ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নেকি পাকিস্তানে? প্ৰতিৰক্ষা মন্ত্ৰী আছিফে ক’লে এইদৰে…

পাকিস্তানৰ কথা আৰু কাৰ্মৰ মাজত সদায় পাৰ্থক্য থাকে। শেহতীয়াকৈ ভাৰতৰ ফাইটাৰ জেড সন্দৰ্ভত দিয়া বক্তব্যক লৈ পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে লাজৰ সন্মুখীন হ’বলগীয়া হৈছিল।ইয়াৰ মাজতে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰতো তেওঁ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

ভাৰতৰ বিৰুদ্ধে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ কৰিব নেকি পাকিস্তানে? প্ৰতিৰক্ষা মন্ত্ৰী আছিফে কলে এইদৰে...

পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফ

Published: 

10 May 2025 16:25 PM

ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজিত পৰিস্থিতিৰ সন্দৰ্ভত পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে পাৰমাণৱিক অস্ত্ৰ ব্যৱহাৰ সম্পৰ্কে এক সাক্ষাৎকাৰত ইয়াৰ উত্তৰ দিয়ে। প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে শনিবাৰে কয় যে ভাৰত-পাকিস্তানৰ হাতত বৰ্তমান পাৰমাণৱিক অস্ত্ৰৰ বিকল্প নাই। জিঅ’ নিউজৰ আগত আছিফে কয়, “এই মুহূৰ্তত পাৰমাণৱিক বিকল্পৰ বিষয়ে বিবেচনা কৰা নাই। কিন্তু এনে পৰিস্থিতিৰ সৃষ্টি হ’লে তেতিয়া ইয়াৰ প্ৰভাৱ ‘পৰিদৰ্শক’ৰ ওপৰটো পৰিব।”

খোৱাজা আছিফে লগতে কয়, মই বিশ্ববাসীক কৈছো যে এইটো কেৱল এই অঞ্চলতে সীমাবদ্ধ নাথাকে, ই অতি ব্যাপক পৰিসৰত হ’ব পাৰে। এয়া ধ্বংস।” তেওঁ কয়, “ভাৰতে সৃষ্টি কৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বিকল্পসমূহ কমি আহিছে।” আছিফে লগতে কয়, নেশ্যনেল কমাণ্ড অথৰিটিৰ কোনো বৈঠক আহ্বান কৰা হোৱা নাই। পাকিস্তানৰ পাৰমাণৱিক অস্ত্ৰ সন্দৰ্ভত কাৰ্যকৰী সিদ্ধান্ত লোৱাৰ দায়িত্ব এনচিএৰ।”

ইফালে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছহাক দাৰে শনিবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক কয়, “ভাৰতে সামৰিক কাৰ্যকলাপ বন্ধ কৰিলে পাকিস্তানে শান্তিৰ কথা বিবেচনা কৰিব।” ৰুবিঅ’ৰ সৈতে হোৱা বাৰ্তালাপত দাৰে  বল ভাৰতৰ হাতত আছে বুলি উল্লেখ কৰে। পাকিস্তানৰ উপ-প্ৰধানমন্ত্ৰী দাৰে কয়, “যুদ্ধ আমাৰ অগ্ৰাধিকাৰ নহয় আৰু আমি আচলতে শান্তি বিচাৰো, কিন্তু কোনো দেশৰ আধিপত্য অবিহনে সেয়া কৰিব বিচাৰো।”

শনিবাৰে পুৱা ৰুবিঅ’ আৰু চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰীকে ধৰি বিশ্ব নেতাসকলৰ সৈতে হোৱা কথা-বতৰা ইতিবাচক বুলি উল্লেখ কৰি ভাৰতৰ সৈতে আলোচনা আৰম্ভ হ’ব পাৰে বুলি তেওঁ আশা প্ৰকাশ কৰে। শেহতীয়াকৈ সংঘটিত আক্ৰমণৰ পিছত দুয়োখন দেশৰ সেনাৰ মাজত যোগাযোগৰ বিষয়ে সোধাত দাৰে কয় যে দুয়োপক্ষৰ পৰা বাৰ্তা আদান-প্ৰদান কৰা হৈছে।

লগতে পঢ়ক: অপাৰেশ্যন সেন্দূৰত নিহত হৈছিল এই ৫ ডাঙৰ সন্ত্ৰাসবাদী, পাকিস্তানে প্ৰকাশ কৰিছে চূড়ান্ত তালিকা

ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
২৬ত সলনি হ’ব বিশ্ব! বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণীক লৈ চাঞ্চল্য...
Happy New Year: এই নৱবৰ্ষত আপোনজনক দিয়ক সহজ আৰু চুটি শুভেচ্ছা বাৰ্তা!
ছালত ব্রণৰ সমস্যা, ই কোনো ৰোগৰ ইংগিত নেকি?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...