TV9 ASSAM
সাপে কামোৰাৰ পাছতে প্ৰতিজন লোকে কিছুমান ভুল কৰে । যাৰ বাবে সাপে দংশন কৰাৰ লোকজনৰ জীৱন ৰক্ষা কৰাটো কঠিন হৈ পৰে ।
কিন্তু সাপে কামোৰাৰ পিছত কিছুমান মৌলিক সাৱধানতা অৱলম্বন কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যাব লাগে।
সাপে কামোৰাৰ পিছত অপ্ৰয়োজনীয়ভাৱে আতংকিত নহ’ব। মনটোক শান্ত কৰি ৰাখিবলৈ চেষ্টা কৰিব ।
সাপে কামোৰা অংশ কাপোৰ বা বেণ্ডেজেৰে মেৰিয়াই লওক। বেছি জোৰেৰে বান্ধিব নালাগে।
সাপে কামোৰাৰ পিছত দেহটো বেছি লৰচৰ নকৰিব। শৰীৰটো স্থিৰ কৰি ৰাখিবলৈ চেষ্টা কৰক।
সাপে কামুৰিলে কোনো ধৰণৰ ঔষধ লগাব নালাগে। বৰফ বা ডেটলৰ দৰে বস্তু প্ৰয়োগ কৰাৰ প্ৰয়োজন নাই।
সাপে কামোৰাৰ পাছত অতি সোনকালে চিকিৎসালয় বা স্বাস্থ্য কেন্দ্ৰলৈ লৈ যাওক।
পঢ়িবলৈ ক্লিক কৰক