শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

ডিজেল বা বিদ্যুৎ নহয়, এইবাৰ দেশত আৰম্ভ হ’ব হাইড্ৰ’জেন চালিত ৰে’লৰ যাত্ৰা

ভাৰতীয় ৰে’লৱেই ইতিমধ্যে হাইড্ৰ’জেন চালিত প্ৰথমখন ৰে’ল নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে ভাৰতীয় ৰে’লৱেই ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে।

ডিজেল বা বিদ্যুৎ নহয়, এইবাৰ দেশত আৰম্ভ হ’ব হাইড্ৰ’জেন চালিত ৰে’লৰ যাত্ৰা
দেশত চলিব হাইড্ৰ’জেন চালিত ৰে’ল
monjit-dutta
Monjit Dutta | Updated On: 16 Sep 2025 12:18 PM

ভাৰতৰ পৰিবহণ ব্যৱস্থাত ৰে’লৱেই দখল কৰি আহিছে এক বিশেষ স্থান। সুলভ আৰু সুচল পৰিবহণ ব্যৱস্থা হিচাপে ৰে’লৱেৰ প্ৰতি দেশৰ জনসাধাৰণে সদায়েই আস্থা প্ৰকাশ কৰি আহিছে। জনসাধাৰণৰ এই আস্থাৰ প্ৰতি সঁহাৰি জনাই ভাৰতীয় ৰে’লৱেই এই পৰিবহণ ব্যৱস্থাক অধিক বিকশিত কৰি তুলিছে। ভাৰতীয় ৰে’লৱে এতিয়া ক্ৰমাৎ ভৱিষ্যতৰ প্ৰযুক্তিৰ দিশত আগবাঢ়িছে। এইবাৰ কাৰ্বন ফুটপ্ৰিণ্ট হ্ৰাস কৰাৰ বাবে নতুন উদ্ভাৱন হিচাপে হাইড্ৰজেন চালিত ৰে’লৰ চলাচল আৰম্ভ হ’ব পাৰে।

ভাৰতীয় ৰে’লৱেই ইতিমধ্যে হাইড্ৰ’জেন চালিত প্ৰথমখন ৰে’ল নিৰ্মাণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। জানিব পৰা মতে ভাৰতীয় ৰে’লৱেই ২০৭০ চনৰ ভিতৰত শূন্য কাৰ্বন নিৰ্গমনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। বৰ্তমান ৰে’ল পৰিবহণত বৈদ্যুতিক আৰু ডিজেল ইঞ্জিনৰ প্ৰচলন দেখা যায়। কিন্তু এই ইঞ্জিনত শূন্য কাৰ্বন নিৰ্গমন সম্ভৱ নহয়।

এতিয়া হাইড্ৰ’জেল চালিত ৰে’ল চলাচল কৰিলে কাৰ্বন নিৰ্গমন শূন্যলৈ নামি আহিব বুলি আশা প্ৰকাশ কৰিছে বিশেষজ্ঞসকলে। বৈদ্যুতিক ইঞ্জিনত ৰে’ল লাইনৰ ওপৰত সংযোজিত তাঁৰৰ পৰা বিদ্যুৎ আহে। আনহাতে ডিজেল চালিত ইঞ্জিনত শক্তি উৎপাদনৰ মূল ইন্ধন হ’ল ডিজেল। ফলত ধোঁৱা আৰু কাৰ্বন ডাই অক্সাইড নিৰ্গত হয়।

কিন্তু হাইড্ৰ’জেন ৰে’লে হাইড্ৰ’জেন আৰু বায়ুমণ্ডলীয় অক্সিজেনৰ বিক্ৰিয়াৰ জৰিয়তে শক্তি উৎপন্ন কৰে। ইয়াৰ পৰা কেৱল পানী বা জলীয় বাষ্পহে নিগৰ্মন হয়। অৰ্থাৎ এয়া সম্পূৰ্ণ এক কাৰ্বনমুক্ত প্ৰক্ৰিয়া। হাইড্ৰ’জেন ৰে’লৰ আন এটা সুবিধা হ’ল এই ৰে’লৰ দ্বাৰা বায়ু প্ৰদূষণ তথা শব্দ প্ৰদূষণ হ্ৰাস পাব।

তদুপৰি এই ৰে’লত মাত্ৰ ২০ৰ পৰা ২৫ মিনিটতে ইন্ধন ভৰ্তি কৰা সম্ভৱপৰ হৈ উঠিব পাৰে। ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে জানিবলৈ দিয়া মতে চৰকাৰে ৩৫খন হাইড্ৰ’জেন ৰে’ল চলোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। এই ৰে’ল চেন্নাইৰ ইণ্টিগ্ৰেল ক’চ ফেক্টৰীত নিৰ্মাণ কৰা হ’ব। এই ৰে’লখনৰ দুয়োমূৰত ইঞ্জিন আৰু মাজত ৮টা ডবা থাকিব। এই নতুন ৰে’লখনে এটা সময়ত ২৬০০ যাত্ৰী কঢ়িয়াই নিব পাৰিব।