Rail coach: ৰে’লৰ ডবাত কিয় লিখা থাকে ৫টা সংখ্যা? জানক সকলো…

Rail Coach Number: আপুনি নিশ্চয় ৰে'লযোগে ভ্ৰমণ কৰিছে। এই সময়ত আপোনালোকে নিশ্চয় দেখিছে ৰেলৰ ডবাত থকা ৫টা নম্বৰ। পিছে এই নম্বৰ কেইটাৰ অৰ্থ কি জানেনে?

Rail coach: ৰেলৰ ডবাত কিয় লিখা থাকে ৫টা সংখ্যা? জানক সকলো...

ৰে'লৱে কোচ

Published: 

07 Oct 2025 12:55 PM

যেতিয়াই ৰে’লত উঠিব তেতিয়াই ৰে’লৰ ডবাত পাঁচ অংকৰ নম্বৰ এটা দেখা পাব। কিছুমান ক্ষেত্ৰত ইয়াত বৰ্ণমালা থকাও দেখা যায়। কিন্তু  কেতিয়াবা আপুনি ভাবিছেনে এই সংখ্যাটো প্ৰকৃততে কি? আচলতে এই সংখ্যাটো ৰে’লৰ ডবাৰ আধাৰ নম্বৰৰ দৰেই। এই নম্বৰটো চাই আপুনি বুজিব পাৰিব যে ই কেতিয়া নিৰ্মাণ কৰা হৈছিল আৰু ই কি শ্ৰেণীৰ কোচ বা ডবা।

ডবা কেনেকৈ চিনাক্ত কৰিব

ডবাৰ পাঁচ অংকৰ সংখ্যা দুটা ভাগত ভাগ কৰা হয়। প্ৰথম দুটা সংখ্যাই নিৰ্মাণৰ বছৰটো সূচায়। উদাহৰণস্বৰূপে, যদি কোনো ডবা এটাৰ নম্বৰ ০৪৫২৪ হয়, তেন্তে ডবাটো ২০০৪ চনত নিৰ্মাণ কৰা হৈছিল। একেদৰে ‘৮৪’ মানে ১৯৮৪ চনত নিৰ্মাণ কৰা হৈছিল।

শেষৰ তিনি সংখ্যা শ্ৰেণী
০০১-০২৫  এচি ফাৰ্ষ্ট ক্লাছ
০২৬-০৫০  ফাৰ্ষ্ট এচি আৰু এচি টু-টাইয়াৰ
০৫১-১০০  এচি টু-টায়াৰ
১০১-১৫০  এচি থ্ৰী থায়াৰ
১৫১-২০০ এ চি চেয়াৰকাৰ
২০১-৪০০  ছেকেণ্ড ক্লাছ শ্লিপাৰ
৪০১-৬০০  জেনেৰেল ছেকেণ্ড ক্লাছ
৬০১-৭০০  ছেকেণ্ড ছিটিং
৭০১-৮০০ এছ এল আৰ বা লাগেজ ভ্যান
৮০১+ পেণ্ট্ৰি গাড়ী, জেনেৰেটৰ বা চিঠি গাড়ী

ইয়াৰোপৰি বহু ক্ষেত্ৰত ডবা নম্বৰৰ আগত এটা বৰ্ণমালা থাকে। ডবা নম্বৰৰ আগত যদি ‘L’ থাকে তেন্তে সেয়া নতুন প্ৰযুক্তিৰ এল এইচ বি কোচ। শেহতীয়াকৈ বেছিভাগ ৰে’লত এল এইচ বি ডবা লগোৱা হৈছে। লগতে ‘W’ সাধাৰণতে পুৰণি ডিজাইনৰ ICF কোচত দেখা যায়।

অৱশ্যে ভাৰতীয় ৰে’লৱেই ২০১৮ চনৰ পৰা নতুন ৬ অংকৰ ব্যৱস্থা আৰম্ভ কৰিছে। কিন্তু তাৰ পাছতো এতিয়াও পুৰণি ৫ অংকৰ ডবা আটাইতকৈ বেছি দেখা যায়। গতিকে, পৰৱৰ্তী ৰে’ল যাত্ৰাৰ সময়ত ডবা নম্বৰটো চাই আপুনিও জানিব পাৰিব যে সেই ডবাটোৰ বয়স কিমান বা কেতিয়া নিৰ্মাণ হৈছিল।

 

অন্য খবৰ পঢ়কঃ আপুনিও ফোন ১০০ % চাৰ্জ কৰে নেকি? তেন্তে সোনকালে হ’ব পাৰে বেয়া, জানক সকলো…

 

পুৱা খালী পেটত এই ৫ বিধ খাদ্য খালে পৰিষ্কাৰ হয় পেট, জানি লওক এতিয়াই
সঘনাই আপোনাৰ জিভা শুকাই যায় নেকি ? ই কিহৰ ইংগিত দিয়ে? জানক
উচ্চ ৰক্তচাপত আক্ৰান্ত যদি শীতকালত কেতিয়াও নাখাব এনে খাদ্য, অন্যথা সমস্যা হ’ব অধিক
একেৰাহে ৩০ দিন মিঠা আলু খালে কি হ'ব? জানক ইয়াৰ গুণসমূহ...
ডিমা হাছাওত ক্ৰিকেট খেলিলে মুখ্যমন্ত্ৰীয়ে
কংগ্ৰেছ আৰু বিৰোধী মানে কোন? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন...
BTC ৰ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া...
জাতীয় পৰিষদক কটাক্ষ মুখ্যমন্ত্ৰীৰ...