১২ দিনত ৩ জন! বাংলাদেশত পুনৰ হিন্দু লোকক নৃশংসভাৱে হত্যা…
বাংলাদেশত আন এক হিন্দু যুৱকৰ হত্যাকাণ্ড সংঘটিত হৈছে। আৰক্ষীৰ মতে, মাইমেনচিং জিলাত বিজেন্দ্ৰ বিশ্বাসক হত্যা কৰে নোমন মিয়ান নামৰ এজন লোকে। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নোমনক। ১১ দিন পূৰ্বে একেখন জিলাতে সংঘটিত হৈছিল দিপু চন্দ্ৰ দাসৰ হত্যাকাণ্ড।

বাংলাদেশত আকৌ হিন্দুক হত্যা
বাংলাদেশত আন এজন হিন্দু যুৱকক হত্যা। আৰক্ষীয়ে জনোৱা মতে, মৈমনসিং জিলাত নোমন মিঞা নামৰ এজন লোকে ৪০ বছৰীয়া বিজেন্দ্ৰ বিশ্বাসক হত্যা কৰে। ২২ বছৰীয়া নোমনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। ২৯ ডিচেম্বৰৰ সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয় এই ঘটনা। বিজেন্দ্ৰ আৰু নোমন আছিল এখন কাপোৰৰ কাৰখানাৰ চিকিউৰিটি গাৰ্ড হিচাপে কাম কৰিছিল। বাংলাদেশত বিগত ১২ দিনত তিনিজন হিন্দুক হত্যা কৰা হৈছে।
মৈমনসিং জিলাত ১১ দিন পূৰ্বে হত্যা কৰা হৈছিল দিপু চন্দ্ৰ দাস নামৰ এজন হিন্দু যুৱকক। ইফালে ৰাজবাৰী জিলাত যোৱা ২৪ ডিচেম্বৰত অমৃত মণ্ডল ওৰফে সম্ৰাটক ৰাইজে প্ৰহাৰ কৰি হত্যা কৰিছিল। বাংলাদেশত ক্ৰমাৎ বৃদ্ধি পাইছে হিন্দু সংখ্যালঘুৰ বিৰুদ্ধে হিংসা। ছাত্ৰ নেতা ওছমান শ্বৰীফ হাদীৰ মৃত্যুৰ পিছৰে পৰা দেশত অস্থিৰ হৈ পৰিছে দেশখনৰ পৰিস্থিতি। কেইবাখনো জিলাত হিন্দুৰ ঘৰত অগ্নিসংযোগৰ ঘটনাও সংঘটিত হৈছে।
দিপু আৰু অমৃতক কেনেকৈ হত্যা কৰা হ’ল?
যোৱা ১৮ ডিচেম্বৰত মৈমনসিং জিলাৰ ভালুকাত দিপু চন্দ্ৰ দাসক একাংশ লোকে প্ৰহাৰ কৰি হত্যা কৰিছিল। পিছত তেওঁৰ মৃতদেহটো গছত বান্ধি জ্বলাই দিয়া হয়। তেওঁৰ ওপৰত ঈশ্বৰ নিন্দাৰ অভিযোগ উত্থাপন কৰা হৈছিল। এই ঘটনাক লৈ সমগ্ৰ দেশতে প্ৰতিবাদৰ সৃষ্টি হয়। অন্তৱৰ্তীকালীন চৰকাৰী মুৰব্বী মহম্মদ ইউনুছে উল্লেখ কৰে যে মৃতকৰ পত্নী, সৰু ল’ৰা-ছোৱালী, পিতৃ-মাতৃৰ দায়িত্ব চৰকাৰে ল’ব। এই গোচৰৰ সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে ১২ জন লোকক গ্ৰেপ্তাৰ কৰিছে।
২৪ ডিচেম্বৰত হত্যা কৰা অমৃতৰ বয়স আছিল ২৯ বছৰ। আৰক্ষীয়ে জনোৱা মতে, স্থানীয় বাসিন্দাসকলে অমৃত মণ্ডলক ধন দাবীৰ অভিযোগ উত্থাপন কৰিছিল, যিয়ে পিছত গণ হিংসাৰ ৰূপ লৈছিল।
ইফালে চট্টগ্ৰামৰ ৰাউজান অঞ্চলত ৫ দিনৰ ভিতৰতে ৭টা হিন্দু পৰিয়ালৰ ঘৰ জ্বলাই দিয়া হয়। এই পৰ্যন্ত আৰক্ষীয়ে ৫জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। ৰাউজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সাজেদুল ইছলামে কয় যে আন অভিযুক্তক বিচাৰি অভিযান অব্যাহত আছে।
হিংসাত্মক ঘটনাত ১৮৪ জন লোকৰ মৃত্যু
এই হিংসা আৰু অগ্নিসংযোগৰ ঘটনাই বাংলাদেশত ভয়ৰ পৰিৱেশৰ সৃষ্টি কৰিছে। ১২ ডিচেম্বৰত ঢাকাত ইনকুইলাব মঞ্চৰ নেতা শ্বৰীফ ওছমান হাদীক গুলীয়াই হত্যা কৰা হৈছিল। ছিংগাপুৰত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। সেইদিনা সন্ধিয়া এটা দলে ডেইলী ষ্টাৰ আৰু প্ৰথম আলোৰ কাৰ্যালয়ত জুই লগাই দিয়ে। পুৰণি সাংস্কৃতিক সংগঠন ছয়নাত আৰু উদিচি শিল্পী গোষ্ঠীৰ কাৰ্যালয়তো অগ্নিসংযোগ কৰে।
ইউনুছৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে, অভিযোগ বা উৰাবাতৰিৰ ভিত্তিত হিংসাক অনুমোদন দিব নোৱাৰি। ইফালে মানৱ অধিকাৰ সংস্থা আইন অ’ ছালিশ কেন্দ্ৰই প্ৰকাশ কৰা অনুসৰি ২০২৫ চনত বাংলাদেশত এতিয়ালৈকে ১৮৪ জন লোকৰ হিংসাত মৃত্যু হৈছে।