মোবাইলৰ কভাৰত নোট বা কাগজ ৰাখে নেকি? তেন্তে সাৱধান, হ’ব পাৰে বিস্ফোৰণ, জানক সকলো…
Mobile Heating solution: বহুতে মোবাইল কভাৰৰ পাছতে নোট বা কাগজৰ টুকুৰা ৰখা দেখা যায়। মানুহে ভাবে এনেকৈ ৰাখিলে হেৰাই নাযায়। কিন্তু ইয়াৰ ফলত মোবাইল বিস্ফোৰণ পৰ্যন্ত হ'ব পাৰে।

মোবাইল
বহু লোকে ফোনৰ কভাৰৰ পাছফালে কিবা নহয় কিবা ৰখা দেখা যায়। ইয়াৰ ভিতৰত পইচা, চিম কাৰ্ড, প্ৰয়োজনীয় কাগজ আদি অন্যতম। বহুতে ভাবে যে বস্তুতো মোবাইলৰ কভাৰত থকাৰ বাবে ই হেৰোৱাৰ ভয় কম থাকে। কিন্তু কেতিয়াবা এনেকৈ বস্তু ৰখা আপোনাৰ বাবে বিপদজনক হ’ব পাৰে। আপোনাৰ স্মাৰ্টফোনটো আনকি বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে। ফোনৰ কভাৰত ১০ টকীয়া নোট এখনে কেনেকৈ আপোনাৰ লাখটকীয়া খৰচ কৰিব পাৰে এই লেখাটোত উল্লেখ কৰা হ’ল।
ফোন বিস্ফোৰণ
যেতিয়া কোনোৱে ফোনটোৰ কভাৰ আৰু পিছফালৰ পেনেলৰ মাজত নোট বা কাগজ ৰাখে তেতিয়া ই ফোনটোৰ উত্তাপ বৃদ্ধি কৰে। চাৰ্জ কৰাৰ সময়ত বা বহু সময় ব্যৱহাৰ কৰিলে ফোনটো গৰম হৈ যায়। এনে পৰিস্থিতিত কভাৰৰ ভিতৰত ৰখা কাগজ বা নোটখনে উত্তাপ আৰু বৃদ্ধি কৰিব পাৰে। ইয়াৰ বাবে বেটাৰী অতিমাত্ৰা গৰম হ’ব পাৰে আৰু আনকি বিস্ফোৰণ হ’ব পাৰে।
যদি ফোনত জুই লাগে বা বেটাৰী বিস্ফোৰণ হয় তেন্তে আপোনাৰ ফোনটো ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভিতৰত ৰখা ধন, চিম কাৰ্ড বা নথি-পত্ৰও জ্বলি যাব পাৰে। আনকি আপোনাৰো কোনো ডাঙৰ ক্ষতি হ’ব পাৰে। গতিকে ১০ টকীয়া এখন নোটৰ বাবে আপুনি লাখ লাখ টকা ভৰিবলগীয়াত পৰিব পাৰে।
মনত ৰাখিব
- ফোন বিস্ফোৰণৰ বহু কাৰণ হ’ব পাৰে, কিন্তু তাৰ ভিতৰত এটা হ’ল ফোন কভাৰত নোট বা কিবা এটা ৰখা। যেতিয়া আপুনি বহু সময় ধৰি ফোন ব্যৱহাৰ কৰে বা চাৰ্জ কৰি ব্যৱহাৰ কৰে তেন্তে ই গৰম হৈ যায়। ইয়াৰোপৰি চাৰ্জ কৰি থকাৰ সময়ত ফোন ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিব লাগে।
- যদি আপুনি ফোনৰ কভাৰত কাগত বা টোন ৰাখে তেন্তে ফোনটোৱে ঠাণ্ডা হ’বলৈ সুবিধা লাভ নকৰে। যাৰ বাবে ফোনটো অধিক গৰম হয় আৰু অতি উত্তাপৰ বাবে বিস্ফোৰণৰ আশংকা বৃদ্ধি পায়।
- কেতিয়াবা ফোনটোৰ কভাৰ ডাঠ হোৱা দেখা যায় আৰু তাৰ ওপৰত নোট বা কাগজ ৰখা হয়।ইয়াৰ ফলত ৱাৰলেছ চাৰ্জিঙৰ ক্ষেত্ৰতো সমস্যা হ’ব পাৰে। ফোন কভাৰত কাগজ বা নোট ৰাখিলে আপোনাৰ নেটৱৰ্কৰ সমস্যাও হ’ব পাৰে।
ওপৰত উল্লেখ কৰা সকলো কথাৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী। যদি আপুনি আপোনাৰ স্মাৰ্টফোনটো বহু সময় ধৰি ব্যৱহাৰ কৰে তেন্তে কভাৰত নোট বা কাগজ নাৰাখিব। ইয়াৰোপৰি চাৰ্জ কৰাৰ সময়ত মোবাইল ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকক।
অন্য খবৰ পঢ়কঃ Google Advanced Protection: নপৰে চাইবাৰ অপৰাধীৰ জালত, নহয় একাউন্ট হেক! অন কৰি লওক গুগলৰ এই বিশেষ ফিচাৰ…