শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বৰ্তমানৰ জনজাতীয় লোকে কেতিয়াও মানি নলয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, সোণাপুৰত গণ সমাৱেশ

সদৌ অসম ট্ৰাইবেল সংঘৰ উদ্যোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে সোণাপুৰৰ ক্ষুদ্ৰ খেলপথাৰত আয়োজিত এই প্ৰতিবাদী বিশাল গণ সমাৱেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জনজাতীয় লোকে অংশগ্ৰহণ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ।

বৰ্তমানৰ জনজাতীয় লোকে কেতিয়াও মানি নলয় ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, সোণাপুৰত গণ সমাৱেশ
manas-borah
Manas Borah | Updated On: 10 Nov 2025 16:51 PM

ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে এইবাৰ প্ৰতিবাদত নামিল ১৪ টা জনজাতীয় সংগঠন। তেওঁলোকে সোণাপুৰত এক গণ সমাৱেশ আয়োজন কৰি স্পষ্ট কৰি দিছে যে, কেতিয়াও ছয় জনগোষ্ঠীৰ জনজাতিকৰণ মানি নলয়। এই সমাৱেশত উপস্থিত থকা ১৪ টা জনজাতীয় লোকে একেলগে ক’লে-“ছয় জনগোষ্ঠীৰ জনজাতিকৰণ বন্ধ কৰক”,”জনজাতিকৰণৰ ৰাজনীতি নচলিব”, “ট্ৰাইবেল ইউনিটি লং লিভ”।

জনগোষ্ঠীয় সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে সোণাপুৰৰ ক্ষুদ্ৰ খেলপথাৰত আয়োজিত এই প্ৰতিবাদী বিশাল গণ সমাৱেশত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক জনজাতীয় লোকে অংশগ্ৰহণ কৰি সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ। শেহতীয়াকৈ ৰাজ্য চৰকাৰে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ সময়তে এনেদৰে প্ৰতিবাদমুখৰ হৈ পৰিছে অনুসূচিত জনজাতিৰ লোকসকল।

বৰ্তমানে অনুসূচিত জনজাতিৰ মৰ্যাদা থকা এই ১৪ টা জনজাতিৰ লোকসকলে আশংকা প্ৰকাশ কৰিছে যে, ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিলে, পূৰ্বৰ জনজাতিৰ পৰ্যাদা থকা জনগোষ্ঠী কেইটাৰ ভাষা, সংস্কৃতি , ঐতিহ্যৰ অস্তিত্ব বিপদাপন্ন হ’ব পাৰে। এনে কাৰ্য কোনোপধ্যেই হ’বলৈ দিয়া নহ’ব বুলি সকীয়াই দিছে ১৪ টা জনগোষ্ঠীৰ সংগঠনৰ নেতৃত্বয়।

আগন্তুক ২৫ নৱেম্বৰৰ ভিতৰত যদি ৰাজ্যিক কেবিনেটে এই ক্ষেত্ৰত কোনো যোগাত্মক সিদ্ধান্ত গ্ৰহণ নকৰে এই আন্দোলন অধিক ক্ষীপ্ৰ আৰু ভয়ংকৰ হ’ব বুলিও সকীয়াই দিয়ে প্ৰতিবাদকাৰীয়ে। এই প্ৰতিবাদৰ পূৰ্বে জনগোষ্ঠীয় সংগঠনৰ প্ৰয়াত নেতাসকলৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। সমাৱেশত বড়ো, কাৰ্বি, তিৱা নৃত্য প্ৰদৰ্শন কৰাৰ লগতে তেওঁ জনগোষ্ঠীয় গীত পৰিৱেশন কৰে।

উল্লেখ্য যে, অসমৰ ছটা জনগোষ্ঠীয়ে দীৰ্ঘদিনৰ পৰা জনজাতিকৰণৰ দাবী উত্থাপন কৰি চৰকাৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰি আহিছে। ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই দাবীত পুনৰ সৰৱ হৈ পৰিছে ছয় জনগোষ্ঠী। টাই-আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, আৰু চাহ জনগোষ্ঠীয়ে বছৰ বছৰ ধৰি জনজাতি শিতানত অন্তৰ্ভুক্তিৰ বাবে পোষকতা কৰি আহিছে।

ইফালে শেহতীয়াকৈ মৰাণ, মটক, কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত বিশেষ সমস্যা নাই বুলিও মন্তব্য প্ৰকাশ কৰিছে মুখ্য হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছিল যে, এই তিনিটাৰ ক্ষেত্ৰত ট্ৰাইবেল সংঘৰ স্থিতি সহনশীল। ২৫ নৱেম্বৰত মন্ত্ৰী গোটে বিধানসভাত প্ৰতিবেদন দাখিল কৰাৰ কথাও সদৰী কৰিছিল মুখ্যমন্ত্ৰীয়ে।