ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ! এইবাৰ আৰক্ষীৰ গুলীত ৪ টা দুধৰ্ষ ডকাইত নিহত
গোৱালপাৰাৰ ধূপধৰাৰ ঘিলাডুবিত আৰক্ষীৰ এনকাউণ্টাৰ ৷ অস্ত্ৰধাৰী ডকাইতৰ দল আৰু আৰক্ষীৰ মাজত সংঘৰ্ষ। এই সংঘৰ্ষত ৪ টা দুধৰ্ষ ডকাইত নিহত। বিগত কিছুদিন ধৰি ধূপধৰাৰ অঞ্চলত ডকাইতৰ দলটোৱে চলাই আহিছিল সন্ত্ৰাস।

ৰাজ্যত সষ্টম আৰক্ষী-প্ৰশাসন, এইবাৰ আৰক্ষীৰ গুলীত নিহত ৪ টা দুধৰ্ষ ডকাইত। গোৱালপাৰা জিলাৰ ধূপধৰা ঘিলাডুবিত সংগঠিত হৈছে এনকাউণ্টাৰৰ ঘটনা। শনিবাৰে পুৱতি নিশা ৪ জনীয়া ডকাইতৰ দলটোক লক্ষ্য কৰি গুলিচালনা কৰে। আৰক্ষীৰ গুলিত থিতাতে নিহত হয় দুটা ডকাইত আন দুটা গুৰুতৰ ভাৱে আহত হয়। বিশেষ সূত্ৰে জানিব পৰা মতে,৪ জনীয়া ডকাইতৰ দলটোৱে শনিবাৰে নিশা কোনো এগৰাকী ব্যৱসায়ীক অপহৰণ কৰাৰ উদ্দেশ্যে অসম-মেঘালয় সীমান্তৰ ঘিলাডুবিত বাহৰ পাতি আছিল।
৪ জনীয়া এই ডকাইতৰ দলটোৰ খবৰ গোৱালপাৰা জিলা আৰক্ষীয়ে গোপন সূত্ৰে লাভ কৰিছিল।গোৱালপাৰা জিলা আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু দুধনৈ সম জিলাৰ আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ নেতৃত্বত বৃহৎ আৰক্ষীৰ দল এটি অসম-মেঘালয় সীমান্তৰ ঘিলাডুবিত উপস্থিত হয়। বৃহৎ আৰক্ষীৰ দলটো উপস্থিত হোৱা খবৰ ডকাইতৰ দলটোৱে জানিব পাৰি ঘটনাস্থলীৰ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও ব্যৰ্থ হৈছিল। আৰক্ষীৰ দলটোৱে ৪ জনীয়া ডকাইতৰ দলটোৱে বাহৰ পাতি থকা ঠাই খিনি চাৰিওফালৰ পৰা ঘেৰাও কৰে। ডকাইতৰ দলটোৱে আত্ম সুৰক্ষাৰ বাবে আৰক্ষীক উদ্দেশ্যি ধাৰাসাৰ গুলিবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে। ফলত থিতাতে ২ টাকৈ ডকাইত নিহত হোৱাৰ লগতে আন দুটা ডকাইত গুৰুতভাৱে আহত হয়।
ইপিনে ডকাইতৰ দলটোৰ গুলিত দুধনৈ সম-জিলাৰ আৰক্ষী অধীক্ষক অভিলাষ বৰুৱাৰ বাহনখনৰ অৱস্থা বেয়া হৈ যায়। ঘটনাস্থলীৰ পৰা ডকাইত ৪ টাক উদ্ধাৰ কৰি আৰক্ষীয়ে ধূপধৰা মডেল হস্পিতালত ভৰ্তি কৰাই যদিও আহত ডকাইত দুটাও নিহত হোৱা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ গুলিত নিহত হোৱা ডকাইত কেইটা ক্ৰমে মুকুন্দ ৰাভা, চুবুৰ আলী, জাহিদুল ইছলাম আৰু চেংবাত মাৰাক বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে চাৰিটাকৈ পিষ্টল,গুলী, চাৰিচকীয়া বাহন, আৰু মোবাইল ফোন জব্দ কৰে। দুধৰ্ষ ডকাইত কেইটাৰ বিৰুদ্ধে অশ্ৰ সৰবৰাহৰ সৈতে জড়িত থকা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ৷