‘যদি ভাৰতে…..’! হৃদয়ৰ পৰিৱৰ্তনেৰে শান্তিৰ বাৰ্তা দি যুদ্ধবিৰতিৰ সমৰ্থনলৈ আহিল পাকিস্তান

যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হোৱাৰ দিশত সুৰ সলনি কৰিবলৈ বাধ্য হৈ পৰে পাকিস্তান। আক্ৰমণৰ সুৰৰ পৰা পাকিস্তানৰ স্থিতি শান্তিৰ বাৰ্তালৈ সলনি হৈ পৰে। ‘যদি ভাৰতে যুদ্ধ বন্ধ কৰে, তেতিয়া পাকিস্তানেও বন্ধ কৰিব’ বুলি উল্লেখ কৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক ডাৰে।

‘যদি ভাৰতে…..’! হৃদয়ৰ পৰিৱৰ্তনেৰে শান্তিৰ বাৰ্তা দি যুদ্ধবিৰতিৰ সমৰ্থনলৈ আহিল পাকিস্তান

যুদ্ধবিৰতিত সন্মতি ভাৰত-পাকিস্তানৰ

Published: 

10 May 2025 19:04 PM

যুদ্ধৰ শংকা আৰু আতংকৰ মাজতে আজি যুদ্ধবিৰতি ঘোষণা কৰিলে ভাৰত আৰু পাকিস্তানে। জানিব পৰা মতে আমেৰিকান ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মধ্যস্থতাত দুয়োখন দেশে যুদ্ধবিৰতিৰ ক্ষেত্ৰত ঐক্যমতত উপনীত হয়। অৱশ্যে এই ঐক্যমতৰ দিশত সুৰ সলনি কৰিবলৈ বাধ্য হৈ পৰে পাকিস্তান। আক্ৰমণৰ সুৰৰ পৰা পাকিস্তানৰ স্থিতি শান্তিৰ বাৰ্তালৈ সলনি হৈ পৰে। ‘যদি ভাৰতে যুদ্ধ বন্ধ কৰে, তেতিয়া পাকিস্তানেও বন্ধ কৰিব’ বুলি উল্লেখ কৰে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক ডাৰে।

এইদৰে পাকিস্তানে কাৰ্যতঃ সমগ্ৰ পৰিস্থিতি নিয়ন্ত্ৰণৰ দায়িত্ব ভাৰতৰ পক্ষলৈ ঠেলি দিয়ে। অৰ্থাৎ হঠাতে হৃদয়ৰ পৰিৱৰ্তন ঘটা দেখা গৈছে পাকিস্তানৰ। পহলগাম আক্ৰমণৰ প্ৰত্যুত্তৰত ভাৰতে সন্ত্ৰাসবাদী ঘাটিত অভিযান চলোৱা্ৰ পিছতে একপ্ৰকাৰে যুদ্ধৰ পৰিৱেশ সৃষ্টি কৰিছিল পাকিস্তানে। বিগত তিনিদিন ধৰি পাকিস্তানে ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহত অবিৰতভাৱে আক্ৰমণ চলাই আহিছে।

আজি পুৱাও পাকিস্তানে জম্মু-কাশ্মীৰ, পঞ্জাৱকে ধৰি কেইবাটাও স্থানত আক্ৰমণ চলাইছিল। অৱশ্যে পাকিস্তানৰ এই প্ৰতিটো আক্ৰমণৰ চেষ্টাই ব্যৰ্থ কৰি তুলিছিল ভাৰতে আৰু ইয়াৰ সমান্তৰালকৈ প্ৰত্যাক্ৰমণো চলায়। এই যুদ্ধৰ পৰিবেশৰ মাজতে আজি হঠাতে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী ইছাক ডাৰে আক্ৰমণৰ সুৰ পৰিহাৰ কৰে। তেওঁ কয়, “পাকিস্তান পিছুৱাই যাবলৈ ইচ্ছুক। যদি ভাৰতে সামৰিক প্ৰতিশোধ বন্ধ কৰে, তেতিয়া পাকিস্তানেও বন্ধ কৰিব।”

জানিব পৰা মতে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰীয়ে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ক এইদৰে কয়। ইফালে পাকিস্তানৰ স্থিতি স্পষ্ট কৰিবলৈ তেওঁ লগতে কয়, “আমি সঁচাকৈয়ে শান্তি বিচাৰোঁ। আমি কোনো দেশত আধিপত্য বিস্তাৰ কৰিব নিবিচাৰো।” উল্লেখ্য যে আজি ভাৰত আৰু পাকিস্তানৰ বৈদেশিক মন্ত্ৰীৰ সৈতে বাৰ্তালাপ কৰে আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ’ই।

তেওঁ পাকিস্তানক সংযম বজাই ৰাখিবলৈ আৰু সংঘাত বন্ধ কৰাৰ বাবে ইতিবাচক পদক্ষেপ ল’বলৈ আহ্বান জনায়। ভাৰতৰ বৈদেশিক মন্ত্ৰীৰ সৈতে হোৱা আলোচনাত এছ জয়শংকৰে ভাৰত যথেষ্ট সংযত আৰু ভাৰতে কেৱল পাকিস্তানৰ আক্ৰমণৰ প্ৰতি সঁহাৰি জনাইছে বুলি স্পষ্ট কৰি দিয়ে। বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়েও সংবাদমেলত পাকিস্তানৰ উচটনিমূলক আক্ৰমণৰ প্ৰতিহে ভাৰতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বুলি স্পষ্ট কৰে।

কলৰ লগত কেতিয়াও নাখাব এইসমূহ খাদ্যবস্তু, ভুগিব পাৰে দেহৰ নানা সমস্যাত
গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্য কিয় হয় ? ইয়াৰ পৰা উপশম পোৱাৰ উপায় কি ?
বৃদ্ধি পাইছে ভাৰত-পাকিস্তান উত্তেজনা, তাৰ মাজতে আমিৰ খানে ল’লে বিশেষ একচন…
সঘনাই মুখত কিয় ঘাঁ লাগে ? এই সমস্যাৰ পৰা উপশম পোৱাৰ উপায় কি ?