অভেলত এই মহাৰেকৰ্ড স্থাপনৰ সুযোগ কে এল ৰাহুলৰ হাতত

28 July 2025

TV9 ASSAM

ইংলেণ্ডৰ বিৰুদ্ধে চলিত টেষ্ট শৃংখলাত দৰ্শনীয় প্ৰদৰ্শন দাঙি ধৰিছে কে এল ৰাহুলে। দুটাকৈ শতক-অৰ্ধশতকেৰে ৪ খন মেচত ৫১১ ৰান সংগ্ৰহ কৰিছে।

কে এল ৰাহুল

নিজ টেষ্ট কেৰিয়াৰত এয়া ৰাহুলৰ শ্ৰেষ্ঠ শৃংখলা হিচাপে বিবেচিত হৈছে। প্ৰথমবাৰৰ বাবে তেওঁ এক টেষ্ট শৃংখলাত ৪০০ৰো অধিক ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

শ্ৰেষ্ঠ শৃংখলা

এনে ধাৰাবাহিকতাৰে এতিয়া কে এল ৰাহুলে এতিয়া ইংলেণ্ডৰ মাটিত এক বৃহৎ অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে।

অভিলেখ

যদি ৰাহুলে এই অভিলেখ স্থাপন কৰিবলৈ সক্ষম হয়, তেতিয়া তেওঁ ভাৰতৰ কিংবদন্তি ক্ৰিকেটাৰ সুনীল গাভাস্কাৰক অতিক্ৰম কৰিব।

গাভাস্কাৰ

যদি কে এল ৰাহুলে অভেল টেষ্টত ৪৩ ৰান সংগ্ৰহ কৰে, তেতিয়া তেওঁ ইংলেণ্ডৰ মাটিত এছিয়ান অ’পেনাৰ হিচাপে সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হ’ব।

কি এই ৰেকৰ্ড

ইংলেণ্ডত অ’পেনাৰ হিচাপে ২৮টা ইনিংছত ১১৫২ ৰান সংগ্ৰহ কৰিছিল গাভাস্কাৰে। আনহাতে ৰাহুলে এইপৰ্যন্ত ২৪টা ইনিংছত ১১০৮ ৰান সংগ্ৰহ কৰিছে।

পূৰ্বৰ ৰেকৰ্ড

পঢ়িবলৈ ক্লিক কৰক 

পাকিস্তানী তাৰকাৰ অভিলেখ ভংগ গিলৰ