অসমীয়া চলচ্চিত্ৰৰ ৯০ বছৰঃ এই দিনটোৰ লগত জড়িত কষ্ট, ত্যাগ আৰু সুন্দৰ ভৱিষ্যতৰ অনুপম কাহিনী…
Assam cinema: আজি সমগ্ৰ অসমবাসীৰ বাবে এক গৌৰৱৰ দিন। কিয়নো আজিৰ দিনটোতে ৯০ বছৰত ভৰি দিলে অসমীয়া চলচ্চিত্ৰই। এই দিনটোতে মুক্তি লাভ কৰিছিল প্ৰথম অসমীয়া কথাছবি জয়মতী।

অসমবাসীৰ বাবে এক গৌৰৱৰ দিন। আজিৰ দিনটোত ৯০ বছৰত ভৰি দিলে অসমীয়া চলচ্চিত্ৰই। ১৯৩৫ চনৰ ১০ মাৰ্চৰ দিনা মুক্তি লাভ কৰিছিল প্ৰথমখন অসমীয়া কথাছবি জয়মতী। লক্ষ্মীনাথ বেজবৰুৱাৰ ১৭ শতিকাৰ অসমৰ সতী জয়মতী নাটকৰ ওপৰত ভিত্তি কৰি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই এই ছবিৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল। এই চিনেমাখনে আজি ৯০ বছৰত ভৰি দিলে।
অসমীয়া চলচ্চিত্ৰ জগতৰ সৃষ্টি তথা অসমীয়া চিনেমা এক উদ্যোগলৈ ৰূপান্তৰিত কৰাৰ ক্ষেত্ৰত ৰূপকোঁৱৰৰ অৱদান অধিক। ৯০ বছৰৰ পূৰ্বে লোৱা সেই পদক্ষেপৰ ফলতে আজি ৰাষ্ট্ৰীয়- আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো অসমীয়া চলচ্চিত্ৰ জগত জ্বিলিকি উঠিছে। আজি এই পবিত্ৰ দিনটোত বিভিন্নজনে ৰূপকোঁৱৰৰ সৃষ্টিৰাজিৰ শলাগ লোৱাৰ লগতে তেওঁৰ অৱদানৰ প্ৰতি জনাইছে কৃতজ্ঞতা।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমত লিখিছে যে- “৯০ বছৰত অসমীয়া চলচ্চিত্ৰ… অসমীয়া চিনেমাৰ বাবে আজি অতি গৌৰৱৰ দিন৷ ১৯৩৫ চনৰ আজিৰ দিনটোতে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ জাতিক গৌৰৱান্বিত কৰা মহান অৱদান ‘জয়মতী’ চিনেমাখনে মুক্তিলাভ কৰি এক অব্যয় ইতিহাসৰ সূচনা কৰিছিল৷ চিনেমাখনে আজি ৯০ বছৰত ভৰি থ’লে৷ ৰূপকোঁৱৰৰ পথেৰে বাট বুলি আজি অসমীয়া চিনেমা এক উদ্যোগলৈ ৰূপান্তৰ হৈ ৰাষ্ট্ৰীয়-আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিছে৷ আজিৰ এই পৱিত্ৰ দিনটোত চিনেমাখনৰ সৈতে যিকোনো ধৰণে জড়িত প্ৰতিগৰাকী কলা-কুশলীক অন্তৰৰ নিভৃততম কোণৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিলোঁ৷ অসমীয়া চিনেমাৰ জয়যাত্ৰা অব্যাহত থাকক, সেয়াই কামনা কৰিলোঁ “৷
জয়মতী
