শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Nano Banana: ট্ৰেণ্ডিঙৰ সাময়িক সুখানুভূতিৰ নামত সংকটাপন্ন গোপনীয়তা! AI ফটো প্ৰস্তুত কৰাৰ পূৰ্বে জানি লওক এনে সম্ভাৱ্য বিপদ

প্ৰকৃততে এই Nano Banana হৈছে Google Gemini AIৰ সম্পাদনাৰ এক বিশেষ আহিলা। এই আহিলা ব্যৱহাৰ কৰি নেটিজেনে ফটোৰ থ্ৰীডি লুকৰ লগতে শাৰী পৰিহিত ৰেট্ৰ’ লুক দিছে। যদি আপুনিও AI ৰ জৰিয়তে আপোনাৰ ব্যক্তিগত ফটো বনাইছে, তেতিয়া প্ৰথমে এনে ট্ৰেণ্ডৰ সৈতে জড়িত বিপদৰ বিষয়তো সাৱধান হোৱা উচিত হ’ব।

Nano Banana: ট্ৰেণ্ডিঙৰ সাময়িক সুখানুভূতিৰ নামত সংকটাপন্ন গোপনীয়তা! AI ফটো প্ৰস্তুত কৰাৰ পূৰ্বে জানি লওক এনে সম্ভাৱ্য বিপদ
প্ৰতিনিধিত্বমূলক ছবিImage Credit source: Freepik/File Photo
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2025 11:29 AM

সামাজিক মাধ্যমত শেহতীয়া কিছুদিনৰ পৰা দেখিবলৈ পোৱা গৈছে নিত্য নতুন ট্ৰেণ্ড AI আগমনৰ পিছত এনে ট্ৰেণ্ডত এতিয়া ব্যস্ত হৈ পৰিছে নেটিজেন প্ৰথমে Ghibliৰ ট্ৰেণ্ড আৰু তাৰ পিছত এতিয়া কিছুদিনৰ পৰা Nano Banana AIৰ প্ৰচলন দেখা গৈছে সামাজিক মাধ্যমত। Google Geminiৰ জৰিয়তে সকলোৱে এই ট্ৰেণ্ডত যোগদান কৰিছে, যুৱতীমহিতাসকলে AI শাৰী ট্ৰেণ্ডৰ সৈতে নিজৰ ছবি শ্বেয়াৰ কৰিছে, আনহাতে কিছু লোকে আকৌ AI ৰ সহায়ত নিজৰ ব্যক্তিগত ফটোক 3D লুক দিছে।

পিছে ইয়াৰ সমান্তৰালকৈ একাংশ লোকে AI ট্ৰেণ্ডৰ নামত এইদৰে কৰাৰ ব্যক্তিৰ গোপনীয়তাৰ ক্ষেত্ৰত নামি আহিব পৰা সংকটৰ দিশতো আঙুলিয়াই দিছে প্ৰকৃততে এই Nano Banana হৈছে Google Gemini AIৰ সম্পাদনাৰ এক বিশেষ আহিলা। এই আহিলা ব্যৱহাৰ কৰি নেটিজেনে ফটোৰ থ্ৰীডি লুকৰ লগতে শাৰী পৰিহিত ৰেট্ৰ’ লুক দিছে।

লাহে লাহে সকলো লোকেই এই ট্ৰেণ্ডৰ সৈতে জড়িত হৈ পৰিছে। যদি আপুনিও AI ৰ জৰিয়তে আপোনাৰ ব্যক্তিগত ফটো বনাইছে, তেতিয়া প্ৰথমে এনে ট্ৰেণ্ডৰ সৈতে জড়িত বিপদৰ বিষয়তো সাৱধান হোৱা উচিত AIৰ সৈতে ছবি নিৰ্মাণৰ প্ৰক্ৰিয়াত নেটিজেনে ব্যক্তিগত তথ্য শ্বেয়াৰ কৰিবলৈ কুণ্ঠাবোধ নকৰে।

ব্যক্তিগত ফটো AI ৰ সৈতে শ্বেয়াৰ কৰিলে গোপনীয়তাৰ বাবে বিপদ হ’ব পাৰে। যেতিয়া আপুনি AI ৰ সহায়ত ফটো আপলোড কৰে তেতিয়া ফটো আৰু তথ্য কোম্পানীটোৰ চাৰ্ভাৰত সংৰক্ষণ কৰিব পাৰি। কোম্পানীসমূহে তথ্য সুৰক্ষিত ৰখাৰ দাবী কৰিলেও তথ্যসমূহ যিকোনো ধৰণে ব্যৱহাৰ কৰিব পাৰি, অৰ্থাৎ তথ্যৰ অপব্যৱহাৰৰ আশংকা থাকে।

গতিকে ট্ৰেণ্ডৰ নামত কেতিয়াও নিজৰ গোপনীয়তাৰ লগত আপোচ নকৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ফটো বা কোনো তথ্য AI ৰ সৈতে যিকোনো ধৰণে শ্বেয়াৰ কৰাৰ পৰা পৰাপক্ষত বিৰত থকা উচিত বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে গতিকে সাময়িক সুখানুভূতিৰ বাবে AI ব্যৱহাৰৰ সময়ত আপুনিও হওক সাৱধান