শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ প্ৰায় ২১ জন শ্ৰমিকৰ…

অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত অসমৰ কমেও ২২ জন শ্ৰমিক নিহত হোৱাৰ আশংকা কৰা হৈছে। জানিব পৰা মতে, কামৰ সন্ধানত এই আটাইকেইজন গৈছিল অৰুণাচললৈ। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

কামৰ সন্ধানত গৈছিল অৰুণাচল প্ৰদেশলৈ! পথ দুৰ্ঘটনাত মৃত্যু অসমৰ প্ৰায় ২১ জন শ্ৰমিকৰ…
প্ৰতীকী ফটোImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 11 Dec 2025 17:54 PM

এক বেয়া খবৰ! অৰুণাচল প্ৰদেশত অসমৰ ক’মেও ২২ জন শ্ৰমিকৰ মৃত্যুৰ আশংকা।  ভাৰত-চীন সীমান্তৰ আঞ্জাওৰ পৰা বৃহস্পতিবাৰ (১১ ডিচেম্বৰ)য়ে পোহৰলৈ আহিছে এক ভয়ংকৰ পথ দুৰ্ঘটনাৰ ঘটনা। তিনিচুকীয়াৰ গেলা পুখুৰীৰ পৰা শ্ৰমিক কঢ়িয়াই নিয়া এখন ট্ৰাক বাগৰি পৰে পাহৰৰ পৰা। যাৰ ফলত প্ৰায় ২২ জন শ্ৰমিকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইফালে এজন লোকক জীৱন্তে উদ্ধাৰ কৰা বুলি খবৰ আহিছে। কামৰ সন্ধানত এই আটাইকেইজন গৈছিল অৰুণাচল প্ৰদেশলৈ। বৰ্তমান ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত আছে।

প্ৰাৰম্ভিক তথ্য অনুসৰ,অসমৰ তিনিচুকীয়া জিলাৰ ছাট (পোৰাঘৰ)ৰ পৰা এই আটাইকেইজন শ্ৰমিক পথ নিৰ্মাণৰ বাবে অৰুণাচললৈ গৈ আছিল। তেতিয়াই ট্ৰাকখনে নিয়ন্ত্ৰণ হেৰুৱাই হাইলং-চাকলাগম পথৰ মেটেলিয়াঙৰ সমীপৰ এখন পাহাৰৰ পৰা বাগৰি পৰে।  এই ঘটনাৰ পাছত এজন লোকৰ প্ৰাণ ৰক্ষা পৰে আৰু পাছত তেওঁক ভাৰতীয় সেনাই উদ্ধাৰ কৰে। সেই লোকজনে দুৰ্ঘটনা সন্দৰ্ভত সেনাক সবিশেষ জনায়।

ইয়াৰ পাছত ঘটনাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়। কিন্তু শিল আৰু ঢিলা মাটিৰ বাবে উদ্ধাৰ অভিযান কিছু লেহেমীয়া হৈছে। এই এলেকাটো ইমানেই দুৰ্গম যে ঘটনাৰ প্ৰায় ১৮ ঘন্টা পাছত ঘটনাস্থলীত আৰক্ষী আৰু উদ্ধাৰকাৰী দল উপস্থিত হয়।

ইতিমধ্যে কেইবাটাও মৃতদেহ উদ্ধাৰ কৰি চিনাক্ত কৰা হৈছে। চিনাক্ত কৰা মৃতদেহ কেইটাৰ ভিতৰত আছে-গুধেশ্বৰ দীপ (২৩), ৰাহুল কুমাৰ (২৫), সোমিৰ দীপ (২২), অৰ্জুন কুমাৰ (২৮), পংকজ মানকী (২০), অজয় ​​মানকী (৩০), অবজয় কুমাৰ (২৬), অভয় ধুৰিয়া (২৪), ৰোহিত মাংকি (২০), ধীৰেন্দ্ৰ কুমাৰ (২২), আদৰ তাঁতী (২৪), ধীৰেন চাৰিয়া (২৮), ৰোজোইন নাগ (২১), দীপ গোগলা (২৮), ৰামসেলক বুনা (২৬), সমৰন নাগ (২৬), বিনয় কুমাৰ (২৬), কৰণ কুমাৰ (২৬) আৰু জুনাশ মুণ্ডা (২০)।

জানিব পৰা মতে, বাহনখনত আছিল  প্ৰায় ২২ জনকৈ শ্ৰমিক। বাকীসকলৰ মৃতদেহ উদ্ধাৰৰ কাম এতিয়াও চলি আছে। ইফালে উদ্ধাৰ হোৱা মৃতদেহসমূহ মৰণোত্তৰ পৰীক্ষাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত পৰৱৰ্তী সময়ত অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

 

অন্য খবৰ পঢ়কঃ নিশা ১১ বজাত কি হৈছিল? দুই কন্যাই ধৰিলে হাত-ভৰি আৰু মাতৃয়ে…গাৰ নোম শিয়ৰি উঠা এক ভয়ংকৰ কাণ্ড…