বিশেষ এই পাত খোৱাৰ ফলত ।
সত্য বাবু সিনহা প্ৰতিদিনে গভীৰ জংঘলত গৈ পাত সংগ্ৰহ কৰি ঘৰলৈ লৈ আহে । ইয়াৰ পিছত গোটেই দিন এই পাত বিনামূলীয়া ভিন্ন প্ৰান্তৰ পৰা ওহা ৰোগীৰ মাজত বিতৰণ কৰে । কেৱল মাত্ৰ ভক্তিমুলক সেৱাৰ বাবেই হেনো সত্য বাবু সিনহাই এই পাত বিলাই আহিছে। তেওঁৰ মতে, মা দূৰ্গাৰ কৃপাত যেন সকলোৰে ৰোগ নিৰাময় হৈছে । যাৰ বাবেই তেওঁ এই কাম কৰি গৈছে ।
একাংশৰ মতে, বাবাই লাভ কৰিছে দৈৱ শক্তি। কিন্তু আন একাংশৰ মতে এয়া কেৱল বিশ্বাসৰ বিষয় । অৱশ্যে বাস্তৱ অৰ্থত প্ৰতিদিনে সত্য বাবু সিনহাৰ ওচৰত হেজাৰ হেজাৰ লোকৰ আগমন ঘটিছে, কেৱল মাত্ৰ বাবাই দিয়া বিশেষ এই পাত খাবলৈ।অৱশ্যে আধুনিক চিকিৎসা পদ্ধতিৰ এই যুগত পাত বাবাৰ এই পাত, কিমান যুক্তিসংগত, সেয়া ৰহস্যৰ আৱৰ্তত!