ব্যৱসায়ৰ জৰিয়তে সমাধান কৰিছোঁ ভাৰত-পাকিস্তানৰ সমস্যা: পুনৰ যুদ্ধবিৰতিৰ কৃতিত্ব ল’লে ট্ৰাম্পে

ট্ৰাম্পে ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ কৃতিত্ব লোৱা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এই উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি ভাৰত-পাকিস্তানৰ উত্তেজনা শান্তিপূৰ্ণভাৱে সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছিল ট্ৰাম্পে ।

ব্যৱসায়ৰ জৰিয়তে সমাধান কৰিছোঁ ভাৰত-পাকিস্তানৰ সমস্যা: পুনৰ যুদ্ধবিৰতিৰ কৃতিত্ব ল’লে ট্ৰাম্পে

ড’নাল্ড ট্ৰাম্প

Updated On: 

22 May 2025 10:52 AM

বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত শেহতীয়াকৈ হোৱা সংঘাতৰ সমাধান বাণিজ্যৰ জৰিয়তে কৰা বুলি পুনৰবাৰ দাবী কৰে। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফোছাৰ সৈতে হোৱা বৈঠকৰ সময়ত অ’ভেল অফিচত ট্ৰাম্পে কয়, “আপুনি দেখিছে পাকিস্তান আৰু ভাৰতৰ লগত আমি কি কৰিলোঁ । আমি সেই গোটেই সমস্যাটো সমাধান কৰিছো, আৰু মই ভাবো ব্যৱসায়ৰ জৰিয়তে ইয়াৰ সমাধান কৰিছো।”

তেওঁ কয়, “আমেৰিকাই ভাৰত আৰু পাকিস্তান উভয়ৰে সৈতে ডাঙৰ চুক্তি কৰিছে”। আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, “মই ক’বলৈ বেয়া পাইছোঁ যে, এফালে আমি এই সমস্যাটো সমাধান কৰিলোঁ, কিন্তু দুদিনৰ পাছত এনে কিবা এটা হ’ল, আৰু তেওঁলোকে কৈছে ট্ৰাম্পৰ দোষ।”

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা

ট্ৰাম্পে কয়, “পাকিস্তানত কিছুমান মহান মানুহ আছে আৰু কিছুমান সঁচাকৈয়ে ভাল আৰু মহান নেতা আছে, কিন্তু ভাৰত তেওঁলোকৰ বন্ধু।” ইয়াকে লৈ উত্তৰত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতিয়ে কয়, “মোদী এজন পাৰস্পৰিক বন্ধু। ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা হ্ৰাস কৰাত সহায় কৰা বুলি বাৰে বাৰে দাবী কৰি আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।”

উল্লেখ্য যে,  ট্ৰাম্পে ভাৰত-পাকিস্তান যুদ্ধবিৰতিৰ কৃতিত্ব লোৱা এয়াই প্ৰথম নহয়। ইয়াৰ পূৰ্বেও এই উত্তেজনাৰ মাজতে ভাৰত-পাকিস্তানৰ যুদ্ধবিৰতিৰ আনুষ্ঠানিক ঘোষণাৰ পূৰ্বে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত পোষ্ট কৰি ভাৰত-পাকিস্তানৰ উত্তেজনা শান্তিপূৰ্ণভাৱে সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলি দাবী কৰিছিল ট্ৰাম্পে ।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ মধ্যস্থতাকাৰীৰ দাবীক লৈ আমেৰিকাৰ প্ৰাক্তন এনএছএয়ে কটাক্ষ কৰিছিল। বোল্টনে কয়, “ট্ৰাম্পৰ ক্ৰেডিট লোৱাৰ অভ্যাস আছে। ভাৰতৰ বাবে এয়া ব্যক্তিগত নহয়।” তেওঁ লগতে কয়, “ট্ৰাম্পে সকলো কামৰ কৃতিত্ব লয়। মই ভাবো প্ৰধানমন্ত্ৰী মোদীৰ সৈতে তেওঁৰ কথা-বতৰা হৈছিল।” তেওঁ কয়, “মই নিশ্চিত যে ই একেধৰণৰ হ’ব, কিয়নো আন দেশসমূহেও এইটো জানিবলৈ ফোন কৰি আছে যে, তেওঁ কি কৰিব পাৰে। ট্ৰাম্পৰ বিশেষত্ব হ’ল আন কোনোৱে ক্ৰেডিট লোৱাৰ আগতেই তেওঁ জপিয়াই পৰে। এইটো হতাশাজনক হ’ব পাৰে। কিন্তু এয়া ভাৰতৰ বিৰুদ্ধে একো নহয়। মাথোঁ ট্ৰাম্প হোৱাৰ বাবেই৷”

ভাৰতে অপাৰেচশ্যন সেন্দূৰৰ অধীনত যোৱা ৭ মে’ত পাকিস্তানৰ ৯টা সন্ত্ৰাসবাদী ঘাটিত আক্ৰমণ চলাইছিল। ২২ এপ্ৰিলত পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ প্ৰতিক্ৰিয়া স্বৰূপে এই ব্যৱস্থা গ্ৰহণ কৰা হয়। ইয়াৰ পিছত পাকিস্তানে ৮, ৯ আৰু ১০ মে’ত ভাৰতীয় সামৰিক ঘাটিসমূহক লক্ষ্য কৰি ল’বলৈ চেষ্টা কৰিছিল, যাৰ উপযুক্ত উত্তৰ দিছিল ভাৰতে। ইয়াৰ পিছত চাৰিদিন ধৰি দুয়োখন দেশৰ মাজত চলিছিল ড্ৰ’ন আৰু মিছাইল আক্ৰমণ। ১০ মে’ত ভাৰত আৰু পাকিস্তানে সম্পূৰ্ণ আৰু তাৎক্ষণিক যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰে। সেইদিনা আমেৰিকাৰ মধ্যস্থতাত দুয়োখন দেশৰ মাজত এই চুক্তি হোৱা বুলি ঘোষণা কৰে ট্ৰাম্পে।

কোনো কিংবদন্তিয়ে কৰিব নোৱাৰা কাম কৰি দেখুৱালে বুমৰাহে, ৯বাৰৰ সফলতাৰে ৰচিলে এই অভিলেখ
ডায়েবেটিছ হ'লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে, জানক...
কেঁচা অমিতা খোৱাৰ পৰা বিৰত থাকক এইসকল লোকে, অন্যথা হ’ব পাৰে কোনো সমস্যা
শৰীৰত তেজৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা...