ভাৰতক হেৰুৱাৰ ভয়ে দহিছে ট্ৰাম্পক! ‘বন্ধু’ মোদীৰ প্ৰসঙ্গৰে স্মৰণ কৰিলে আমেৰিকা-ভাৰতৰ বন্ধুত্ব

প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে বুলি দোহাৰে। কেৱল ইমানেই নহয়, ট্ৰাম্পে লগতে মুকলিকৈয়ে ভাৰতক হেৰুওৱা বুলিও উল্লেখ কৰিছে। পিছে ট্ৰাম্পৰ এয়া অনুশোচনা নে নতুন কোনো পৰিকল্পনা, সেয়া কোৱাহে কঠিন হৈ পৰিছে।

ভাৰতক হেৰুৱাৰ ভয়ে দহিছে ট্ৰাম্পক! ‘বন্ধু’ মোদীৰ প্ৰসঙ্গৰে স্মৰণ কৰিলে আমেৰিকা-ভাৰতৰ বন্ধুত্ব

বন্ধু মোদীক স্মৰণ ট্ৰাম্পৰ!

Updated On: 

06 Sep 2025 07:28 AM

দ্ৰুত অৱনতি ঘটিছে ভাৰত আৰু আমেৰিকাৰ মাজৰ বন্ধুত্বপূৰ্ণ সম্পৰ্কৰ ৰাছিয়াৰ পৰা তেল ক্ৰয় আৰু শুল্ক নীতিক কেন্দ্ৰ কৰি দুয়োখন দেশৰ মাজত ক্ৰমাৎ বৃদ্ধি পাইছে দূৰত্ব একালৰ বন্ধু এই দুই দেশৰ মাজত দেখা দিয়া এনে উত্তেজনাৰ মাজতে মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মুখত পুনৰ শুনা গৈছে ভাৰতআমেৰিকাৰ বন্ধুত্বৰ কথা প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাৰে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰত আৰু আমেৰিকাৰ মাজত এক বিশেষ সম্পৰ্ক আছে বুলি দোহাৰে দুয়োখন দেশৰ মাজত কেতিয়াবা কিছুমান বিশেষ মুহূৰ্তৰ বাবে চিন্তাৰ কোনো কথা নাই বুলিও উল্লেখ কৰিছে ট্ৰাম্পে।

শুকুৰবাৰে এক অনুষ্ঠানত ট্ৰাম্পে কয়, মই সদায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু হৈ থাকিম। তেওঁ এজন মহান প্ৰধানমন্ত্ৰী। কিন্তু এই বিশেষ মুহূৰ্তত তেওঁৰ কাৰ্য মোৰ ভাল লগা নাই।কেৱল ইমানেই নহয়, ট্ৰাম্পে লগতে মুকলিকৈয়ে ভাৰতক হেৰুওৱা বুলিও উল্লেখ কৰিছে পিছে ট্ৰাম্পৰ এয়া অনুশোচনা নে নতুন কোনো পৰিকল্পনা, সেয়া কোৱাহে কঠিন হৈ পৰিছে

ট্ৰুথ ছ’চিয়েলৰ এটা পোষ্টত ট্ৰাম্পে ভাৰত আৰু ৰাছিয়াক চীনৰ হাতত হেৰুৱাই পেলোৱা বুলি হতাশা ব্যক্ত কৰে। অৱশ্যে ট্ৰাম্পে দুয়োখন দেশৰ ভৱিষ্যতৰ সমৃদ্ধিও আশা কৰে। ট্ৰাম্পে লগতে নিজা একাউণ্ট যোগে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ নেতা ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ এখন পুৰণি ফটোও পোষ্ট কৰে।

ইফালে ভাৰতে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰাত অত্যন্ত হতাশ হোৱা বুলিও দোহাৰে ট্ৰাম্পে। ভাৰতৰ ওপৰত অতি উচ্চ হাৰত শুল্ক আৰোপ কৰাৰ কথা উল্লেখ কৰি ট্ৰাম্পে লগতে কয়, অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত মোৰ বহুত ভাল সম্পৰ্ক আছে প্ৰধানমন্ত্ৰী মোদীক যথেষ্ট ভাল বুলিও প্ৰশংসা কৰি ট্ৰাম্পে লগতে মোদীৰ শেহতীয়া আমেৰিকা ভ্ৰমণৰ কথাও উল্লেখ কৰে

উল্লেখ্য যে চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ শীৰ্ষ সন্মিলনত একেখন মঞ্চতে দেখা গৈছিল প্ৰধানমন্ত্ৰী মোদী, জিনপিং আৰু পুটিনক এই তিনিওগৰাকী ৰাষ্ট্ৰনেতাৰ মাজত হোৱা মিলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল এই সন্মিলনৰ মাত্ৰ কেইদিনমানৰ পিছতে এতিয়া ছ’চিয়েল মিডিয়াত এই পোষ্ট কৰিছে ট্ৰাম্পে।

ভগৱান বিষ্ণুৰ প্ৰিয় এই ৩ ৰাশিৰ লোক, কেতিয়াও নহয় ধনৰ অভাৱ!
হঠাৎ কিয় ছ'চিয়েল মিডিয়া ইনফ্লুয়েঞ্চাৰ ৰাজীৱ কলিতাই ল'লে চৰম পন্থা?
বদহজম, ভোক কমি যোৱাৰ পৰা ওজন হ্ৰাসলৈকে, পেটৰ কৰ্কট ৰোগৰ ৫টা প্ৰাৰম্ভিক লক্ষণ কি কি? জানক
ধন-সম্পত্তিৰ হ'ব ক্ষতি, ভুলতো দুপৰীয়া নামাৰিব টোপনি!