প্ৰকৃতিৰ ৰোষত পাকিস্তান! প্ৰচণ্ড ধুমুহা-বৰষুণৰ ফলত বিস্তৰ ক্ষতি, এই পৰ্যন্ত ১৩ জনৰ মৃত্যু…
ধাৰাসাৰ বৰষুণৰ ফলত পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। এই দুৰ্যোগত বৰ্তমানলৈ ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ৰো অধিক লোক আহত হৈছে। ইফালে আগন্তুক কেইঘণ্টামানৰ ভিতৰত প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সতৰ্কবাণী জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। প্ৰভাৱিত হৈছে বিমান যাতায়ত, বাতিল কৰাৰ উপৰিও পলম হৈছে বহু বিমানৰ উৰণ। উদ্ধাৰ অভিযান আৰম্ভ কৰি হেল্পলাইন নম্বৰ জাৰি কৰিছে প্ৰশাসনে ।

প্ৰকৃতিৰ ৰোষত পাকিস্তান!
ধাৰাসাৰ বৰষুণৰ বাবে অধিক বেয়া হৈ পৰিছে পাকিস্তানৰ পৰিস্থিতি। পঞ্জাৱ প্ৰদেশৰ বহু অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। প্ৰাদেশিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তথ্য অনুসৰি বতৰ আৰু বৰষুণৰ আকস্মিক পৰিৱৰ্তনৰ ফলত এতিয়ালৈকে ১৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনৰো অধিক লোক আহত হৈছে। ইফালে বতৰ বিভাগৰ তথ্য অনুসৰি আগন্তুক কেইঘণ্টামানৰ ভিতৰতো প্ৰবল ধুমুহা আৰু বৰষুণ হ’ব। বেয়া বতৰৰ বাবে বেয়াকৈ প্ৰভাৱিত হৈছে বিমান যাতায়ত।
পঞ্জাৱৰ বিভিন্ন জিলাত বতাহ আৰু বৰষুণৰ খবৰৰ মাজতে সমগ্ৰ প্ৰদেশখনৰ উপ আয়ুক্ত আৰু উদ্ধাৰকাৰী সংস্থাসমূহক সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে পিডিএমএৰ সঞ্চালক প্ৰধান ইৰফান আলী কাঠিয়াই। জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সকলো বিভাগকে সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে।
হেল্পলাইন নম্বৰ মুকলি
পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ বহু অঞ্চলত বৰষুণৰ পিছত হেল্পলাইন নম্বৰো জাৰি কৰিছে ডিএমে। সাধাৰণ জনতাই যিকোনো পৰিস্থিতিত ১১২৯ নম্বৰত যোগাযোগ কৰিব পাৰে। ধাৰাসাৰ বৰষুণৰ বাবে বন্ধ হৈ পৰিছে বহু পথ । বিদ্যুতৰ খুঁটা আৰু ওলমি থকা তাঁৰৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনাইছে পিডিএমএই। ধুমুহা আৰু বজ্ৰপাতৰ সময়ত মুকলি ঠাইত নাথাকিবলৈও আহ্বান জনোৱা হৈছে। ইয়াৰ লগতে ভ্ৰমণৰ পৰা আঁতৰি থাকিবলৈও পৰামৰ্শ দিয়া হৈছে।
কৰাচীৰ পৰা লাহোৰলৈ যোৱা এখন বিমানে ৰাণৱেত উপস্থিত হোৱাৰ লগে লগে ভয়াৱহ ধুমুহাৰ সন্মুখীন হোৱাত এক বৃহৎ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে। বিমানবন্দৰৰ সূত্ৰ অনুসৰি এফ এল ৮৪২ বিমানখন আল্লামা ইকবাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হৈছিল আৰু যোগাযোগ হেৰুৱাই পেলাইছিল। নতুন ৰাণৱেৰ কাষেৰে উৰণৰ সময়ত প্ৰচণ্ড বতাহ আৰু অশান্তিৰ বাবে বিমানখন ক্ষতিগ্ৰস্ত হয়। লগে লগে বিমান পৰিবহণ নিয়ন্ত্ৰণে পাইলটক লেণ্ডিং বন্ধ কৰি কৰাচীলৈ উভতি যাবলৈ নিৰ্দেশ দিয়ে। ইফালে বেয়া বতৰৰ প্ৰভাৱ পৰিছে ২২খনতকৈও অধিক বিমান সেৱা। বহু বিমান হয় বাতিল কৰা হৈছে, পলমৰ হৈছে বহু বিমানৰ উৰণ।
বৰষুণৰ ফলত বিস্তৰ ক্ষতি
প্ৰবল বৰষুণ আৰু ধুমুহাই বহু জিলাত ক্ষতিসাধন কৰা বুলি জানিবলৈ পোৱা গৈছে। বহু ঠাইত বাগৰি পৰিছে বিদ্যুতৰ খুঁটা। ইয়াৰ পৰিপ্ৰেক্ষিতত আৰম্ভ কৰা হৈছে সাহায্য আৰু উদ্ধাৰ অভিযান ।লগতে আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
এই জিলাসমূহত জাৰি কৰা হৈছে এলাৰ্ট
পাকিস্তানৰ বতৰ বিজ্ঞান বিভাগৰ ভৱিষ্যদ্বাণী কৰা অনুসৰি আজি ৰাৱালপিণ্ডি, মুৰী, আটটক, চকৱাল, মাণ্ডী বাহাউদ্দিন, গুজৰাট, ঝেলুম, গুজৰাণৱালা, লাহোৰ, কাছুৰ, ছিয়ালকোট, নৰোৱাল, ফৈছালাবাদ, অংকৰা, টোবা টেক সিং, ঝাং, খুছাব, সৰগোধা আৰু মিয়ানৱালীত বৰষুণ আৰু বতাহ আৰু ধূলিৰ ধুমুহা অব্যাহত থাকিব। ইয়াত উল্লেখ কৰা হৈছে যে মুলতান, ডেৰা গাজী খান, বাহাৱালপুৰ, বাহাৱালনগৰকে ধৰি দক্ষিণ পঞ্জাৱৰ কিছু অঞ্চলত বৰষুণ হ’ব।