আই পি এলত ‘ৰোকো’ৰ তীব্ৰ প্ৰতিদ্বন্দিতাঃ একেদিনাই দেখা গ’ল অভিলেখ ভঙা-পতাৰ যুঁজ…

দেওবাৰে আই পি এলত অনুষ্ঠিত হৈছিল দুখন মেচ। প্ৰথমখন মেচত আৰচিবি আৰু পঞ্জাৱ কিংছে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছিল মুম্বাই আৰু চেন্নাই। এইদৰে দিনটোত দেখিবলৈ পোৱা গৈছিল দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ খেল। অনুৰাগীৰ মন জুৰ পেলাই দুয়োগৰাকী তাৰকায়েই কালি খেলে মেচ বিজয়ী ইনিংছ।

আই পি এলত ‘ৰোকো’ৰ তীব্ৰ প্ৰতিদ্বন্দিতাঃ একেদিনাই দেখা গ’ল অভিলেখ ভঙা-পতাৰ যুঁজ…

আই পি এলত ‘ৰোকো’ৰ যুঁজ

Updated On: 

21 Apr 2025 17:23 PM

বিগত কেইবাটাও বৰ্ষ ধৰি ভাৰতীয় ক্ৰিকেট দলৰ মূল স্তম্ভ স্বৰূপ হৈ গধুৰ দায়িত্ব বহন কৰি আহিছে বিৰাট কোহলী আৰু ৰোহিত শৰ্মাই। দুয়োগৰাকী তাৰকাই ভাৰতীয় দলক সফল নেতৃত্ব দি যোৱা সময়ছোৱাত লাভ কৰিছে অত্যন্ত সফলতা। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ সমান্তৰালকৈ দুয়ো আই পি এলতো লাভ কৰিছে ব্যাপক সফলতা। দুয়োগৰাকী খেলুৱৈয়েই ইটোৰ পিছত সিটো ছিজন নিজ নিজ ফ্ৰেন্সাইজিৰ বেটিং শক্তিৰ প্ৰধান ভৰসা হিচাপে পতীয়মান হৈ আহিছে। দেখুৱাই আহিছে ৰানৰ প্ৰতি থকা অনন্য ক্ষুধা।

দেওবাৰে আই পি এলত অনুষ্ঠিত হৈছিল দুখন মেচ। প্ৰথমখন মেচত ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু আৰু পঞ্জাৱ কিংছে প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ বিপৰীতে দ্বিতীয়খন মেচত অৱতীৰ্ণ হৈছিল মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই চুপাৰ কিংছ। এইদৰে দিনটোত দেখিবলৈ পোৱা গৈছিল দুই তাৰকা বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ খেল। অনুৰাগীৰ মন জুৰ পেলাই দুয়োগৰাকী তাৰকায়েই কালি খেলে মেচ বিজয়ী ইনিংছ।

দিনটোৰ প্ৰথমখন মেচত বিৰাট কোহলীয়ে ৫৪টা বলত ৭৩ ৰানৰ এক অপৰাজিত ইনিংছ খেলি দলক জয়ী কৰাত মুখ্য ভূমিকা লয়। এই অৰ্ধশতকৰ সহায়ত বিৰাট কোহলী আই পি এলৰ ইতিহাসত ৫০ বা তাতোকৈ অধিক ৰানৰ সৰ্বাধিক ইনিংছ খেলা বেটাৰ হিচাপে পৰিগণিত হয়। এইক্ষেত্ৰত তেওঁ অষ্ট্ৰেলিয়াৰ প্ৰাক্তন তাৰকা ক্ৰিকেটাৰ ডেভিদ ৱাৰ্নাৰৰ নামত থকা অভিলেখ ভংগ কৰে।

