Nothing Phone 1 ৰ পিছত এই সমস্যা আহিল Nothing Phone 2a লৈ! এতিয়া কি কৰিব গ্ৰাহকে ?
Nothing Phone 2a চলোৱা এই ব্যৱহাৰকাৰীয়ে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X ত ফোনটোৰ কিছুমান ছবি শ্বেয়াৰ কৰিছে য’ত সেউজীয়া ৰেখাডাল স্ক্ৰীণত স্পষ্টকৈ দেখা যায়। Nothing Phone 2a ত এইটো প্ৰথম গ্ৰীণ লাইনৰ সমস্যা, কাৰণ ইয়াৰ আগতে এই ডিভাইচত এনে সমস্যাৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাছিল।

OnePlus আৰু Samsung ৰ পিছত এতিয়া প্ৰিমিয়াম ফিচাৰ থকা Nothing কোম্পানীৰ স্মাৰ্টফোনৰ গ্ৰাহকসকলে গ্ৰীণ লাইনৰ সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে। গ্ৰীণ লাইনৰ বিষয়টো পোহৰলৈ অহাৰ পিছৰে পৰা প্ৰতিজন স্মাৰ্টফোন ব্যৱহাৰকাৰীয়ে এই ভয়ত চিন্তিত হৈ পৰিছে । ফোনটোৰ ডিছপ্লেত কেতিয়া সেউজীয়া ৰেখা দেখা যাব সেই বিষয়ে একো ক’ব নোৱাৰি। শেহতীয়াকৈ Nothing Phone 2a চলোৱা এজন ব্যৱহাৰকাৰীৰ ফোনত এই ধৰণৰ সমস্যা পোহৰলৈ আহিছে।
Nothing Phone 2a চলোৱা এই ব্যৱহাৰকাৰীয়ে মাইক্ৰ’ব্লগিং প্লেটফৰ্ম X ত ফোনটোৰ কিছুমান ছবি শ্বেয়াৰ কৰিছে য’ত সেউজীয়া ৰেখাডাল স্ক্ৰীণত স্পষ্টকৈ দেখা যায়। Nothing Phone 2a ত এইটো প্ৰথম গ্ৰীণ লাইনৰ সমস্যা, কাৰণ ইয়াৰ আগতে এই ডিভাইচত এনে সমস্যাৰ সন্দৰ্ভত কোনো তথ্য পোহৰলৈ অহা নাছিল।
হৃষভ পায়াল নামৰ এক্স একাউণ্টৰ পৰা তথ্য শ্বেয়াৰ কৰা হৈছে যে, গ্ৰীণ লাইনৰ সমস্যা আহি আছে Nothing Phone 2a ত। তথ্য দিয়াৰ লগতে ফোনটোৰ দুখন ছবিও শ্বেয়াৰ কৰা কৰিছে, য’ত দেখা গৈছে যে ব্যৱহাৰকাৰীসকলে ফোনটোৰ সোঁ ফালে গ্ৰীণ লাইনৰ সমস্যাৰ সন্মুখীন হ’বলৈ আৰম্ভ কৰিছে।
Nothing Phone 2a also got the much known green line issue:-)@madhavkant05 @Technerd_9 @nothingindia @stufflistings @AmreliaRuhez @punitsingh176 pic.twitter.com/IdU6dEA5Hm
— Hrishabh Payal (@payalhrishabh) May 13, 2024
দুখন ছবিৰ লগতে এটা ভিডিঅ’ও শ্বেয়াৰ কৰা হৈছে য’ত পৰ্দাত ৰেখা ডাল দেখা যায়, কিন্তু সেউজীয়া ৰং দেখা নাযায়। কিন্তু হৃষভ পায়ালে দাবী কৰে যে, পৰ্দাত সেউজীয়া ৰেখা দেখা যায়।
বৰ্তমান এই সেউজীয়া ৰেখাডাল হঠাতে পৰ্দাত দেখা দিয়াৰ আঁৰত ব্যৱহাৰকাৰীয়ে কোনো কাৰণ দিয়া নাই। কিন্তু X ত শ্বেয়াৰ কৰা স্ক্ৰীণশ্বটবোৰ চালে দেখা যায় যে ফোনটোৱে শেহতীয়া Nothing OS 2.5.5.a আপডেটত কাম কৰি আছে।
চফট্ ৱেৰ আপডেটও সেউজীয়া ৰেখাৰ আৱিৰ্ভাৱৰ আঁৰৰ এটা ডাঙৰ কাৰণ হ’ব পাৰে। আপোনালোকক সোঁৱৰাই দিওঁ যে, ইয়াৰ আগতে Nothing Phone 1 ত এটা গ্ৰীণ টিণ্টৰ সমস্যাও আছিল, যিটো পিছলৈ কোম্পানীয়ে চফট্ ৱেৰ আপডেটৰ জৰিয়তে সমাধান কৰিছিল।
OnePlus স্মাৰ্টফোনতো সমস্যা হৈছিল
OnePlus ব্ৰেণ্ডৰ কিছুমান মডেলতো গ্ৰীণ লাইনৰ সমস্যা দেখা গৈছিল। OxygenOS 13 ত কাম কৰা OnePlus 8 Pro, OnePlus 8, OnePlus 9, OnePlus 8T আৰু OnePlus 9R দৰে স্মাৰ্টফোনতো গ্ৰীণ লাইনৰ সমস্যাৰ সন্মুখীন হৈছিল। যিসকল ব্যৱহাৰকাৰীয়ে নিজৰ OnePlus স্মাৰ্টফোনত গ্ৰীণ লাইন সমস্যাৰ সন্মুখীন হৈছে তেওঁলোকক এতিয়া কোম্পানীয়ে লাইফটাইম স্ক্ৰীণ ৱাৰেণ্টী প্ৰদান কৰিছে।
Samsung স্মাৰ্টফোনতো সমস্যা
Samsung গেলেক্সি এছ ২০ ছিৰিজ, নোট ২০ ছিৰিজ, এছ ২১ ছিৰিজ আৰু এছ ২২ আল্ট্ৰা স্মাৰ্টফোনত গ্ৰীণ লাইনৰ সমস্যাৰ দেখা গৈছিল । এই সমস্যাৰ পিছত Samsung য়েও ঘোষণা কৰিছিল যে গ্ৰীণ লাইনৰ সমস্যাৰ সন্মুখীন হোৱা সকলো গ্ৰাহকে কোম্পানীটোৰ পৰা এককালীন বিনামূলীয়া স্ক্ৰীণ সলনি কৰাৰ সুবিধা লাভ কৰিব।