জয়মতী নিৰ্মাণ কৰা কোনো সহজ কথা নাছিল। এই ছবিখনত অভিনয় কৰাৰ বাবে আইদেউ সন্দিকৈ চিৰ জীৱন কুমাৰী হৈ থাকিবলগীয়া হৈছিল। ইমানেই নহয় অভিনয় কৰাৰ অপৰাধ স্বৰূপে সমাজে তেওঁক এঘৰীয়া কৰি ৰাখিছিল। ছবিত কোনো মহিলাই অভিনয় কৰা সেই সময়ত মহাপাপ বুলি গন্য কৰা হৈছিল। এমাহ ধৰি কোনো মহিলাই অন্য মানুহৰ লগত ঘৰৰ বাহিৰত থকা সেই সময়ত অপৰাধ বুলি ধৰা গৈছিল। ইয়াৰোপৰি গদাপানিৰ চৰিত্ৰত অভিনয় কৰা ফুনু বৰুৱাক বঙহৰদেউ বুলি কৰা সম্বোধন সেই সময়ত আছিল ঘোৰ পাপ। গতিকে যেতিয়াই অসমীয়া চলচ্চিত্ৰৰ কথা আহে, তেতিয়াই তাৰ লগত সাঙোৰ খাই পৰে আইদেই সন্দিকৈৰ কষ্টদায়ক জীৱন গাঁথা।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱলাৰ নেতৃত্বত ১৯৩৩ চনত এই ছবিখনৰ কাম আৰম্ভ হৈছিল আৰু ইয়াক মুক্তি দিয়া হৈছিল ১৯৩৫ চনত। এই ছবিৰ মূল ছুটিং ভোলাগুৰি চাহবাগিচাত জ্যোতিপ্ৰসাদে সজাই লোৱা ‘চিত্ৰবন ষ্টুডিঅ’ত কৰা হৈছিল, পাছত ১৯৩৫ চনত ‘চিত্ৰলেখা মুভিটোন’ৰ বেনাৰত এই ছবিখন মুক্তি দিয়া হৈছিল।
জয়মতী নিৰ্মাণৰ কাহিনী
ইংলেণ্ডৰপৰা উভতি অহাৰ সময়ত জ্যোতিপ্ৰসাদে ৬ মাহৰ বাবে ইউ. এফ. এ. ষ্টুডিঅ’ত (Universum Film AG Studio) চলচ্চিত্ৰ নিৰ্মাণৰ কলা-কৌশল শিকি লয়। অসমলৈ আহি পৰৱৰ্তী সময়ত তেওঁ জয়মতীৰ কাহিনী সমল হিচাপে লৈ ভোলাগুৰি চাহ বাগিচাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰে। ইয়াতেই পুৰুষ-মহিলাক পৃথকে পৃথকে অভিনয় শিকোৱা হৈছিল। ছবিৰ কাৰিকৰী কামৰ বাবে লাহোৰৰপৰা কলা-কুশলী আহিছিল। চলচ্চিত্ৰৰ ফিল্ম পৰিস্ফুটণৰ বাবে কলিকতাৰ বাবে বৰফ অনোৱা হৈছিল। ছবিখনৰ সম্পাদনাৰ কাম সম্পন্ন হৈছিল ঢাকাত। কিন্তু তেতিয়াই জ্যোতিপ্ৰসাদে গম পাইছিল যে ছুটিঙৰ সময়ত বাণীবদ্ধ কৰা শব্দবিলাক অহা নাই। জ্যোতিপ্ৰসাদে তেতিয়া শব্দ-ষ্টুডিঅ’ ভাৰালৈ লৈ নিজেই কেবা গৰাকীও শিল্পীৰ মাত কথা বাণীবদ্ধ কৰে।
মুক্তি
বহু বাধা নেওচি অৱশেষত এই ছবিখনে ১৯৩৫ চনৰ ১০ মাৰ্চত ‘ৰৌনক মহল’ত মুক্তি লাভ কৰিছিল। ছবিখনৰ উদ্ঘাটন কৰিছিল সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই। কিন্তু সেই সময়ত এই ছবিখনে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হোৱা নাছিল, যাৰ বাবে বহু লোকচানৰ সন্মুখীন হৈছিল।
যি নহওক, জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদানৰ বাবে আজি বিশ্ব দৰবাৰত জ্বিলিকি উঠিছে অসমীয়া চিনেমা। যি সময়ত চিনেমা সন্দৰ্ভত মানুহৰ কোনো ধাৰণা নাছিল সেই সময়ত জ্যোতিপ্ৰসাদে নিজৰ গাঁঠিৰ ধন ভাঙি চিনেমা নিৰ্মাণৰ বাবে আগবাঢ়ি আহিছিল। জ্যোতিপ্ৰসাদ আগৰৱালাৰ এই অৱদানৰ প্ৰতি অসমীয়া চলচ্চিত্ৰ জগত তথা অসমবাসী সদায় কৃতজ্ঞ হৈ ৰ’ব।
অন্য খবৰ পঢ়কঃ আইদেউ সন্দিকৈঃ কিহৰ বাবে আজীৱন অবিবাহিতা হৈ ৰ’ল প্ৰথম অসমীয়া অভিনেত্ৰীগৰাকী