শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Iran Attacks on Mossad: ইজৰাইলৰ ‘ঢাল’ ভাঙি মোছাদৰ ঘাটি ধ্বংস কৰিলে ইৰাণে…চাওক ভিডিঅ’

বিগত দশক দশক ধৰি অব্যাহত থকা দুয়োখন দেশৰ মাজত শত্ৰুতাই পুনৰ প্ৰত্যক্ষ সংঘাতৰ ৰূপ লৈছে । ইজৰাইলে যেনেকৈ ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে, ঠিক তেনেদৰে ইৰাণে ইজৰাইলক লক্ষ্য কৰি লৈছে । শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, বিশ্বৰ আটাইতকৈ অত্যাধুনিক ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে ইৰাণে ।

Iran Attacks on Mossad: ইজৰাইলৰ ‘ঢাল’ ভাঙি মোছাদৰ ঘাটি ধ্বংস কৰিলে ইৰাণে…চাওক ভিডিঅ’
মোছাদৰ ঘাটিত আক্ৰমণ ইৰাণৰ
manas-borah
Manas Borah | Published: 17 Jun 2025 15:56 PM

অশান্ত মধ্যপ্ৰাচ্য ! ইৰাণ-ইজৰাইলৰ সামৰিক সংঘাতে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে । বিগত দশক দশক ধৰি অব্যাহত থকা দুয়োখন দেশৰ মাজত শত্ৰুতাই পুনৰ প্ৰত্যক্ষ সংঘাতৰ ৰূপ লৈছে । ইজৰাইলে যেনেকৈ ইৰাণৰ সামৰিক ঘাটিক লক্ষ্য কৰি লৈছে, ঠিক তেনেদৰে ইৰাণে ইজৰাইলক লক্ষ্য কৰি লৈছে । শেহতীয়াকৈ প্ৰকাশিত খবৰ অনুসৰি, বিশ্বৰ আটাইতকৈ অত্যাধুনিক ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ ঘাটিত বেলিষ্টিক মিছাইলেৰে আক্ৰমণ সংঘটিত কৰে ইৰাণে ।

ইতিমধ্যে এই আক্ৰমণৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । এক্স হেণ্ডলত ভাইৰেল হৈ পৰা ভিডিঅ’টোত দেখা গৈছে যে, আক্ৰমণৰ ফলত ইজৰাইলৰ চোৱাংচোৱা সংস্থা মোছাদৰ এটা বিল্ডিঙৰ পৰা ক’লা ধোঁৱা ওলাই আছে । অগ্নিকাণ্ডও সংঘটিত হৈছে বিল্ডিংটোত। একেদৰে বিল্ডিংটোৰ এটা অংশ আক্ৰমণত ভাঙি যোৱা বুলি দাবী কৰিছে ব্ৰিকছ নিউজে।

ইফালে, ইৰাণৰ সামৰিক শক্তিক দুৰ্বল কৰিবলৈ নিশাৰ ভিতৰতে কেইবাটাও ঘাটি ইজৰাইলে ধ্বংস কৰা বুলি খবৰ প্ৰকাশ পাইছে । ইৰাণৰ চৰকাৰী সংবাদ মাধ্যমৰ কাৰ্যালয় IRIB ত আক্ৰমণ সংঘটিত হোৱা বুলিও জানিব পৰা গৈছে । আনকি কমাণ্ডাৰ পদৰ কেইবাজনো সামৰিক বিষয়াৰ এই আক্ৰমণ নিহত হোৱাৰ খবৰ প্ৰকাশ পাইছে ।

ইজৰাইলৰ সামৰিক সূত্ৰৰ মতে, মঙলবাৰে ইজৰাইলে নিশাৰ ভিতৰতে আক্ৰমণ সংঘটিত কৰি ইৰাণৰ আয়াতুল্লাহ আলী খামেনীয়ে নতুনকৈ নিযুক্তি দিয়া সেনা প্ৰধান আলী ছাদমানিক হত্যা কৰে। তিনিদিন পূৰ্বে ইজৰাইলৰ আক্ৰমণত ইৰাণৰ সেনাধ্যক্ষ হুছেইন চালামী আৰু মুখ্য সেনাধ্যক্ষ হুছেইন বাঘেৰীৰ মৃত্যুৰ পিছত খামেনেইয়ে ছাদমানিক জেনেৰেলৰ পদবীলৈ উন্নীত কৰিছিল।

কিন্তু দায়িত্ব লোৱাৰ কেইদিনমানৰ ভিতৰতে ইজৰাইলৰ আক্ৰমণত প্ৰাণ হেৰুৱালে সেনা প্ৰধানজনে। প্ৰতিশোধ ল’বলৈ ইৰাণে এতিয়া ইজৰাইলৰ চোৰাংচোৱা সংস্থা মোছাদৰ ঘাটিত আক্ৰমণ সংঘটিত কৰিছে । উল্লেখ্য যে, ইৰাণত প্ৰথম আক্ৰমণৰ আঁৰত ইজৰাইলৰ সেনাক কৌশলগতভাৱে মোছাদৰ চোৰাংচোৱাই আটাইতকৈ বেছি সহায় কৰিছিল। দিনৰ পিছত দিন মোছাদৰ চোৰাংচোৱাই ইৰাণৰ ভিতৰত ঘাটি নিৰ্মাণ কৰি আছিল। তাৰ পাছত ৰাতিৰ আন্ধাৰত সুযোগ লৈ মোছাদে দিয়া তথ্যৰ ভিত্তিত সেনাই ড্ৰ’ন আৰু মিছাইলেৰে আক্ৰমণ কৰে…।