২৬ জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱস, পাকিস্তানে কিয় ২৩ মাৰ্চত পালন কৰে গণৰাজ্য দিৱস?
পাকিস্তানত ২৩ মাৰ্চত গণৰাজ্য দিৱস পালনৰ দুটা কাৰণ। প্ৰথমতে ই এক মুছলমান দেশৰ ভেটি হিচাপে চিহ্নিত কৰিছিল আৰু দ্বিতীয়তে পাকিস্তানে প্ৰথম সংবিধান গ্ৰহণ কৰিছিল। এতিয়া প্ৰশ্ন হয় এই দিনটোৰ বাবে ২৩ মাৰ্চ কিয় বাছি লোৱা হ’ল?

পাকিস্তানৰ গণৰাজ্য দিৱস কেতিয়া?
চলিত বৰ্ষৰ ২৬ জানুৱাৰীত ভাৰতে ৭৭ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰিব। গণৰাজ্য দিৱসৰ আকৰ্ষণ কেৱল কৰ্তব্য পথৰ পেৰেডতে সীমাবদ্ধ নহয়; ইয়াত সামৰিক বাহিনীৰ শক্তি আৰু গণতন্ত্ৰৰ মনোভাৱো প্ৰদৰ্শন কৰা হয়। ১৯৫০ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ সংবিধান কাৰ্যকৰী হোৱাৰে পৰা এই দিনটোত সাংবিধানিক মূল্যবোধৰ প্ৰতীক: ন্যায়, স্বাধীনতা, সমতা, আৰু সামৰিক শক্তিৰ উদযাপন কৰা হয়। সংবিধান প্ৰণয়নৰ লগে লগে ২৬ জানুৱাৰীত গণৰাজ্য দিৱসৰ দিন নিৰ্ধাৰণ কৰা হৈছিল যদিও চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানে ২৩ মাৰ্চৰ পৰা গণৰাজ্য দিৱস পালনৰ পৰম্পৰা আৰম্ভ কৰিছিল।
পাকিস্তানত ২৩ মাৰ্চত গণৰাজ্য দিৱস পালনৰ দুটা কাৰণ। প্ৰথমতে ই এক মুছলমান জাতিৰ ভেটি হিচাপে চিহ্নিত কৰিছিল আৰু দ্বিতীয়তে পাকিস্তানে প্ৰথম সংবিধান গ্ৰহণ কৰিছিল। এতিয়া প্ৰশ্ন হয় এই দিনটোৰ বাবে ২৩ মাৰ্চ কিয় বাছি লোৱা হ’ল?
২৩ মাৰ্চত কিয় পালন কৰা হয় পাকিস্তানৰ গণৰাজ্য দিৱস?
১৯৪০ চনৰ ২৩ মাৰ্চত লাহোৰত অনুষ্ঠিত এখন সন্মিলনত পাকিস্তানৰ প্ৰতিষ্ঠাপক বুলি গণ্য কৰা মহম্মদ আলী জিন্নাই সুকীয়া মুছলমান ৰাষ্ট্ৰৰ দাবী জনায়। জিন্নাৰ নেতৃত্বত সৰ্বভাৰতীয় মুছলিম লীগৰ কাৰ্যনিৰ্বাহক সমিতিয়ে লাহোৰ প্ৰস্তাৱ গৃহীত কৰে, যিয়ে পৰৱৰ্তী সময়ত পাকিস্তান (১৯৪৭) সৃষ্টিৰ ভেটি স্থাপন কৰে।
দেশ বিভাজনৰ পিছত ১৯৪৭ চনৰ ১৫ আগষ্টত জিন্না পাকিস্তানৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল হয়। ব্ৰিটিছ ভাৰতৰ শেষ ভাইচৰয় লৰ্ড লুই মাউণ্টবেটেনৰ হাতলৈ ক্ষমতা হস্তান্তৰ কৰা হয়। মাউণ্টবেটেনৰ পৰিকল্পনাৰ অধীনত ভাৰত আৰু পাকিস্তান বিভাজনৰ পিছত দুয়োখন দেশক ডমিনিয়নৰ মৰ্যাদা প্ৰদান কৰা হৈছিল। ১৯৭১ চনত ইছলামবাদৰ পৰা স্বাধীনতা লাভ কৰাৰ পিছত পাকিস্তানৰ পূব অংশ বাংলাদেশলৈ পৰিণত হয়।
লাহোৰ প্ৰস্তাৱৰ ১৬ বছৰৰ পাছত ১৯৫৬ চনৰ ২৩ মাৰ্চত পাকিস্তানে আনুষ্ঠানিকভাৱে প্ৰথমখন সংবিধান গ্ৰহণ কৰি ডমিনিয়নৰ পৰা গণৰাজ্যলৈ ৰূপান্তৰিত কৰে। দেশখনক আনুষ্ঠানিকভাৱে ইছলামিক ৰিপাব্লিক অৱ পাকিস্তান হিচাপে ঘোষণা কৰা হয়, আৰু সেই দিনটোক গণৰাজ্য দিৱস হিচাপে নিৰ্ধাৰণ কৰা হয়।
কিন্তু ১৯৫৮ চনত এই সংবিধান বাতিল কৰি সামৰিক আইন জাৰি কৰা হয়। ইয়াৰ পিছত ১৯৬২ চনত ইয়াৰ ঠাইত নতুন সংবিধান গঠন কৰা হয়। পাকিস্তানৰ বৰ্তমানৰ সংবিধান, ইয়াৰ তৃতীয় সংস্কৰণ, ১৯৭৩ চনত প্ৰণয়ন কৰা হয় আৰু তাৰ পিছত কেইবাবাৰো সংশোধন কৰা হয়।
আজিৰ দিনটোত পাকিস্তানত কি হয়?
২৩ মাৰ্চ পাকিস্তানৰ ইতিহাসত এক উল্লেখযোগ্য তাৰিখ। আজিৰ দিনটোতে মুছলমান দেশৰ ধাৰণাটোৰ ভেটি স্থাপন কৰা হয়। সুকীয়া দেশৰ দাবী উত্থাপন হৈছিল। যদিও বছৰটো বেলেগ আছিল, প্ৰথম সংবিধান কাৰ্যকৰী কৰিবলৈ এই তাৰিখটো বাছি লোৱা হৈছিল। সংবিধান প্ৰণয়নৰ লগে লগে দেশখন গণৰাজ্যত পৰিণত হয়। পাকিস্তানত গণৰাজ্য দিৱস উপলক্ষে ইছলামবাদত গ্ৰেণ্ড মিলিটাৰী পেৰেড অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় বঁটা বিতৰণ কৰা হয়। সমগ্ৰ দেশতে উদযাপন অনুষ্ঠিত হয়, চৰকাৰী কাৰ্যালয় বন্ধ থাকে। মহানগৰীখনত দেশপ্ৰেমৰ এক পৰিৱেশে বিৰাজ কৰে। পাকিস্তানৰ পতাকা সকলোতে উত্তোলন কৰা হয়।