শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

এইবাৰ ১ কোটি লোকে পৰিৱেশন কৰিব “অ’ মোৰ আপোনাৰ দেশ”…

এইবাৰ ১ কোটি লোকক লৈ পৰিৱেশন কৰা হ'ব অসমৰ জাতীয় সংগীত "অ' মোৰ আপোনাৰ দেশ" ।  বিহু, ঝুমইৰ, বাগৰুম্বাৰৰ পাছতে ১ কোটি লোকক লৈ "অ' মোৰ আপোনাৰ দেশ" পৰিৱেশন কৰি অভিলেখ গঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

এইবাৰ ১ কোটি লোকে পৰিৱেশন কৰিব “অ’ মোৰ আপোনাৰ দেশ”…
হিমন্ত বিশ্ব শৰ্মাImage Credit source: tv9 hindi
Manas Borah
Manas Borah | Published: 17 Feb 2025 12:22 PM

আন এক অভিলেখ সৃষ্টিৰ দিশে আগবাঢ়িব অসম ! এইবাৰ ১ কোটি লোকক লৈ পৰিৱেশন কৰা হ’ব অসমৰ জাতীয় সংগীত “অ’ মোৰ আপোনাৰ দেশ” ।  বিহু, ঝুমইৰ, বাগৰুম্বাৰৰ পাছতে ১ কোটি লোকক লৈ “অ’ মোৰ আপোনাৰ দেশ” পৰিৱেশন কৰি অভিলেখ গঢ়াৰ ইচ্ছা প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । সাংবাদিকৰ সৈতে হোৱা এক বাৰ্তালাপৰ সময়তে এই ইচ্ছা প্ৰকাশ কৰে মুখ্যমন্ত্ৰ গৰাকীয়ে ।

নিজৰ ইচ্ছা প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, “বিহু-ঝুমইৰ হ’ল । ইয়াৰ পাছতে বাগৰুম্বাৰ হ’ব । মোৰ মনত আৰু এটা ইচ্ছা আছে যে, ১ কোটি লোকক লৈ অ’ মোৰ আপোনাৰ দেশ গাম ।” কিন্তু গুৱাহাটীৰ পৰিৱৰ্তে নিজ নিজ ঠাইত মুঠ ১ কোটি লোকে একে সময়তে অসমৰ জাতীয় সংগীত পৰিৱেশন কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ইয়াৰ সমান্তৰালভাৱে তেওঁ কয়,” অসমক এটা বেলেগ পৰ্যায়লৈ লৈ যোৱা আমাৰ লক্ষ্য । এই ধৰণৰ নতুন নতুন বহুত চিন্তা কৰা হৈছে । এয়া মাত্ৰ এটা উদাহৰণহে ।” ইয়াৰ লগতে এই পাঁচৰ বছৰৰ শেষৰ দিনটোলৈকে কাম কৰি যোৱাৰ ইচ্ছা প্ৰকাশ কৰে মুখ্য়মন্ত্ৰীগৰাকীয়ে । বাজেটৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, “এইবাৰৰ বাজেটত ইয়াৰ প্ৰতিফলন দেখিব ।”

উল্লেখ্য যে, অহা ২৪ ফেব্ৰুৱাৰীত ‘ঝুমইৰ বিনন্দিনী-২০২৫’ শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে ঝুমুৰ নৃত্য পৰিৱেশন কৰি বিশ্ব অভিলেখ গঢ়িব অসমে । সৰুসজাই ষ্টেডিয়ামত আয়োজন কৰা এই কাৰ্যসূচীত চাহ বাগিচাৰ ৮০০০ গৰাকী নৃত্য শিল্পীয়ে অংশগ্ৰহণ কৰিব । ইয়াৰ পূৰ্বে ১০ হাজাৰ বিহুৱা-বিহুৱতীয়ে বিহু পৰিৱেশন কৰি বিশ্ব অভিলেখ সৃষ্টি কৰিছিল ।