পাকিস্তানত i Phone17 ৰ মূল্য কিমান? ভাৰতৰ তুলনাত কিমান দামী, জানক সকলো…

IPhone 17 price in Pakistan: প্ৰতিখন দেশৰ মুদ্ৰাৰ মূল্য বেলেগ বেলেগ। গতিকে প্ৰতি দেশত বস্তু সামগ্ৰীৰ মূল্যৰো পাৰ্থক্য থাকে। পিছে পাকিস্তানত আইফোন ১৭ ৰ দাম কিমান জানেনে?

পাকিস্তানত i Phone17 ৰ মূল্য কিমান? ভাৰতৰ তুলনাত কিমান দামী, জানক সকলো...

আইফোন

Published: 

29 Sep 2025 13:18 PM

শেহতীয়াকৈ এপলে মুকলি কৰিছে আইফোন ১৭। বিশ্বজুৰি মুকলি হোৱা আইফোনৰ ছিৰিজ এতিয়া বহুতৰ হাতে হাতে। এই আইফোন চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো বিক্ৰীৰ বাবে উপলব্ধ। কিন্তু ইয়াৰ দাম শুনিলে আচৰিত হৈ পৰিব আপুনি। তথ্য অনুসৰি,  বেচ মডেলৰ মূল্য ৩.২৫ লাখ পিকেআৰ (পাকিস্তানী টকা), আৰু প্ৰ’ মেক্স মডেলৰ দাম ৭.৪৮ লাখ পিকেআৰ পৰ্যন্ত। ভাৰতৰ মূল্যতকৈ এই দাম বহুত বেছি।

পাকিস্তানত আইফোন ১৭ ৰ দাম

ভাৰতৰ তুলনাত পাকিস্তানী মুদ্ৰাৰ মূল্য কম। যাৰ বাবে পাকিস্তানত আইফোনৰ দাম ভাৰতৰ তুলনাত বহুত বেছি। এপল পাকিস্তান (Apple Pakistan)ৰ ৱেবছাইট অনুসৰি আইফোন ১৭ মডেলৰ মূল্য PKR ৩,২৫,০০০ ৰ পৰা PKR ৪,৪৫,০০০  পৰ্যন্ত। iPhone 17 Air ৰ দাম পিকেআৰ ৩,৯৮,৫০০ টকাৰ পৰা পিকেআৰ ৫,৩৬,৫০০ টকা পৰ্যন্ত। iPhone 17 Air ৰ দাম পিকেআৰ ৪,৪০,৫০০ ৰ পৰা পিকেআৰ ৭,৪৮,৫০০ টকালৈ। আনহাতে iPhone 17 Pro Max ৰ দাম পিকেআৰ ৫,৭৩,৯৯৯ টকা পৰ্যন্ত।

ভাৰতৰ দাম

iPhone 17 বেচ ভেৰিয়েন্টৰ মূল্য ভাৰতত ৮২,৯০০ (২৬৫ জিবি)টকাৰ পৰা আৰম্ভ হৈ ১,০২,৯০০ (৫১২ জিবি) টকালৈ। iPhone 17 Air ৰ দাম ১,১৯,৯০০ (২৬৫ জিবি)ৰ পৰা ১,৫৯,৯০০ (১ টিবি)পৰ্যন্ত। লগতে iPhone 17 Pro ৰ দাম ১,৩৪,৯০০ (২৫৬জিবি)ৰ পৰা আৰম্ভ হৈ ১,৭৪,৯০০(১ টিবি)লৈ।

I phone 17  India Pakistan
iPhone 17 ৮২,৯০০ (২৫৬জিবি) ১,০২,৯০০ (৫১২জিবি) ৩,২৫,০০০ পিকেআৰৰ পৰা ৪,৪৫,৫০০ পিকেআৰলৈ
iPhone 17 Air ১,১৯,৯০০  (২৫৬জিবি) ১,৫৯,৯০০  (১টিবি) ৩,৯৮,৫০০ পিকেআৰৰ পৰা ৫,৩৬,৫০০ পিকেআৰলৈ
iPhone 17 Pro ১,৩৪,৯০০  (২৫৬জিবি) ১,৭৪,৯০০  (১টিবি) ৪,৪০,৫০০ পিকেআৰৰ পৰা ৭,৪৮,৫০০ পিকেআৰলৈ
iPhone 17 Pro Max ১,৪৯,৯০০ (২৫৬জিবি) ২,২৯,৯০০ (২টিবি) ৫,৭৩,৯৯৯ পিকেআৰ (আৰম্ভণি মূল্য)

ডেলিভাৰী

এপল পাকিস্তানৰ ৱেবছাইট অনুসৰি, আইফোন ১৭ ছিৰিজ ডেলিভাৰীৰৰ বাবে ২০৪ সপ্তাহ সময় লাগিব। ইয়াৰোপৰি আগতীয়াকৈ মানুহে বুকিং কৰিব পাৰিব। ইয়াৰ বিপৰীতে ভাৰতত ছেকেণ্ডতে এই ফোন ক্ৰয় কৰিব পাৰিব। লগতে লেভেণ্ডাৰ, ছেজ, মিষ্ট ব্লু, হোৱাইট, ব্লেক, স্কাই ব্লু, লাইট গোল্ড, স্পেচ ব্লেক, ক্লাউড হোৱাইট, ডিপ ব্লু, আৰু কচমিক অৰেঞ্জ আদি ৰঙৰ বিকল্প আছে।

 

অন্য খবৰ পঢ়কঃ আপুনিও ফোন ১০০ % চাৰ্জ কৰে নেকি? তেন্তে সোনকালে হ’ব পাৰে বেয়া, জানক সকলো…

ধূমপান আৰু মদ্যপানে কলেষ্টেৰলত কেনে প্ৰভাৱ পেলায়? মূল স্বাস্থ্যজনিত বিপদসমূহ জানক
বৃক্ক বিকল হ'লে মহিলাৰ দেহত দেখা দিয়ে এই লক্ষণ, সবিশেষ...
পুৱা ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰত টোপনিৰ পৰা সাৰ পোৱাৰ কাৰণ...
ঘৰত অপৰাজিতা ফুল ৰোপণ কৰাটো শুভ নে অশুভ? কি হয় জানক...