ভাৰতৰ সৈতে ফেপেৰি পাতি নিজৰ কিমান ক্ষতি কৰিলে পাকিস্তানে? প্ৰকাশ পাইছে ক্ষয়-ক্ষতিৰ তালিকা

ভাৰতৰ সুদৰ্শন চক্ৰই আকাশতে ধ্বংস কৰিলে ইখনৰ পিচত সিখন পাকিস্তানী যুঁজাৰু বিমান আৰু ড্ৰ’ন । যাৰ ফলত বৃহৎ সামৰিক ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান চৰকাৰ । দেশৰ জনসাধাৰণৰ সমুখত লাজত মুখ লুকুবালৈও যেন ঠাই নোহোৱা হৈছে শ্বেহবাজ শ্বৰীফৰ ।

ভাৰতৰ সৈতে ফেপেৰি পাতি নিজৰ কিমান ক্ষতি কৰিলে পাকিস্তানে? প্ৰকাশ পাইছে ক্ষয়-ক্ষতিৰ তালিকা

প্ৰতীকী ছবি

Published: 

24 May 2025 12:09 PM

ভাৰতীয় সেনাৰ পৰাক্ৰমৰ সমুখত নতজানু হৈ এবুকু দুখ বুকুত বান্ধি ঘৰলৈ উভতি যাব লগা হ’ল পাকিস্তানী সেনা । ভাৰতে কঁকাল ভাঙি দিলে পাকিস্তানৰ । ভাৰতৰ সুদৰ্শন চক্ৰই আকাশতে ধ্বংস কৰিলে ইখনৰ পিচত সিখন পাকিস্তানী যুঁজাৰু বিমান আৰু ড্ৰ’ন । যাৰ ফলত বৃহৎ সামৰিক ক্ষতিৰ সন্মুখীন হৈছে পাকিস্তান চৰকাৰ । দেশৰ জনসাধাৰণৰ সমুখত লাজত মুখ লুকুবালৈও যেন ঠাই নোহোৱা হৈছে শ্বেহবাজ শ্বৰীফৰ । তেওঁক তীব্ৰ সমালোচনা কৰিছে সেই দেশৰ জনসাধাৰণে । কিন্তু, ভাৰতৰ সৈতে হোৱা সংঘাতত পাকিস্তানৰ কিমান ক্ষতি হ’ল ?

সূত্ৰ অনুসৰি পাকিস্তানৰ সামৰিক লোকচান সন্দৰ্ভত ইতিমধ্যে এক প্ৰতিবেদন প্ৰকাশ পাইছে । ইয়াৰ পৰা দেখা যায় যে পাকিস্তানৰ বায়ুসেনাই আকাশযুদ্ধত সম্পূৰ্ণৰূপে মুখ থেকেচা খাইছে…

১) চাৰিখন F16 যুঁজাৰু বিমান ক্ষতিগ্ৰস্ত হৈছে, যাৰ মুঠ মূল্য ৩৪৯.৫২ মিলিয়ন মাৰ্কিন ডলাৰ

২) এখন SAAB 2000 ERIEYE AEW&C যুদ্ধ বিমান ক্ষতিগ্ৰস্ত হয়, যাৰ মূল্য ৯৩ মাৰ্কিন ডলাৰ

৩) IL 78 REFUELING TANKER (যুদ্ধ বিমানে উৰণৰ সময়ত এই বিমানখনৰ পৰা ইন্ধন ভৰাই)ৰ ধ্বংস কৰা হৈছে, যাৰ মূল্য ৩৫ মিলিয়ন মাৰ্কিন ডলাৰ

৪) একাধিক CM-400 AKG MISSILE ভাৰতলৈ প্ৰেৰণ কৰা হৈছিল, কিন্তু কোনো কাম কৰাৰ পূৰ্বেই ইয়াক ধ্বংস কৰা হয় । যাৰ মুঠ মূল্য ৩২ লাখ মাৰ্কিন ডলাৰ

৫)শ্বাহীন ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰা হৈছিল যদিও ইয়াক ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ধ্বংস কৰে, যাৰ মুঠ মূল্য ৮০ লাখ মাৰ্কিন ডলাৰ

