কিয় গোপনে সম্পন্ন কৰা হ’ল ধৰ্মেন্দ্ৰৰ শেষকৃত্য? পৰিয়ালৰ স্থিতিক লৈ প্ৰশ্ন…
হঠাতে দেওল পৰিয়ালৰ এনে কিছুমান ছবি চৰ্চালৈ আহিছিল, যিবোৰে ভাবিবলৈ বাধ্য কৰাইছিল সকলোকে। সকলোৱে পৰিধান কৰিছিল বগা কাপোৰ , লগত আছিল এম্বুলেন্স আৰু কেইবাখনো বাহন।
২৪ নৱেম্বৰ অৰ্থাৎ সোমবাৰে প্ৰায় দুপৰীয়াৰ সময়ত সমগ্ৰ দেশ উত্তেজনাৰে ভৰি পৰিছিল। হঠাতে দেওল পৰিয়ালৰ এনে কিছুমান ছবি চৰ্চালৈ আহিছিল, যিবোৰে ভাবিবলৈ বাধ্য কৰাইছিল সকলোকে। সকলোৱে পৰিধান কৰিছিল বগা কাপোৰ , লগত আছিল এম্বুলেন্স আৰু কেইবাখনো বাহন। ভিলে পাৰ্লেৰ শ্মশানত লাহে লাহে ভিৰ বাঢ়ি আহিছিল। কিন্তু কিয়? সকলোৰে মনত প্ৰশ্ন উত্থাপন হ’ল।
অৱশ্যে সময়ৰ লগে লগে দেশবাসীৰ মনৰ সকলো কথা পৰিষ্কাৰ হ’বলৈ ধৰিলে। হয়তো কিংবদন্তি অভিনেতা ধৰ্মেন্দ্ৰ সঁচাকৈয়ে আৰু নাই। যোৱা কেইটামান দিনত তেওঁৰ মৃত্যুৰ মিছা খবৰ ইমানে বিয়পি পৰিছিল যে এইবাৰো এনে কথা বিশ্বাস কৰিবলৈ কোনেও বিচৰা নাছিল। হয়তো এইবাৰো ঘূৰি আহিব। কিন্তু সচাঁ কথাবোৰ জনাৰ একো উপায় নাছিল। চকুৰ আগত সকলো ঘটি আছে, তথাপিও মুখ বন্ধ কৰি ৰাখিছে পৰিয়ালৰ লোকে। শ্মশানত সংঘটিত ঘটনাবোৰ ইটোৰ পিছত সিটোকৈ তুলনা কৰি বাস্তৱ বুজিবলৈ বৰ টান নহ’ল।
