শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

নাৰী কেতিয়া স্বাধীন হ’ব? চলিত বৰ্ষত বৰ্তমানলৈকে ৫৮০ টা জঘন্য ঘটনা

ৰাজ্যত নিতৌ ন ন ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। এতিয়া যেন সুৰক্ষিত নহয় নাৰী। গতিকে অপৰাধীসকলক নাকী লগোৱাৰ প্ৰয়োজন, কঠোৰ আইনৰ জৰিয়তে এই অপৰাধ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। নহ'লে স্বাধীন ভাৰতত কেতিয়াও স্বাধীন নহ'ব নাৰী।

নাৰী কেতিয়া স্বাধীন হ’ব? চলিত বৰ্ষত বৰ্তমানলৈকে ৫৮০ টা জঘন্য ঘটনা
নাৰীৰ বিৰুদ্ধে অপৰাধ
barasha-sarma
Barasha Sarma | Published: 25 Aug 2024 22:27 PM

দেশৰ সমান্তৰালকৈ ৰাজ্যত তীব্ৰগতিত বৃদ্ধি পাইছে নাৰীজনিত অপৰাধমূলক ঘটনা।  কলকাতা আৰ জি কৰ হাস্পাতালৰ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ চাঞ্চল্য মাৰ নৌযাওতেই নিতৌ ন ন ধৰ্ষণৰ ঘটনা পোহৰলৈ আহিছে। অসমতো নাৰীৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে। এয়া কোনো নতুন কথা নহয়, প্ৰতিদিনেই নাৰী লাঞ্চিত, বাঞ্চিত, অপৰাধৰ বলি হৈ আহিছে। আজিৰ আধুনিক সমাজতো একাংশই নাৰীক পন্য সামগ্ৰীৰ দৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে। নাৰী মানেই ব্যৱহাৰৰ বস্তু বুলি বুলি ভৱা একাংশ নিকৃষ্ট মানসিকতাৰ লোকৰ বাবে স্বাধীনতাৰ ৭৮ বছৰ পাছতো যেন নাৰী স্বাধীন হোৱা নাই।

শেহতীয়াকৈ ধিং, তেজপুৰকে ধৰি বিভিন্ন ঠাইত ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ধিং কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তফাজ্জুল ইছলাম নামৰ এজনক। তদন্তৰ বাবে তফাজুল্লক আৰক্ষীয়ে ঘটনাস্থলীলৈ নিয়াৰ সময়তে পলাবলৈ চেষ্টা কৰি পুখুৰীত জাঁপ দিয়ে। যাৰ ফলত মৃত্যু হয় অভিযুক্তৰ।এই ঘটনাৰ লগত জড়িত দুই অভিযুক্ত এতিয়াও পলাতক অৱস্থাত আছে।

ইয়াৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অভিযোগ উত্থাপন কৰি কৈছে যে অসমত এটা বিশেষ সম্প্ৰদায়ৰলোতে এনে ধৰণৰ ঘটনা সংঘটিত কৰি আহিছে। তেওঁলোকৰ লক্ষ্য অসমীয়াসকলক ভীতিগ্ৰস্ত কৰা। সমান্তৰালভাৱে অসমৰ বিভিন্ন প্ৰান্তত মিঞা বিৰোধী অভিযান আৰম্ভ হৈছে। বীৰ লাচিত সেনাকে ধৰি কেইবাটাও সংগঠনে উজনি অসমত মিঞা বিৰোধী অভিযান আৰম্ভ কৰিছে। সংগঠনসমূহে মিঞাসকলক ৭ দিনৰ ভিতৰত উজনি অসম এৰি যাবলৈ হুংকাৰ প্ৰদান কৰিছে।

ধৰ্ষণ বা অপৰাধমূলক কাণ্ড প্ৰতিৰোধ কৰিবলৈ অসম চৰকাৰ তথা প্ৰশাসনে বিভিন্ন ব্যৱস্থা লৈ আহিছে যদিও সম্পূৰ্ণৰূপে সফল হোৱা নাই। ২০০১ চনৰ পৰা ২০২৪ চনৰ ভিতৰত অসমত এই ধৰ্ষণ কাণ্ডৰ সংখ্যা যথেষ্ঠ বৃদ্ধি পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ তথ্য ছ’চিয়েল মিডিয়াত জাৰি কৰিছে।

অসমত সংঘটিত ধৰ্ষণ কাণ্ডৰ তথ্য

এয়া পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যা। তথ্য অনুসৰি ২০০১ চনত অসমত ৮১৭ টা ধৰ্ষণ কাণ্ড সংঘটিত হোৱাৰ বিপৰীতে ২০২৪ (জুলাইলৈকে) ৫৮০ টা ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে। ধৰ্ষণ কাণ্ডৰ পঞ্জীয়নভুক্ত গোচৰৰ সংখ্যাসমূহ এনেধৰণৰ- ২০০২ চনত ৯৭০টা,২০০৩ চনত ১০৯৫ টা. ২০০৪ চনত ১১৭১ চা, ২০০৫ টনত ১২৩৮ টা, ২০০৬ চনত ১২৪৪ টা, ২০০৭ চনত ১৪৭৩ টা, ২০০৮ চনত ১৪৩৮ টা, ২০০৯ চনত ১৬৩১ টা, ২০১০ চনত ১৭২১ টা, ২০১১ চনত ১৭০০ টা, ২০১২ চনত ১৭১৬ টা, ২০১৩ চনত ১৯৩৭ টা, ২০১৪ চনত ১৯৮০ টা, ২০১৫ চনত ১৭৩৩ টা, ২০১৬ চনত ১৭৭৯ টা, ২০১৭ চনত ৩৫৪৪ টা, ২০১৮ চনত ৩২৯৬ টা, ২০১৯ চনত ৩৫৪৬টা, ২০২০ চনত ১৬৫৭টা, ২০২১ চনত ১৭৩৩ টা, ২০২২ চনত ১১১৩ টা, ২০২৩ চনত ৯৮৯ টা।

উল্লেখ্য যে, নাৰীৰ বিৰুদ্ধে অপৰাধমূলক ঘটনা ৰোধ কৰিবলৈ চৰকাৰে বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে। কিন্তু এতিয়াও এই অপৰাধ ৰোধ হোৱা নাই। তথ্য অনুসৰি প্ৰতিদিনে দেশত ৮৮টাৰো অধিক ধৰ্ষণৰ ঘটনা সংঘটিত হয়। এই অপৰাধীসকলৰ পৰা সাৰি নাযায় শিশুও। এনে বহু ঘটনা পোহৰলৈ আহে য’ত অভিযুক্তই শিশুক লক্ষ্য কৰি লয়। এই অপৰাধীসকলক নাকী লগোৱাৰ প্ৰয়োজন, কঠোৰ আইনৰ জৰিয়তে এই অপৰাধ নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজন। নহ’লে স্বাধীন ভাৰতত কেতিয়াও স্বাধীন নহ’ব নাৰী।