শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
শীতকালীন অধিৱেশনৰ পৰা ৰাম মন্দিৰৰ ধ্বজাৰোহণলৈ, দিনটোৰ খবৰ...

শীতকালীন অধিৱেশনৰ পৰা ৰাম মন্দিৰৰ ধ্বজাৰোহণলৈ, দিনটোৰ খবৰ…

barasha-sarma
Barasha Sarma | Published: 25 Nov 2025 20:40 PM

Top9: আজিৰ দিনটোত ৰাজ্যৰ পৰা বিশ্বলৈ বিভিন্ন ঘটনা সংঘটিত হয়। আজিৰ পৰা আৰম্ভ অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত বহু কেইখন বিধেয়ক উত্থাপন হোৱাৰ সম্ভাৱনা আছে।

আজিৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে আৰম্ভ হয় অসম বিধানসভাৰ শীতকালীন অধিৱেশন। এই সময়চোৱাত কেইবাখনো বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা। আজি জুবিন গাৰ্গৰ মৃ্ত্যুৰ বিষয়টো বিধানসভাত আলোচনা হয়। এই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, জুবিন গাৰ্গক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল। কোৰোনাৰ আগৰ পৰাই চলিছিল ষড়যন্ত্ৰ। এই সন্দৰ্ভত শীঘ্ৰেই দাখিল কৰা হ’ব ছাৰ্জশ্বীট।

আজি বিধানসভাৰ পৰা শ্বেৰমান আলী আৰু নুৰুল হুদাক নিলম্বন কৰা হয়। বিধানসভাৰ কাম-কাজত তেওঁলোকে অংশ গ্ৰহণ কৰিব নোৱাৰিব।

ইয়াৰোপৰি আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যাৰ ৰাম মন্দিৰৰ ধ্বজাৰোহণ কৰে। এই সময়চোৱাত দেশবাসীক উদ্দেশ্য কৰি মোদীয়ে ভাষণ দিয়ে। এই সময়চোৱাত মোদীৰ লগত দেখা যায় আৰ এছ এছ মুৰব্বী মোহন ভাগৱতক। আজিৰ পৰা সম্পূৰ্ণ ৰাম মন্দিৰ।

সবিশেষৰ বাবে চাওক ভিডিঅ’