৬) ভাৰতীয় সামৰিক ঘাটিক লক্ষ্য কৰি ৬ খন BAYRAKTAR TB2 ড্ৰোন প্ৰেৰণ কৰা হৈছিল । ভাৰতীয় বায়ু প্ৰতিৰক্ষা ব্যৱস্থাই ইয়াৰ ধ্বংস কৰি পেলায় । ইয়াৰ মুঠ মূল্য ৩৬ মিলিয়ন মাৰ্কিন ডলাৰ

ভাৰতৰ প্ৰতিশোধৰ পৰা বাদ নপৰিল কেইবাটাও পাকিস্তানী সামৰিক ঘাটি । তেওঁলোকৰ নিজৰ প্ৰতিৰক্ষা ব্যৱস্থাও ভাঙি দিয়া হয়…

১) বিমান ঘাটিত ৰখাই থোৱা এখন F16 BLOCK 52D যুদ্ধ বিমান ভাৰতীয় ক্ষেপণাস্ত্ৰ আক্ৰমণত ধ্বংস হয়, যাৰ মূল্য ৮৭.৩৮ মিলিয়ন মাৰ্কিন ডলাৰ

২) বায়ুছ’না বিমান ঘাটিত এখন C-130H হাৰকিউলিছ যুদ্ধ বিমান ৰখাই থোৱা আছিল, সেইখনো ধ্বংস কৰা হয় । ক্ষয়-ক্ষতিৰ পৰিমাণ ৪ কোটি মাৰ্কিন ডলাৰ

৩) ভাৰতীয় ক্ষেপণাস্ত্ৰই এটা অত্যাধুনিক HQ-9 ৰাডাৰ সম্পূৰ্ণৰূপে ধ্বংস কৰি পেলায়, যাৰ মূল্য ২০ কোটি মাৰ্কিন ডলাৰ

৪) ভাৰতীয় ক্ষেপণাস্ত্ৰই পাকিস্তান বায়ুসেনাৰ ঘাটিত থকা মোবাইল কমাণ্ড চেণ্টাৰৰ ক্ষতিসাধন কৰে, যাৰ মূল্য ৫০ লাখ মাৰ্কিন ডলাৰ

কেইবাটাও সামৰিক কাঠামো ভাঙি দিয়া হৈছে…

১) পাকিস্তান প্ৰশাসনে প্ৰায় ৭২৫ মিলিয়ন মাৰ্কিন ডলাৰ ব্যয় কৰি আকাশলৈ যুদ্ধ বিমান পঠিয়াই আক্ৰমণ চলায়

২) ড্ৰোন আৰু মিছাইল অভিযানত ৪৫ কোটি মাৰ্কিন ডলাৰ খৰচ

৩) সীমান্তত অতিৰিক্ত সৈন্য, সামৰিক সঁজুলি আৰু SAM অভিযানত ৪৩৫ মিলিয়ন ডলাৰ খৰচ

বায়ুসেনাৰ ঘাটিসমূহতো বিস্তৃত ক্ষতি সাধন হয়…

১) ভাৰতে পাকিস্তানৰ নূৰ খান বিমান ঘাটি ধ্বংসস্তূপত পৰিণত কৰে, ফলত ক্ষতি হৈছে প্ৰায় ১২৫ মিলিয়ন মাৰ্কিন ডলাৰ

২) স্কাৰগোধা বা মুশ্বাৰফ এয়াৰ বেছো ভাৰতীয় ক্ষেপণাস্ত্ৰৰ আক্ৰমণত ক্ষতিগ্ৰস্ত হয়, যাৰ মূল্য ১০ কোটি মাৰ্কিন ডলাৰ

৩) ক্ষতিগ্ৰস্ত হোৱা বাকী সামৰিক ঘাটিসমূহৰ মুঠ ক্ষতিৰ পৰিমাণ ৪৭৫ মিলিয়ন মাৰ্কিন ডলাৰ বুলি অনুমান কৰা হৈছে

বিৰাট নে গিল, টেষ্ট অধিনায়ক নিৰ্বাচিত হোৱাৰ আগলৈকে কাৰ ৰেকৰ্ড অধিক উন্নত!
শুভমন গিলে লাভ কৰিব ৭ কোটি টকা, টেষ্ট অধিনায়ক হোৱাৰ লগে লগে হ’ল নিশ্চিত!
গা ধোৱাৰ সময়ত বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ইয়াৰ কাৰণ...
গৰমৰ দিনত টেঙা পানীয় বা খাদ্যই কি কি সমস্যা দূৰ কৰে ? জানক উপকাৰিতাৰ বিষয়ে...