উত্তৰ-পশ্চিম যোৰহাটৰ সকাইখঙিয়া গাঁৱত নন্দোৎসৱ…
শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ পাছতে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত নন্দোৎসৱ উদযাপন। সকাইখঙিয়া নামঘৰতো এই নন্দোৎসৱ পালন কৰা হয়। বোকা খেলি সকলো আনন্দ কৰে। বছৰ বছৰ ধৰি এই নন্দোৎসৱ পালন কৰি অহা হৈছে।
উত্তৰ পশ্চিম যোৰহাটৰ সকাইখঙিয়া গাঁৱত নন্দোৎসৱ উদযাপন। শ্ৰী কৃষ্ণৰ জন্মাষ্টমীৰ লগত সংগতি ৰাখি নন্দোৎসৱ উপলক্ষে গাঁওবাসীয়ে উদযাপন কৰি আহিছে বোকা ভাওনা।গাঁওবাসীৰ গৌৰৱ এই বোকা ভাওনাই ইতিমধ্যেই গৰকিছে শতবৰশ।এইবাৰ গাঁওবাসীয়ে তিনিদিনিয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিছে শতবৰ্ষ সামৰণি অনুষ্ঠান।
আজি কেইবাটা কাৰ্যসূচীৰ লগত সংগতি ৰাখি ৰাইজে উদযাপন কৰিলে বোকা ভাওনা। ডেকাৰ পৰা বয়োজ্যেষ্ঠ লৈকে গাঁওবাসী একত্ৰিত হৈ বোকা খেলি মতলীয়া হৈ এনে এটা পৰিবেশৰ সূচনা কৰে যেন গুৱালৰ ৰজা নন্দ ঘৰতহে উদযাপন হৈছে নন্দোৎসৱৰ। এই আপুৰুগীয়া বোকা ভাওনা চাবলৈ জিলা খনৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সমাগম হোৱা দেখা গ’ল সকাইখঙিয়া নামঘৰত ।
Latest Videos