আই পি এলত ১৫ বছৰীয়া কেৰিয়াৰত ৱাৰ্নাৰে দিল্লী কেপিটেলছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ১৮৪খন মেচত ৬৬ বাৰ ৫০ বা তাতকৈ অধিক ৰানৰ ইনিংছ খেলিছিল। আনহাতে বিৰাট কোহলীয়ে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ হৈ আই পি এলৰ ২৬০খন খেলত ৬৭ বাৰ ৫০ বা তাতকৈ অধিক ৰানৰ ইনিংছ খেলিছে। ইয়াৰ ভিতৰত আছে ৮টা শতকীয় ইনিংছো। কোহলীয়ে লগতে টি-২০ কেৰিয়াৰত ১০১টা অৰ্ধশতকেৰে ৱাৰ্ণাৰৰ নামত থকা ১০০টা অৰ্ধশতকৰ ৰেকৰ্ডো ভংগ কৰে।

কালিৰ এই ইনিংছটোৰে কোহলী মেচৰ শ্ৰেষ্ঠ নিৰ্বাচিত হয়। এইদৰে বিৰাট কোহলীয়ে আই পি এলত ১৯ সংখ্যক বাৰৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। ইয়াৰ দ্বাৰা কোহলীয়ে আই পি এলত সৰ্বাধিক প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰা ভাৰতীয় খেলুৱৈ হিচাপে ৰোহিত শৰ্মাৰ নামত থকা অভিলেখ স্পৰ্শ কৰে। পিছে কোহলীৰ এই কৃতিত্ব অধিক সময়লৈ নিটিকিল। দিনটোৰ দ্বিতীয়খন মেচতে ৰোহিতে পুনৰ অতিক্ৰম কৰে কোহলীক।

নিশা অনুষ্ঠিত হোৱা মেচখনত ৰোহিতেও চেন্নাইৰ বিপক্ষে মুম্বাইৰ জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰি মাত্ৰ ৪৫টা বলত ৭৬ ৰানৰ এক মাৰমুখী ইনিংছ খেলে। এই ইনিংছটোৰ বাবে ৰোহিত মেচখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে বিবেচিত হয় আৰু নিজৰ ২৬৪ সংখ্যক আই পি এল মেচত ২০ বাৰৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে। অৰ্থাৎ কালিৰ দিনটোতে ক্ৰিকেটপ্ৰেমীয়ে প্ৰত্যক্ষ কৰে ৰোহিত আৰু কোহলীৰ মাজত অভিলেখ ভঙা-পতাৰ প্ৰতিদ্বন্দিতা।

উল্লেখ্য যে এতিয়ালৈকে আই পি এলৰ ইতিহাসতত ২০ বা তাতকৈ অধিক বাৰ প্লেয়াৰ অৱ দ্য মেচ হিচাপে নিৰ্বাচিত হৈছে মাত্ৰ ২ গৰাকী খেলুৱৈ। এই ক্ষেত্ৰত এবি ডি ভিলিয়াৰ্ছ আছে তালিকাৰ শীৰ্ষস্থানত। তেওঁ সৰ্বাধিক ২৫ বাৰ এই সন্মান লাভ কৰিছে। ইয়াৰ পিছত আহে কেৰিবিয়ান কিংবদন্তি ক্ৰীছ গেইলৰ নাম। আই পি এলত ২২ বাৰকৈ প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল গেইল।

ব্ৰা নিপিন্ধে উৰ্ফিয়ে! আঁৰৰ কাৰণ শুনিলে আচৰিত হোৱাৰ লগতে ভাবুক হ’ব আপুনিও….
দেহৰ অতি উপকাৰী ডালিম, পিছে ডায়েবেটিছ ৰোগীৰ বাবে ই হ’ব পাৰে নেকি চিন্তাৰ কাৰণ!
ময়ূৰৰ পাখি ঘৰত ৰাখিলে কি কি সুফল পোৱা যায়? জানক সবিশেষ
পাকিস্তানৰ সমৰ্থনত থকা ৩ খন দেশ কোন কোন? য'ত ভাৰতীয় পৰ্যটকৰ সংখ্যা অধিক | Pahalgam Attack Indians go 3 countries which supported Pakistan Azerbaijan Malaysia Turkey