পাকিস্তানে ভাৰতলৈ পঠাইছে Dance of the Hillary ভাইৰাছ! এটা ক্লিকতে সকলো হেৰুৱাব আপুনি…

সন্ত্ৰাসবাদী, তাৰ পিছত ড্ৰোন আৰু এতিয়া ভাইৰাছ... পাকিস্তানৰ কুৎসিত কাৰ্যকলাপ বন্ধ হোৱাৰ নাই কোনো লক্ষণ। ভাৰতৰ জনতাক ক্ষতি কৰিবলৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে  এটা বিপজ্জনক ভাইৰাছ প্ৰচাৰ কৰিছে পাকিস্তানে। এই ভাইৰাছে কেনেদৰে ক্ষতি কৰিব পাৰে? 

পাকিস্তানে ভাৰতলৈ পঠাইছে Dance of the Hillary ভাইৰাছ! এটা ক্লিকতে সকলো হেৰুৱাব আপুনি...

Cyber Attack

Updated On: 

09 May 2025 22:38 PM

পাকিস্তানে প্ৰথমে সন্ত্ৰাসবাদী পঠিয়াইছিল, তাৰ পিছত ড্ৰোন পঠিয়াইছিল আৰু এতিয়া বিপজ্জনক ভাইৰাছক নিজৰ নতুন অস্ত্ৰ হিচাপে গঢ়ি তুলিছে। যেতিয়া ভাৰতে পাকিস্তানৰ সকলো আক্ৰমণ বিফল কৰিলে, এতিয়া পাকিস্তানে ইণ্টাৰনেটৰ জৰিয়তে ভাৰতীয়ৰ ক্ষতি কৰাৰ নতুন ষড়যন্ত্ৰ ৰচনা কৰিছে। খবৰ অনুসৰি এতিয়া ভাৰতৰ ওপৰত চাইবাৰ আক্ৰমণৰ বাবে সাজু হৈছে পাকিস্তানে। ইয়াৰ বাবে ডান্স অৱ দ্য হিলাৰী নামৰ এটা বিপজ্জনক ভাইৰাছ ফাইলত ভৰাই ছ’চিয়েল মিডিয়াত প্ৰচাৰ কৰা হৈছে।

হোৱাটছএপ, ফেচবুক, টেলিগ্ৰাম বা ইমেইলৰ জৰিয়তে যদি কোনো অচিনাকি ফাইল লাভ কৰে তেন্তে ভুলতেও ফাইলটোত ক্লিক কৰাৰ ভুল নকৰিব, নহ’লে আপোনাৰ এই সৰু গাফিলতিৰ বাবে বৃহৎ লোকচান হ’ব পাৰে। এই ফাইলত মেলৱেৰে আপোনাৰ ব্যক্তিগত তথ্য চুৰি কৰিব পাৰে আৰু আপোনাৰ আৰ্থিক লোকচানৰ কৰিব পাৰে।

ডান্স অৱ দ্য হিলাৰী (Dance of the Hillary) কি?

এইটো এটা বিপজ্জনক মেলৱেৰ যিটো ভিডিঅ’ ফাইল আৰু নথিপত্ৰৰ ৰূপত প্ৰচাৰ কৰা হৈছে। সুৰক্ষা বিশেষজ্ঞসকলে সতৰ্ক কৰি দিছে যে এবাৰ এই মেলৱেৰ আপোনাৰ ডিভাইচত প্ৰৱেশ কৰিলে ই সক্ৰিয় হ’ব আৰু আপোনাৰ বেংকিং সবিশেষ চুৰি হোৱাৰ আশংকা বৃদ্ধি পাব পাৰে। এই ভাইৰাছটোৱে আপোনাৰ ওচৰলৈ অজ্ঞাত লিংক বা সংলগ্ন ৰূপত আহিব পাৰে, যদি আপুনি tasksche.exe নামৰ ফাইল এটা পায় তেন্তে এই ফাইলটোত ক্লিক কৰাৰ ভুল নকৰিব।

Malware Attack ৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব?

  • এন্টিভাইৰাছ চফ্টৱেৰ ব্যৱহাৰ কৰক।
  • আপোনাৰ আপডেইটিং ষ্টিষ্টেম আপডেইট কৰি ৰাখক ।
  • সন্দেহজনক লিংক আৰু এটেচমেণ্টত ক্লিক নকৰিব।
  • শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰক।
  • এপ ডাউনলোড কৰাৰ সময়ত সাৱধান হওক।

চাইবাৰ ক্ৰাইম হেল্পলাইন নম্বৰ

যদি আপুনি ভুলবশতঃ কোনো অজ্ঞাত ফাইলত ক্লিক কৰে আৰু আকস্মিকভাৱে আপুনি ক্ষতিগ্ৰস্ত হয়, তেন্তে বিলম্ব নকৰাকৈ ১৯৩০ (ৰাষ্ট্ৰীয় চাইবাৰ অপৰাধ হেল্পলাইন নম্বৰ) নম্বৰত ফোন কৰক আৰু আপোনাৰ লগত ঘটা কাণ্ডৰ সবিশেষ দি অভিযোগ পঞ্জীয়ন কৰক।

লগতে পঢ়ক: মাত্ৰ ২ দিনতে পাকিস্তানৰ আত্মসমৰ্পণ! শান্তিৰ আহ্বান জনাই ক্ষতিপূৰণৰ বাবে বিচাৰিলে ঋণ…

আপোনাৰ ফেটি লিভাৰ হৈছে নেকি ! এই সমস্যা হ'লে কি কি খাদ্য খাব লাগে ? জানক
জিভা আৰু মুখৰ ভিতৰত সঘনাই ঘা হয় নেকি? জানক কোনবিধ ৰোগে দেখা দিব পাৰে
হনুমানক সন্তুষ্ট কৰিবলৈ মঙলবাৰে অৰ্পন কৰক এই বস্তু!দূৰ হ'ব সকলো সমস্যা | 0ffer tulsi to Lord Hanuman astrology can tulsi leaves be offered to Bajrangbali
আপোনাৰো ছানবাৰ্ণ হয় নেকি? জানক ইয়াৰ কাৰণ আৰু ৰক্ষা পোৱাৰ উপায় | Why sunburn happen and its preventions know in Assamese