শিল্পী দিৱসৰ দিনটোতে বিশেষ পদক্ষেপ চৰকাৰৰ, প্ৰধানমন্ত্ৰীৰ সমুখত ১০ হাজাৰতকৈ অধিক শিল্পীয়ে নাচিব বাগৰুম্বা
শিল্পী দিৱসৰ দিনটোতে, অৰ্থাৎ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
বিহু আৰু ঝুমুৰ নৃত্যৰ অভূতপূৰ্ব সফলতাৰ পিছত এইবাৰ আন এক বৃহৎ পদক্ষেপ হাতত লৈছে অসম চৰকাৰ। বিশ্ববাসীৰ সন্মুখত এইবাৰ ৰাজ্য চৰকাৰে বডো জনজাতিৰ গৌৰৱময় লোকনৃত্য বাগৰুম্বা উপস্থাপন কৰিবলৈ সাজু হৈছে। শিল্পী দিৱসৰ দিনটোতে, অৰ্থাৎ অহা ১৭ জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই বিশাল কাৰ্যসূচী ৰূপায়ণ কৰা হ’ব। এই উপলক্ষে ৰাজ্য চৰকাৰৰ উদ্যোগত ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে।
প্ৰস্তুতি আৰু পৰ্যবেক্ষণ
ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বড়াই সৰুসজাই ষ্টেডিয়ামত উপস্থিত হৈ এই মেগা অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লৈছে। মেগা বিহু আৰু ঝুমুৰ বিনন্দিনীৰ দৰেই এই অনুষ্ঠানটোকো এক বিশ্বমানৰ ৰূপ দিয়াৰ লক্ষ্য স্থিৰ কৰিছে চৰকাৰে।
শিল্পীৰ অংশগ্ৰহণ আৰু প্ৰশিক্ষণ সূচী
এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ ৰাজ্যৰ ২৩ খন জিলাৰ পৰা ১০ হাজাৰতকৈ অধিক শিল্পী একত্ৰিত হ’ব। অনুষ্ঠানটো নিখুঁত কৰি তুলিবলৈ এক বিশেষ প্ৰশিক্ষণ সূচী প্ৰস্তুত কৰা হৈছে। মন্ত্ৰী বিমল বড়াই সদৰী কৰা মতে অহা৪, ৫ আৰু ৬ জানুৱাৰী সৰুসজাইত মাষ্টাৰ ট্ৰেইনাৰসকলক বিশেষ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব।
ইয়াৰ পিছত ৮, ৯ আৰু ১০ জানুৱাৰীত এই মাষ্টাৰ ট্ৰেইনাৰসকলে সংশ্লিষ্ট ২৩ খন জিলালৈ গৈ নিৰ্বাচিত শিল্পীসকলক নৃত্যৰ প্ৰশিক্ষণ দিব। আনহাতে ১১ জানুৱাৰীত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো শিল্পীক গুৱাহাটীলৈ অনা হ’ব। ১২ৰ পৰা ১৫ জানুৱাৰীলৈ সৰুসজাই ষ্টেডিয়ামত শিল্পীসকলে চূড়ান্ত অনুশীলনত অংশ ল’ব।
বডো জনগোষ্ঠীৰ প্ৰাণৰ নৃত্য বাগৰুম্বাক ইমান বিশাল পৰিসৰত উপস্থাপন কৰাৰ এই প্ৰয়াসে অসমৰ বৈচিত্ৰ্যময় জনজাতীয় সংস্কৃতিক বিশ্ব দৰবাৰত এক নতুন পৰিচয় দিব বুলি আশা কৰা হৈছে। প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ১০ হাজাৰ শিল্পীৰ এই ছন্দময় নৃত্যই পুনৰবাৰ অসমৰ সাংস্কৃতিক সামৰ্থ্যৰ প্ৰমাণ দাঙি ধৰিব বুলিও আশা কৰা হৈছে।