River Ganga: সংকুচিত গংগোত্ৰীৰ বাবেই হেৰাই যাব নেকি ভাৰতৰ প্ৰাণ গংগা?
কোৱা হয়, গোলকীয় উষ্ণতাৰ বাবে পৃথিৱীত বহু পৰিৱৰ্তন হৈছে। আনকি নদীসমূহতো ইয়াৰ প্ৰভাৱ পৰিছে। বহু গৱেষণাৰ পৰা পোহৰলৈ আহিছে যে দিনক দিনে সংকুচিত হৈ আহিছে গংগোত্ৰী।
পলস জমা হৈছে গংগাৰ বুকুত। ক্ৰমান্বয়ে গংগাত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে। ইমানেই নহয়,বহন ক্ষমতাও কমিছে। ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে ‘নমামী গংগে’ নামৰ এক প্ৰকল্প। ইয়াৰ অধীনত ভাৰতৰ মূল নদীসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব। কিন্তু গংগোত্ৰীৰ হিমবাহ যদি গলিবলৈ ধৰে তেতিয়া ইয়াৰ আকাৰ আৰু আয়তন ক্ৰমান্বয়ে সংকুচিত হৈ পৰে, গোমুখ যদি বিলুপ্তপ্ৰায় হৈ পৰে! তেন্তে কি হ’ব?
গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে বহু সমস্যা আহি পৰিছে। সংকুচিত হৈ আহিছে গংগোত্ৰী। প্ৰশ্ন হয়, বিলীন হৈ যাব নেকি গংগোত্ৰী? এই সন্দৰ্ভত বহু গৱেষণা এতিয়াও চলি আছে। ইয়াৰোপৰি বিভিন্ন গৱেষণাত বহু তথ্য প্ৰকাশ পাইছে। যেনেঃগংগোত্ৰীৰ গড় হিমবাহ প্ৰতি বছৰে গড়ে ৩০০ মিটাৰ সংকুচিত হৈ আহিছে। সেই অনুসৰি যোৱা ১০ বছৰত গংগাৰ উৎস এই হিমবাহৰ দৈৰ্ঘ্য কমেও তিনি কিলোমিটাৰ হ্ৰাস পাইছে।
Latest Videos