পুৱা দেৰিলৈকে শোৱাৰ ফলত আপুনি ভুগিব পাৰে এনে সমস্যাত

16 Sep 2025

TV9 ASSAM

বৰ্তমান সময়ত টোপনিৰ সমস্যা বহু লোকৰ ক্ষেত্ৰত দেখা যায়। বিভিন্ন কাৰণত হোৱা টোপনিৰ অভাৱৰ বাবে নিশা দেৰিলৈ থকাটো বহু লোকৰ অভ্যাস হৈ পৰিছে।

টোপনি

সুস্বাস্থ্যৰ বাবে অন্ততঃ ৭-৮ ঘণ্টা পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। কিন্তু এনে ভাল টোপনিৰ অভাৱ হ’লে বিভিন্ন ৰোগে আমাৰ দেহত থিতাপি লোৱাৰ সম্ভাৱনা থাকে।

পৰ্যাপ্ত টোপনি

নিশা বহুদেৰিলৈ থকাৰ দৰে পুৱা দেৰিলৈকে শুই থাকিলেও দেহত নানা সমস্যাই দেখা দিব পাৰে। জানো আহক এনে কিছুমান সমস্যাৰ বিষয়ে।

দেৰিলৈ শুই থকা

দেৰিলৈকে শুই থাকিলে মানসিক স্বাস্থ্যৰ ওপৰত অত্যন্ত কু-প্ৰভাৱ পৰে। এনে বদ-অভ্যাসৰ ফলত মানসিক চাপ তথা উদ্বেগ বৃদ্ধি পায়, স্বভাৱ খিংখিঙীয়া হৈ পৰে।

মানসিক স্বাস্থ্য

দেৰিলৈকৈ শুই থকাৰ অভ্যাসৰ ফলত বিপাকীয় ক্ৰিয়া দুৰ্বল হয়, ইয়াৰ ফলত ওজন বৃদ্ধি পায়। সময়মতে নিয়ন্ত্ৰণ নকৰিলে এয়া মেদবহুলতাৰ ৰূপ ল’ব পাৰে।

মেদবহুলতা

পুৱা পলমকৈ উঠিলে শৌচ-প্ৰস্ৰাৱৰ সময়ত ব্যাঘাত জন্মে। ইয়াৰ ফলত পেট ফুলি উঠা, এচিডিটি আদি হয় আৰু এনে অভ্যাস নিয়মীয়া হ’লে কোষ্ঠকাঠিন্যৰ সমস্যা হ’ব পাৰে।

পাচনতন্ত্ৰৰ সমস্যা

পঢ়িবলৈ ক্লিক কৰক 

খাদ্যৰ সৈতে কেঁচা নিমখ খালে হয় এনে সমস্যা