শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কুকুৰা মঙহৰ ‘লেগপিচ’ৰ লোভ আপোনাৰো আছে নেকি? পিছে ঠেঙৰ হাড় চোবাই খোৱাটো ভাল নে বেয়া!

কুকুৰাৰ ঠেঙৰ হাড় চোবাই বহু লোকে লাভ কৰে এক বিশেষ তৃপ্তি। কিন্তু আপুনি জানেনে, জিভাৰ লোভত আপুনি চোবাই খাই থকা এই কুকুৰা ঠেঙৰ হাড়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়? জানো আহক এই বিষয়ে।

কুকুৰা মঙহৰ ‘লেগপিচ’ৰ লোভ আপোনাৰো আছে নেকি? পিছে ঠেঙৰ হাড় চোবাই খোৱাটো ভাল নে বেয়া!
কুকুৰাৰ ‘লেগপিচ’ৰ লোভ আপোনাৰো আছে নেকি?Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 28 Jul 2025 23:36 PM

আমিষভোজী লোকৰ ক্ষেত্ৰত মাংসৰ প্ৰতি লোভ স্বাভাৱিক মাংসৰ ক্ষেত্ৰতো কুকুৰা মঙহ অধিকাংশ লোকৰে প্ৰিয় ইয়াৰে একাংশই আকৌ কুকুৰাৰলেগপিচঅৰ্থাৎ ঠেং অংশ অধিক পছন্দ কৰে কুকুৰাৰ ঠেঙৰ হাড় চোবাই বহু লোকে লাভ কৰে এক বিশেষ তৃপ্তি কিন্তু আপুনি জানেনে, জিভাৰ লোভত আপুনি চোবাই খাই থকা এই কুকুৰা ঠেঙৰ হাড়ে আপোনাৰ স্বাস্থ্যৰ ওপৰত কি প্ৰভাৱ পেলায়? সাধাৰণতে এইক্ষেত্ৰত প্ৰায়ে নানা মতামত দেখা পোৱা যায় সাধাৰণতে সকলো বস্তুৰ ভাল দিশৰ লগতে বেয়া দিশো আছে। গতিকে কুকুৰা ঠেঙৰ হাড়ৰ ক্ষেত্ৰত এই ভালবেয়া দিশৰ বিষয়ে জানো আহক

কুকুৰা ঠেঙৰ হাড় চোবাই খোৱাৰ ভাল দিশ

) কুকুৰাৰ ঠেঙৰ হাড় কলাজেন আৰু খনিজ পদাৰ্থৰ ভাল উৎস। হাড়ৰ ভিতৰত থকা মজ্জাত কেলচিয়াম, ফছফৰাছ, মেগনেছিয়াম আৰু কলাজেন থাকে হাড়ৰ গঠন আৰু ছালৰ বাবে এইবোৰ অতি উপকাৰী।

২) হাড়ত লগতে জেলেটিন পোৱা যায়। এই জেলেটিনে পাচনত সহায় কৰে আৰু অন্ত্ৰ সুস্থ কৰি ৰখাত সহায় কৰে।

৩) হাড়ৰ মজ্জাৰো একাধিক পুষ্টিকৰ গুণ আছে। ইয়াত ওমেগা-৩ ফেটি এচিড, আইৰণ, চেলেনিয়াম আৰু জিংক থাকে।

৪) হাড়ৰ ৰঙা অংশত ১২ গুণ অধিক ভিটামিন বি থাকে। ইয়াত থাইয়ামিন, ৰাইবোফ্লেভিন আৰু ফছফৰাছ থাকে। মগজুৰ বিকাশৰ বাবে ই অতি উপকাৰী

৫) হাড়ৰ মজ্জাত গ্লুকোছামাইন, গ্লাইচিন, কনজুগেটেড লিনোলিক এচিড থাকে এইসমূহ উপাদানে প্ৰদাহ কমোৱাত সহায় কৰে।

৬) হাড়ত থকা এডিন’পেক্টিনে ইনচুলিনৰ ফলপ্ৰসূতা বজাই ৰাখে, লগতে চৰ্বি হ্ৰাস কৰাত সহায় কৰে। এইদৰে গতিকে ডায়েবেটিক মেটাবলিক চিনড্ৰমৰ (Diabetic Metabolic Syndrome) পৰা হাত সৰাত সহায় কৰে।

কুকুৰা ঠেঙৰ হাড় চোবাই খোৱাৰ ক্ষতিকাৰক দিশ-

১) কুকুৰাৰ হাড় ভাঙিলে প্ৰায়ে চোকা হৈ পৰে। এনে হাড় ডিঙিত বা খাদ্যনলীত লাগিব পাৰে আৰু বৃহৎ বিপদৰ সৃষ্টি কৰিব পাৰে।

২) হাড় চোকা হৈ পেটত প্ৰৱেশ কৰিলে অন্ত্ৰত ঘাঁ লগোৱাৰ আশংকা থাকে, এয়া শৰীৰৰ বাবে অতি বিপজ্জনক।

৩) সঠিকভাৱে সিজোৱা নহ’লে হাড়ত বেক্টেৰিয়া বা বিষাক্ত পদাৰ্থ থাকিব পাৰে, যাৰ ফলত সংক্ৰমণ হ’ব পাৰে।

৪) অত্যধিক কঠিন হাড় নিয়মিত চোবাই খালে দাঁতৰ ইনামেলৰ ক্ষতি হ’ব পাৰে, আনকি দাঁততো ফাট মেলিব পাৰে। তদুপৰি ইনামেলৰ ক্ষতি হ’লে গৰম আৰু ঠাণ্ডা দুয়োটা খাদ্য খাওঁতে সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

কুকুৰাৰ হাড় চোবাই খালে কিছু পুষ্টিকৰ উপকাৰিতা থাকিলেও ইয়াৰ বিপদও কম নহয়। গতিকে সাৱধানতা অৱলম্বন কৰি সঠিকধৰণে ৰন্ধা-বঢ়া কৰা আৰু গ্ৰহণ কৰাটো বুদ্ধিমানৰ কাম।