বাহিৰৰ ৰ’দৰ পৰা ভিতৰলৈ আহি লগে লগে নকৰিব এইসমূহ কাম

15 Sep 2025

TV9 ASSAM

ৰাজ্যত এতিয়া বতৰ কিছু ডাৱৰীয়া যদিও সময়ে সময়ে ৰ’দ ওলোৱাও দেখা গৈছে। বতৰৰ এনে সঘন পৰিৱৰ্তনৰ ফলত কিছুমান সাধাৰণ ৰোগো হ’ব পাৰে।

বতৰ

বৰষুণৰ পিছত ৰ’দ দেখা পালে মনত আনন্দ লাগে যদিও প্ৰখৰ ৰ’দৰ বাবে দেহৰ সমস্যাও হ’ব পাৰে। সেয়ে এইক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰা ভাল।

ৰ’দৰ প্ৰভাৱ

বিশেষকৈ বহুসময় ৰ’দত থকাৰ পিছত ভিতৰলৈ সোমাই আহি কিছু দিশৰ প্ৰতি গুৰুত্ব দিয়া উচিত। ৰ’দৰ পৰা ভিতৰলৈ আহি কিছুমান কাম কেতিয়াও কৰিব নালাগে।

গুৰুত্ব

ৰ’দৰ পৰা ভিতৰলৈ সোমায়েই লগে লগে ফেন, এচিৰ শীতল বতাহ ল’ব নালাগে। ইয়াৰ ফলত চৰ্দি, কাহ, বমি আদিৰ দৰে সমস্যাই দেখা দিব পাৰে।

ফেন-এচিৰ বতাহ

ৰ’দৰ পৰা ভিতৰলৈ সোমাই দেহ শাঁত পেলাবলৈ লগে লগে শীতল পানীয় বা আইচক্ৰীম খাব নালাগে। সাময়িক ঠাণ্ডা অনুভৱ কৰিলেও ইয়াৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটে।

আইচক্ৰীম

ৰ’দত বহুসময় থাকিলে ধূলি-ঘামৰ বাবে দেহ অপৰিষ্কাৰ হৈ পৰে। কিন্তু ভিতৰলৈ আহি লগে লগে গা ধোৱাৰ পৰা বিৰত থাকক। প্ৰায় আধা ঘণ্টা ৰোৱাৰ পিছতহে গা ধোৱক।

গা ধুব নালাগে

পঢ়িবলৈ ক্লিক কৰক 

অমিতা গুটিৰ এনে গুণৰ কথা জানেনে আপুনি?