শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
'বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিব লগা হৈছে'- গৌৰৱ গগৈ

‘বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিব লগা হৈছে’- গৌৰৱ গগৈ

barasha-misra
Barasha Misra | Updated On: 21 Dec 2025 16:28 PM

শিক্ষা, স্বাস্থ্য, বাটপথৰ শোচনীয় ৰূপৰ বাবে ৰাইজে যন্ত্ৰণা ভুগিবলগা হৈছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিব লগা হৈছে। জল জীৱন আঁচনিত অবাধ দুৰ্নীতি হৈছে।

২০ ডিচেম্বৰৰ পৰা সমগ্ৰ ৰাজ্যত পূৰ্ণগতিত আৰম্ভ হৈছে ‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ কাৰ্যসূচী। নতুন বৰ অসম গঢ়াৰ লক্ষৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই কাৰ্যসূচী হাতত লৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে ৰাজ্যৰ প্ৰতিখন গাঁৱলৈ যাব কংগ্ৰেছ নেতৃত্ব।

‘ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছ’ যাত্ৰাৰ জৰিয়তে জনতাৰ অভাৱ -অভিযোগ সন্দৰ্ভত বুজ লোৱাৰ প্ৰয়াস কৰিছে। আজি গৌৰৱ গগৈয়ে কয়, অসমৰ ৰাইজ আজি ভিন্ন সমস্যাৰে জৰ্জৰিত। শিক্ষা, স্বাস্থ্য, বাটপথৰ শোচনীয় ৰূপৰ বাবে ৰাইজে যন্ত্ৰণা ভুগিবলগা হৈছে। বিশুদ্ধ খোৱাপানীৰ অভাৱত ৰাইজে পুখুৰীৰ পানী সেৱন কৰিব লগা হৈছে। জল জীৱন আঁচনিত অবাধ দুৰ্নীতি হৈছে।