দিল্লীৰ পৰা ৰে’লেৰে আহি অসমত নামিল ১৩ ৰোহিংগীয়া, কিয় আহিল অসমলৈ, ক’ত থাকিব?
ভাৰতত প্ৰৱেশৰ পাছত অসম হৈয়েই নতুন দিল্লী আৰু জম্মু-কাশ্মীৰলৈ গৈছিল এই দলটো। সেই সময়ত দালালে পাৰ কৰাইছিল তেওঁলোকক। কিন্তু এতিয়া তেওঁলোকে অকলেই প্ৰৱেশ কৰিছিল অসমত।

ৰাজ্যত অবৈধ বাংলাদেশীৰ বিৰুদ্ধে চৰকাৰে অভিযান তীব্ৰতৰ কৰি তোলাৰ সময়তে বৰপেটাত পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। জিলাখনৰ হাউলীত ধৰা পৰিছে ১৩ গৰাকী ৰোহিংগীয়া। সন্দেহজনক চাল-চলন লক্ষ্য কৰি স্থানীয় লোকে আৰক্ষীক গটাই দিয়ে পুৰুষ-মহিলা আৰু শিশুসহ ১৩ জনীয়া দলটোক। কিন্তু এই ৰোহিংগীয়াসকল হাউলীলৈ আহিল কেনেকৈ? তাৰ আঁৰতো আছে কাহিনী।
আটক হোৱা ৰোহিংগীয়াসকলৰ মাজত আছে ৩ জন পুৰুষ আৰু ৩ গৰাকী মহিলাৰ লগতে ৭ টা শিশু আৰু কিশোৰ। শিশু কেইটাৰ বয়স ৩ বছৰৰ পৰা ১১ বছৰৰ ভিতৰত। আটকাধীন ৰোহিংগীয়া কেইজনে জম্মু-কাশ্মীৰৰ পৰা বাছেৰে দিল্লীলৈ আহি তাৰ পৰা ৰে’লেৰে আহিছিল বৰপেটালৈ। ধৃত লোক কেইজনে জনোৱা মতে, তেওঁলোকে ২০১২ চনতে ভাৰতলৈ আহি জম্মু আৰু কাশ্মীৰত থাকিবলৈ লৈছিল। লক্ষণীয়ভাৱে ২০১২ চনৰ পৰাই ভাৰতত থকাৰ দাবী কৰা লোক কেইজনৰ পৰা ২০২৪ চনৰ শৰণাৰ্থী কাৰ্ড উদ্ধাৰ কৰা হৈছে।
বৰপেটাৰোড ৰে’ল ষ্টেচনত নামি এখন টেম্প’ ভাড়া কৰিছিল ৰোহিংগীয়াকেইজনে। টেম্প’চালকক সুধিছিল হাউলীলৈ যাব নে বুলি। এখন টেম্প’ত ১৩জন নিবলৈ অসুবিধা হ’ব বুলি চালকে কোৱাত, এজন লোকে কয় যে তেওঁলোকৰ সৰহসংখ্যকেই শিশু। তাৰ পাছত দলটোক লৈ ৰাওনা হয় টেম্প’খন। কিন্তু চালকজনে দলটো ৰোহিংগীয়া বুলি জানিব পাৰি কোনো আইনী জঞ্জালত সোমোৱাৰ ভয়ত হাউলী চিকিৎসালয়ৰ সমীপৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথতে তেওঁলোকক নমাই থৈ আঁতৰি যায়।
পৰৱৰ্তী সময়ত স্থানীয় লোকে অচিনাকি লোককেইজন সম্পৰ্কে আৰক্ষীক খবৰ দিয়ে আৰু হাউলী থানাৰ আৰক্ষীয়ে ৰোহিংগীয়া কেইজনক আটক কৰি থানালৈ লৈ আহে। সম্প্ৰতি আটকাধীন ৰোহিংগীয়া কেইজনক সোধা-পোচা কৰি আছে আৰক্ষীয়ে। আৰক্ষীয়ে আটক কৰা ৰোহিংগীয়া কেইজন হৈছে মহম্মদ ৰফিক, নুৰ আলী, মহম্মদ আলম, আছিয়া খাতুন, চকুতাৰা বেগম, ছায়েদা খাটুন। আনহাতে ধৃত শিশু কেইটা হৈছে- কিছমৎআৰা বেগম, মিনাৰা বেগম, মহম্মদ ইব্রাহীম, হামিদ ৰেহমান, মহম্মদ ওচমান, মহম্মদ ইছমাইল আৰু আছমা তাৰা।
উল্লেখ্য যে ভাৰতত প্ৰৱেশৰ পাছত অসম হৈয়েই নতুন দিল্লী আৰু জম্মু-কাশ্মীৰলৈ গৈছিল এই দলটো। সেই সময়ত দালালে পাৰ কৰাইছিল তেওঁলোকক। কিন্তু এতিয়া তেওঁলোকে অকলেই প্ৰৱেশ কৰিছিল অসমত। এজন ৰোহিংগীয়াই জনোৱা মতে কাশ্মীৰত কমেও ১০ হাজাৰ ৰোহিংগীয়া আছে। ইপিনে ৰোহিংগীয়া কেইজনে পুনৰ বাংলাদেশৰ শৰণাৰ্থী শিবিৰলৈ উভতি যোৱাৰ বাবে অসমলৈ অহাৰ দাবী কৰিছে যদিও আৰক্ষীৰ তদন্তে সকলো কথা স্পষ্ট হ’ব।