ইজৰাইল-ইৰাণ আৰু আমেৰিকা…যুদ্ধৰ ১২ দিনত কোনখন দেশৰ কিমান লোকচান হ’ল?
এই যুদ্ধৰ ১২ দিনত ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এই যুদ্ধত ইৰাণৰ ৬৫৭ৰ পৰা ৮০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। একে সময়তে ইজৰাইলৰো ২৪ ৰ পৰা ৩০ জন লোক নিহত হয়। সামগ্ৰিকভাৱে কোন দেশৰ কিমান লোকচান? জানক

ইজৰাইল ইৰাণ যুদ্ধ
ইজৰাইলে ১৩ জুনত ইৰাণৰ বিৰুদ্ধে অপাৰেচন লায়ন ৰাইজিং আৰম্ভ কৰে। ইয়াৰ পাছতে ইজৰাইলৰ ওপৰতো ইৰাণে প্ৰতিশোধমূলক আক্ৰমণ কৰে। এই যুদ্ধৰ ১২ দিনত ইৰাণ আৰু ইজৰাইল দুয়োখন দেশে বৃহৎ লোকচানৰ সন্মুখীন হ’বলগীয়া হয়। এই যুদ্ধত ইৰাণৰ ৬৫৭ৰ পৰা ৮০০ লোকৰ মৃত্যু হোৱা বুলি খবৰ প্ৰকাশ পাইছে। একে সময়তে ইজৰাইলৰো ২৪ ৰ পৰা ৩০ জন লোক নিহত হয়। নিহতসকলৰ ভিতৰত ইৰাণৰ ২০০ৰ পৰা ৩৬৫জন জোৱান। আনহাতে ইজৰাইলী সৈনিকৰ মৃত্যুৰ সৈতে জড়িত কোনো তথ্য এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। আহতসকলৰ কথা ক’বলৈ গ’লে ইৰাণত ২৫০০ৰ পৰা ৩৫০০ লোক আহত হোৱাৰ বিপৰীতে ইজৰাইলত ৮০৪জন লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে।
ইৰাণৰ ওপৰত ইজৰাইলৰ আক্ৰমণৰ কাৰণ আছিল ইয়াৰ পাৰমাণৱিক আৰু সামৰিক শক্তি ধ্বংস কৰা, যাৰ বাবে ইজৰাইলে অতি নিখুঁত আক্ৰমণ চলাই ইৰাণৰ বৃহৎ ক্ষতিসাধন কৰে। ইজৰাইলৰ আক্ৰমণত আই আৰ জি চিৰ শীর্ষ বিষয়া, ইৰাণৰ সেনা মুৰব্বী, নৌসেনাৰ মুৰব্বী আৰু বায়ুসেনাৰ মুৰব্বীকে ধৰি ১৯জন শীৰ্ষ বিষয়া নিহত হয়। এই আক্ৰমণত ইৰাণৰ ১০ জন পাৰমাণৱিক বিশেষজ্ঞ নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে। ইৰাণৰ নাটাঞ্জ, ফৰ্ডো আৰু ইছফাহানৰ পাৰমাণৱিক স্থানৰ বৃহৎ ক্ষতি হয়। ইজৰাইলে ধ্বংস কৰিলে আৰক ৱাটাৰ ৰিয়েক্টৰ আৰু তেহৰাণ ৰিচাৰ্চ চেণ্টাৰ।
ইৰাণেও ইজৰাইলৰ আক্ৰমণৰ প্ৰতি একেধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ইৰাণে অপাৰেচন ট্ৰু প্ৰমিজ ৩ চলাই ইজৰাইলৰ চহৰসমূহ কঁপাই তুলিছিল। ইৰাণৰ আক্ৰমণত ইজৰাইলৰ টেল আভিভ, হাইফা আৰু বিয়েৰ শ্বেভা চহৰত বৃহৎ ক্ষতিসাধন হৈছে। ইয়াৰ বাহিৰেও ইজৰাইলৰ বহু গুৰুত্বপূৰ্ণ অট্টালিকা ধ্বংস হয়। ইয়াৰ ভিতৰত আছে মোছাদৰ মুখ্য কাৰ্যালয়, আইডিএফৰ মুখ্য কাৰ্যালয়, টেল আভিভ ষ্টক এক্সচেঞ্জ আৰু ছ’ৰোকা মেডিকেল চেণ্টাৰ। হাইফা বন্দৰ, হাইফা নৌসেনাৰ ঘাটি আৰু তেল শোধনাগাৰো ক্ষতিগ্ৰস্ত হয়।
আমেৰিকাই এই যুদ্ধত প্ৰত্যক্ষভাৱে অংশগ্ৰহণ কৰে। এনে পৰিস্থিতিত সামৰিক ফ্ৰণ্টত আমেৰিকাৰ কোনো ক্ষতি হোৱা নাই যদিও ইজৰাইল-ইৰাণ যুদ্ধত আমেৰিকাৰ যি ক্ষতি হৈছে সেয়া আটাইতকৈ গুৰুত্বপূৰ্ণ। যুদ্ধত আমেৰিকাৰ ভাবমূৰ্তি বহু পৰিমাণে প্ৰভাৱিত হয়। প্ৰথমতে আমেৰিকাৰ বিশ্বাসযোগ্যতাৰ ওপৰত প্ৰশ্ন উত্থাপন হোৱাৰ বিপৰীতে দ্বিতীয়তে আৰবৰ ওপৰত আমেৰিকাৰ দখল দুৰ্বল হৈছে। এইটো স্পষ্ট যে, সামৰিক ফ্ৰণ্টত ইৰাণ-ইজৰাইলৰ লোকচান হোৱাৰ বিপৰীতে কূটনৈতিক ফ্ৰণ্টত আমেৰিকাই লোকচান ভুগিবলগীয়া হৈছে। যদি যুদ্ধবিৰতি ভংগ হয়, তেন্তে নিশ্চিতভাৱে পৰৱৰ্তী পৰ্যায়ত এই যুদ্ধ অতি ধ্বংসাত্মক হ’ব বুলি ধাৰণা কৰিছে বিশ্লেষকসকলে।
লগতে পঢ়ক: Morning News: পলকতে চাওঁ আহক পুৱাৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ…