বিটিচিৰ টকা কোনে লুটি-পুতি খাইছে, ক’লে কংগ্ৰেছ নেতা ভূপেন বৰাই
ভূপেন বৰাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক। বিটিচিলৈ অহা টকাৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰো অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে।
আজি বিটিচি নিৰ্বাচনৰ বাবে প্ৰচাৰ চলায় কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰাই। নিজৰ ভাষণত ভূপেন বৰাই আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, হাগ্ৰামা মহিলাৰী আৰু প্ৰমোদ বড়োক। বিটিচিলৈ অহা টকাৰ ক্ষেত্ৰত দুৰ্নীতি হোৱাৰো অভিযোগ তোলে কংগ্ৰেছ নেতাগৰাকীয়ে।
তেওঁ কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া হাগ্ৰামা মহিলাৰীয়ে বিটিচিলৈ অহা টকা খোৱা বুলি কৈছিল, তেতিয়া হাগ্ৰামাই দাবী কৰিছিল যে তেওঁ আধা টকা খাইছে আৰু বাকী আধা টকা দিছপুৰে খায়। ইফালে হাগ্ৰামাই প্ৰমোদ বড়োৰ বিৰুদ্ধে অনুৰূপ অভিযোগ তোলাৰ সময়ত বড়োই হাগ্ৰামাৰ সমান খাব পৰা নাই বুলি মন্তব্য কৰাৰ কথা উল্লেখ কৰে ভূপেন বৰাই।
তেওঁ দাবী কৰে যে এইবাৰ বিটিচিত কংগ্ৰেছৰ ফলাফল ভাল হ’ব। ইফালে গৌৰৱ গগৈৰ বিৰুদ্ধে এছ আই টিৰ প্ৰতিবেদন সন্দৰ্ভত ভূপেন বৰাই কয় যে দুৰ্নীতি, ব্যৰ্থতাৰ পৰা ৰাইজৰ দৃষ্টি আঁতৰ কৰিবলৈ মুখ্যমন্ত্ৰীয়ে ঢাল হিচাপে ব্যৱহাৰ কৰিছে এছ আই টিৰ প্ৰতিবেদনখন।