সঘনাই জ্বৰ হোৱাটো কিহৰ লক্ষণ হ’ব পাৰে জানেনে?

28 July 2025

TV9 ASSAM

শেহতীয়া কিছুদিন ঘনে ঘনে সলনি হৈছে বতৰ। বতৰৰ এনে পৰিৱৰ্তনৰ ফলত বহু লোক অসুস্থ হৈ পৰিছে। এয়া একপ্ৰকাৰে স্বাভাৱিক কথা।

বতৰৰ প্ৰভাৱ

বহুলোক এতিয়া ভাইৰেল জ্বৰত আক্ৰান্ত হৈছে। কিছুলোক ডেংগু, মেলেৰিয়াতো আক্ৰান্ত হৈছে। পিছে সঘনাই যদি আপোনাৰ জ্বৰ হয়, তেতিয়া ইয়াৰ লক্ষণ কি?

জ্বৰ

চিকিৎসকে কয় যে সঘনাই জ্বৰ হোৱাটো দীৰ্ঘদিনীয়া আৰু লুকাই থকা ৰোগৰ লক্ষণ হ’ব পাৰে। সঠিক সময়ত ধৰা নপৰিলে ই বিপজ্জনক হৈ উঠিব পাৰে।

সঘনাই জ্বৰ

যদি বাৰে বাৰে জ্বৰ হয়, এয়া টাইফয়েডৰ লক্ষণ হ’ব পাৰে। ছালমনেলা বেক্টেৰিয়াৰ দ্বাৰা এই ৰোগ হয়। ইয়াৰ ফলত সঘনাই জ্বৰ হয়।

টাইফয়েড

তদুপৰি মহৰ দ্বাৰা সংক্ৰমিত ৰোগ, ডেংগু আৰু মেলেৰিয়াতো ৩-৪ দিনৰ পিছত জ্বৰ হ’ব পাৰে। এইক্ষেত্ৰত শৰীৰৰ বিষ, ভাগৰুৱা আদি লক্ষণে দেখা দিয়ে।

সংক্ৰমণ

টিবি বা যক্ষ্মা ৰোগ হ’লেও প্ৰায় প্ৰতিদিনে জ্বৰ হয়, সন্ধিয়া এই জ্বৰ বাঢ়ি যায়। অত্যধিক কাহ আৰু ওজন কমি যোৱাৰ দৰে লক্ষণেও দেখা দিব পাৰে।

টিবি বা যক্ষ্মা

লুপাছ বা বাতবিষৰ দৰে অটো-ইমিউন ৰোগতো এইদৰে জ্বৰ হ’ব পাৰে। এইক্ষেত্ৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ কোষ-কলাবোৰক আক্ৰমণ কৰে।

বাতবিষ

সঘনাই জ্বৰ হোৱাটো তেজৰ কৰ্কট ৰোগৰো লক্ষণ হ’ব পাৰে। এনে অৱস্থাত শৰীৰত সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা নাথাকে।

তেজৰ কৰ্কট

পঢ়িবলৈ ক্লিক কৰক 

ব্রেকফাষ্ট নকৰাকৈ থাকিলে হ'ব পাৰে এনে ৰোগ